মহাপুৰুষ শ্ৰীশ্ৰী মাধৱদেৱ জন্মস্থানৰ মনিকুট গৃহৰ নিৰ্মাণ কাৰ্যৰ আজি শুভাৰম্ভ কৰা হয় । জন্মস্থান পৰিচালনা সমিতিৰ সভাপতি তথা মাজুলীৰ শ্ৰীশ্ৰী উত্তৰ কমলাবাৰী সত্ৰৰ সত্ৰাধিকাৰ জনাৰ্দনদেৱ গোস্বামীয়ে সম্পূৰ্ণ ধৰ্মীয় নীতি-নিয়মেৰে কীৰ্ত্তন ঘৰত গুৰু আসন প্ৰতিষ্ঠা কৰাৰ অন্তত নাম-কীৰ্ত্তন কৰি মনিকুট গৃহৰ নিৰ্মাণ কাৰ্যৰ শুভাৰম্ভ কৰে অনুষ্ঠানটিৰ অঞ্চলটোৰ যথেষ্ট সংখ্যক ভকত-বৈষ্ণৱে অংশগ্ৰহণ কৰে । উল্লেখ্য যে পুৰণি মনিকুট গৃহটিৰ স্থানত নতুনকৈ নিৰ্মাণ কৰিবলৈ লোৱা গৃহটিৰ বাবে ইতিমধ্যে অসম চৰকাৰৰ তৰফৰ পৰা আনটাইড ফাণ্ডৰ অধীনত অনুমোদন দিয়া হৈছে ২৫ লাখ টকা । প্ৰায় ৫০ লাখ টকাৰ বাজেট গ্ৰহণ কৰি আটক ধুনীয়াকৈ নিৰ্মাণ কৰিবলৈ লোৱা মনিকুট গৃহটিৰ নিৰ্মাণত লাগিবৰ বাবে সদাশয় ভকত-বৈষ্ণৱৰ পৰা সহায় সহযোগিতা বিচাৰিছে শ্ৰীশ্ৰী মাধৱদেৱ জন্মস্থান পৰিচালনা সমিতিয়ে ।কোনো সদাশয় ভকত-বৈষ্ণৱে যদি দান-বৰঙণি আগবঢ়াব বিছাৰে তেন্তে পৰিচালনা সমিতিৰ লগত পোনপটীয়াকৈ যোগাযোগ কৰিবলৈ সভাপতি জনাৰ্দনদেৱ গোস্বামীয়ে আহ্বান জনাইছে । আনহাতে শ্ৰীমন্ত শঙ্কৰদেৱৰ প্ৰপন্ন শিষ্য বহাৰপো শ্ৰীশ্ৰী মাধৱদেৱ গুৰুজনাৰ জন্মস্থান লেটেকুপুখুৰীক দেশী-বিদেশী পৰ্যটনৰ আকৰ্ষণৰ স্থলি হিচাপে গঢ়ি তুলিবৰ বাবে পদক্ষেপ গ্ৰহণ কৰিবলৈ অসম চৰকাৰৰ প্ৰতি আহ্বান জনাইছে শ্ৰীশ্ৰীমাধৱদেৱ জন্মস্থান পৰিচালনা সমিতিৰ সভাপতি তথা সত্ৰাধিকাৰ জনাৰ্দনদেৱ গোস্বামী আৰু প্ৰধান সম্পাদক মুহিৰাম শইকীয়াই ।
Trending
- Airtel Strengthens India’s Digital Future with Sovereign Telco-Grade Cloud
- কামপুৰৰ প্ৰকৃতিপ্ৰেমী দম্পতিক শ্ৰোতা সংঘৰ ৰেডিঅ’ উপহাৰ
- LIC HFL Reviews Progress of SANGAM Livelihood Project in Mizoram
- দেশৰ ভিতৰতে থানাত প্ৰথম জাতীয় পতাকা উত্তোলনৰ ইতিহাস স্মৰণ
- প্ৰাদেশীকৃত পৌৰ কৰ্মচাৰীসকলৰ বকেয়া দৰমহা শীঘ্ৰে মুকলি কৰাৰ আশ্বাস মন্ত্ৰী কৌশিক ৰায়ৰ
- উন্নত স্বাস্থ্যসেৱাৰ লক্ষ্যৰে GMCHৰ আধুনিকীকৰণৰ পৰিকল্পনা
- লেজিনেছ ছেভ-এইচ ডি এফ চিৰ নতুন সজাগতা অভিযান
- উন্নয়নমূলক সাংবাদিকতাৰ বাৰ্তা বাহক এন ই ফ’কাচ ডট কমে অতিক্রম কৰিলে সম্পূর্ণ ১০ বছৰ
- APRINS Launches Post-Flood Livelihood Restoration Initiative for Affected Families in Garmur Miri
- বন্দে মাতৰম ধ্বনিৰে মুখৰিত আকাশ – বতাহ – ভাৰতীয় বিমান বন্দৰ প্ৰাধিকৰণৰ উদ্যোগত বৰঝাৰত ৱাকাথন আৰু ত্ৰিৰংগা বাইক ৰেলী