অহা ২৬ জানুৱাৰীত সমগ্র দেশে গণতন্ত্র দিৱস পালন কৰিব।মহানগৰীৰ খানাপাৰাতো কেন্দ্রীয়ভাৱে অনুষ্ঠিত কৰাৰ প্ৰস্তুতি অব্যাহত আছে।খানাপাৰাৰ গণতন্ত্র দিৱসৰ প্ৰস্তুতি সম্পর্কে আজি কামৰূপ জিলা উপায়ুক্ত কাৰ্যালয়ত অনুষ্ঠিত এক সংবাদমেলত জিলা উপায়ুক্ত বিশ্বজিৎ পেগুৱে কয় যে পেৰেড গ্ৰাউণ্ডত তিনি তৰপীয়া নিৰাপত্তা ব্যৱস্থা গঢ়ি তোলা হৈছে।এইবাৰ গণতন্ত্র দিৱসত অসম ৰাইফলছে সমৰকলা প্ৰদৰ্শন কৰিব।ইয়াৰ উপৰিও বিশেষভাৱে সক্ষম লোকসকলৰ বাবে বিশেষ শিবিৰৰ ব্যৱস্থা কৰা হৈছে।লগতে তেখেতে কয় যে বিদ্যালয় পৰ্যায়ৰ ছাত্র-ছাত্ৰী সকলৰ মাজত কুইজ প্ৰতিযোগিতা অনুষ্ঠিত হ’ব।১০০ বছৰৰ উৰ্ধৰ ব্যক্তি সকলক বিশেষভাৱে নিমন্ত্রণ প্ৰদান কৰিব।ইয়াৰ সমান্তৰালভাৱে বিভিন্ন সাংস্কৃতিক অনুষ্ঠান অনুষ্ঠিত কৰিব।আৰু সকলোকে গণতন্ত্র দিৱসৰ কাৰ্যসূচী উপভোগ কৰিবলৈ আমন্ত্রণ জনায়।
Trending
- Assam–Arunachal Border Talks: 5th Regional Committee Meeting Charts Path to Resolution
- অসম আৰু উত্তৰ-পূৰ্বাঞ্চলৰ গ্ৰাহকক অনলাইন প্ৰৱঞ্চনাৰ পৰা ৰক্ষা কৰিবলৈ ভাৰতী এয়াৰটেলৰ অনন্য প্ৰচেষ্টা
- ৰাইজৰ সুবিধাৰ বাবে বন বিভাগৰ ৱেব পৰ্টেল আৰু ম’বাইল এপ মুকলি
- বি আৰ অৰ পূৱ মণ্ডলৰ এ ডি জি হিচাপে জীতেন্দ্ৰ প্ৰসাদৰ কাৰ্যভাৰ গ্ৰহণ
- মুখ্যমন্ত্ৰীৰ সপোনৰ প্ৰকল্প – ব্ৰহ্মপুত্ৰৰ ওপৰত শুৱালকুচি – পলাশবাৰী সংযোগী দলঙৰ মাজিৰগাঁওৰ পৰা বিমানবন্দৰৰ সমীপলৈ নিৰ্মাণ হাইস্পীদ চাৰিলেনযুক্ত পথ সুকীয়াকৈ থাকিব
- Inauguration of Common Facility Center (CFC) under PM-DevINE Scheme at Chümoukedima, Nagaland
- চলিত মাহতে নথিপত্ৰ সঠিক কৰি লৈহে বাহন চলাওক- অসমত চলাচল কৰা বৰ্হিৰাজ্যৰ বাহন অসমৰ পৰিবহণ বিভাগত পঞ্জীয়ন কৰাৰ আহ্বান
- আজাৰা কাঁহিকুছিৰ কৃষি বিজ্ঞান কেন্দ্ৰ, কামৰূপলৈ দেশৰ শ্ৰেষ্ঠ কৃষি বিজ্ঞান কেন্দ্ৰৰ বঁটা
- ভূটানৰ গেলেফু মাইণ্ডফুলনেছ চিটিৰ প্ৰতিনিধি দলৰ হয়গ্ৰীৱ মাধৱ মন্দিৰ আৰু আই আই টি-গুৱাহাটী ভ্ৰমণ
- ভাৰত-ডেনমাৰ্কৰ দ্বিপাক্ষিক সম্পৰ্কৰ সফলতাই বিশ্বৰ সামুদ্ৰিক খণ্ডক এক নতুন গতি দিব: কোপেনহেগেন বিজনেছ স্কুলত ব্লু এম বি এ-ৰ প্ৰতিভাসমূহক সম্বোধন কৰে কেন্দ্ৰীয় মন্ত্ৰী সোণোৱালে