৪০০ বিলিয়ন আমেৰিকাৰ ডলাৰ মূল্য পণ্য সামগ্ৰী ৰপ্তানি লক্ষ্যৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ভাৰ্চুৱেল বৈঠক

0 233

২০২১-২২ বিত্তীয় বৰ্ষত ভাৰতবৰ্ষৰ পৰা ৪০০ বিলিয়ন আমেৰিকান ডলাৰ মূল্যৰ পণ্য সামগ্ৰী ৰপ্তানি কৰাৰ লক্ষ্যত উপনীত হোৱাৰ উদ্দেশ্যে আজি নতুন দিল্লীত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত এখন ভাৰ্চুৱেল বৈঠক অনুষ্ঠিত হয়।কেন্দ্ৰীয় বাণিজ্য আৰু উদ্যোগ মন্ত্ৰালয়ৰ উদ্যোগত অনুষ্ঠিত এই বৈঠকৰ লক্ষ্য হৈছে ভাৰতৰ অৰ্থনৈতিক সম্প্ৰসাৰণ আৰু নিয়োজনৰ হাৰ বৃদ্ধি কৰা। বিভিন্ন খণ্ডত ভাৰতৰ পৰা ৰপ্তানি হোৱাৰ যথেষ্ট সুযোগ সম্ভাৱনা জড়িত হৈ আছে আৰু ইতিমধ্যে ধাৰাবাহিক ক্ৰমত বিভিন্ন আন্ত:ৰাষ্ট্ৰীয় বজাৰলৈ ভাৰতত উৎপাদিত সামগ্ৰী ৰপ্তানি হৈ বিদেশী মুদ্ৰাও অর্জন হৈছে।ক’ভিড মহামাৰীয়ে প্ৰভাৱিত কৰা দেশখনৰ অৰ্থনীতি পুনৰুজীৱিত কৰাৰ লক্ষ্যৰে অনুষ্ঠিত আজিৰ বৈঠকত চৰকাৰৰ বিভিন্ন গুৰুত্বপূৰ্ণ পদক্ষেপ বিষয় সন্দৰ্ভত সবিস্তাৰে আলোচনা হয়।এই দিশত কেন্দ্ৰীয় বাণিজ্যিক আৰু উদ্যোগ মন্ত্ৰালয়ে বিস্তাৰিত কৌশল প্ৰস্তুত কৰাৰ লগতে সমগ্ৰ বিষয়টো সন্দৰ্ভত নিৰীক্ষণ ব্যৱস্থাও হাতত লৈছে।ভাৰত চৰকাৰৰ বিভাগ সমূহেও বিভিন্ন অংশীদাৰৰ সহযোগত এই ক্ষেত্ৰত সক্ৰিয় ভূমিকা পালন কৰিব।ভাৰ্চুৱেল বৈঠকত প্ৰধানমন্ত্ৰী উপৰিও কেন্দ্ৰীয় বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয় মন্ত্ৰী এছ জয়শংকৰ ,বাণিজ্য আৰু উদ্যোগ মন্ত্ৰালয় মন্ত্ৰী পীয়ুষ গোয়েল প্ৰমুখ্যে কেন্দ্ৰীয় চৰকাৰৰ উচ্চপদস্থ বিষয়া সকল উপস্থিত থাকে।

Leave A Reply

Your email address will not be published.