গংগা মোহন মিলিলে স্বৰ্ণলিপি কাব্য বঁটা

0 269

আধুনিক অসমীয়া ভাষা-সাহিত্যৰ উত্তৰণ আৰু উৎকৰ্ষৰ হকে বিগত দহটা বছৰে নিৰৱচ্ছিন্নভাৱে আৰু একক প্ৰচেষ্টাৰে নিয়মীয়াকৈ অৰিহণা যোগোৱা ” স্বৰ্ণলিপি ” আলোচনীয়ে কালি কাব্য বঁটা ঘোষণা কৰিছে ৷ সৃষ্টিশীল লেখকক অত্যন্ত সচেতনধৰ্মিতাৰে মঞ্চ প্ৰদান কৰা স্বৰ্ণলিপি এই বঁটাৰে বৌদ্ধিকভাৱে সকলোকে উৎসাহিত কৰিব ৷ এক  বিচাৰকমণ্ডলীয়ে  নবীন প্ৰতিভাশালী লেখকক বাছনি কৰে৷ তেনে এক প্ৰক্ৰিয়াৰেই ” দিচাংমুখৰ এবাটি আপং খ্যাত বিশিষ্ট কবি গংগামোহন মিলিলৈ এইবাৰ আগবঢ়োৱা হৈছে  স্বৰ্ণলিপি কাব্য বঁটা ২০২০৷
১৯৬৮ চনত শিৱসাগৰত জন্ম গ্ৰহণ কৰা গংগামোহনে শৈশৱৰে পৰা নিজৰ বহুমুখী প্ৰতিভাৰ পৰিচয়ৰে অনন্য কুচ্ছ্ৰসাধনাত ব্ৰতী হৈ কাব্য সৃষ্টিতেই সম্পূৰ্ণৰূপে মনোনিবেশ কৰি নিজৰ এক সুকীয়া শৈলীয়ে অসমীয়া কাব্য সাহিত্য জগতত এক বিশেষ স্থান অধিকাৰ কৰিবলৈ সমৰ্থ হৈছে ৷
দিচাংমুখৰ এবাটি আপং কাৰ্বি ভাষালৈ অনুদিত হৈছে আৰু তেওঁ ইতিমধ্যে ৰাম গগৈ সোঁৱৰণী বঁটা আৰু মুনীন বৰকটকী বঁটাকে ধৰি কেইবাটাও সন্মানেৰে অভিনন্দিত হৈছে ৷
২২ মাৰ্চ ২০২০ তাৰিখে অসম প্ৰকাশন পৰিষদৰ দ্বাৰা গুৱাহাটীৰ চান্দমাৰীত আয়োজিত ” গুৱাহাটী গ্ৰন্থমেলা ” ৰ প্ৰেক্ষাগৃহত শিক্ষাবিদ সাহিত্যাচাৰ্য ডঃ পৰাগ কুমাৰ ভট্টাচাৰ্যৰ পৌৰহিত্যত অনুষ্ঠিত হ’বলগীয়া বঁটা প্ৰদানৰ এক বিশেষ অনুষ্ঠানত বিশিষ্ট অতিথি কৃষ্ণকান্ত সন্দিকৈ ৰাজ্যিক মুক্ত বিশ্ববিদ্যালয়ৰ নৱনিযুক্ত উপাচাৰ্য শিক্ষাবিদ ডঃ কন্দৰ্প দাস , অসম প্ৰকাশন পৰিষদৰ সচিব প্ৰমোদ কলিতা আৰু মুখ্য অতিথি অসম সাহিত্য সভাৰ ভূতপূৰ্ব সভাপতি , সম্প্ৰতি সাহিত্য অকাদেমীৰ কাৰ্য্যকৰী সমিতিৰ সদস্য তথা অসমীয়া ভাষা উপদেষ্টা পৰিষদৰ আহ্বায়ক বিশিষ্ট সাহিত্যিক ডঃ ধ্ৰুৱজ্যোতি বৰাৰ স্বৰ্ণাভ স্পৰ্শেৰে উক্ত স্বৰ্ণলিপি কাব্য বঁটা প্ৰদান কৰা হ’ব ৷

Leave A Reply

Your email address will not be published.