এইবাৰ নতুন দিল্লী অনুষ্ঠিত হ’ব লগা গণৰাজ্য দিৱসৰ কাৰ্যসূচীত ৰাষ্ট্ৰীয় শিক্ষাৰ্থী বাহিনীৰ উত্তৰ-পূব মণ্ডলৰ পৰা স্থল,নৌ আৰু বায়ু শাখাৰ ১১৬ জন কেডেটে অংশগ্ৰহণ কৰিব ।গুৱাহাটীৰ নাৰেংগী চাউনীত ৯ ডিচেম্বৰৰ পৰা অনুষ্ঠিত প্ৰাক গণৰাজ্য দিৱসৰ চূড়ান্ত আখৰাত অসমকে ধৰি উত্তৰ-পূবৰ সাতোখন ৰাজ্যৰ তিনিওটা শাখাৰ ২৭২ জন কেডেটৰ পৰা এই কাৰ্যসূচীত ভাগ ল’বলগীয়া কেডেটৰ দলটো নিৰ্বাচন কৰা হয়।অহা ২৯ ডিচেম্বৰত চূড়ান্ত আখৰা সামৰণি পৰিব আৰু সেইদিনাই গুৱাহাটীৰ পৰা ৰেলযোগে নিৰ্বাচিত দলটো দিল্লীৰ অভিমুখে যাত্ৰা কৰিব।আনহাতে ২৪ ডিচেম্বৰত এন চি চি ৰ শ্বিলংস্থিত উত্তৰ-পূব মণ্ডল সঞ্চালকালয়ৰ অতিৰিক্ত সঞ্চালক প্ৰধান মেজৰ জেনেৰেল বিপিন বাগচীয়ে নাৰেংগী সেনা চাউনীত চলি থকা প্ৰাক গণৰাজ্য দিৱসৰ চূড়ান্ত শিবিৰ পৰিদৰ্শন কৰে।পৰিদৰ্শন কালত কেডেট সকলৰ অভিবাদন গ্ৰহণ কৰি মেজৰ জেনেৰেল বিপিন বাগচীয়ে নতুন দিল্লীত গণৰাজ্য দিৱসৰ কাৰ্যসূচীত যাতে উন্নত প্ৰদৰ্শনৰে নিজৰ লগতে উত্তৰ পূবলৈ গৌৰৱ কঢ়িয়াই আনিব পাৰে তাৰ কামনা কৰে।পৰিদৰ্শন কালত মুখ্য প্ৰশিক্ষণ বিষয়া বিপ্ৰেডিয়াৰ বি পি পালকে ধৰি নাৰেংগী সেনা চাউনীৰ কেইবাগৰাকী বিষয়া উপস্থিত থাকে।উল্লেখযোগ্য যে নতুন দিল্লীত উত্তৰ পূব কেডেটৰ দলটোৱে গাৰ্ড অব অনাৰ,ৰাজপথ ড্ৰীল,প্ৰধানমন্ত্ৰী ৰেলী,ফায়াৰিং,ফ্লেগ এৰিয়া প্ৰদৰ্শন,সাংস্কৃতিক অনুষ্ঠানকে ধৰি বিভিন্ন কাৰ্যসূচীত অংশগ্ৰহণ কৰিব।
Trending
- কাঁহিকুছিস্থিত গোলাপ বৰবৰা ৰাজ্যিক পঞ্চায়ত আৰু গ্ৰামোন্নয়ন প্ৰতিষ্ঠানত আয়োজিত পঞ্চায়তৰ সভাপতি সকলৰ প্ৰশিক্ষণ কাৰ্যসূচী মুকলি কৰিলে ৰাজ্য চৰকাৰ পঞ্চায়ত আৰু গ্ৰামোন্নয়ন আদি বিভাগৰ মন্ত্ৰী ৰণজিৎ কুমাৰ দাসে
- এইচ ডি এফ চি বেংক ‘পৰিৱৰ্তনে দক্ষতা বিকাশ আৰু জীৱিকা প্ৰসাৰ কাৰ্যসূচীৰ অধীনত ৭.২ লাখৰো অধিক যুৱক-যুৱতীক প্ৰশিক্ষণ প্রদান
- ৰাণী সাহিত্য সভাৰ দিনযোৰা কাৰ্যসূচীৰে দ্বি-বাৰ্ষিক অধিৱেশন সম্পন্ন
- গুৱাহাটী প্ৰেছ ক্লাবত সাপ্তাহিক কবচৰ ২৯ তম্ বৰ্ষপূৰ্তি উদযাপন
- ধাৰাপুৰত ১৫ দিনীয়া গ্ৰীষ্মকালীন নাট কৰ্মশালা আৰম্ভ
- Brahmaputra Conclave on Balancing Development and Ecology Held in Guwahati
- ৰাণীৰ এলিফেণ্ট কৰিডৰত হাতীৰ সুৰক্ষামূলক ফলক স্থাপন
- গুৱহাটী বিশ্ববিদ্যালয় এন এছ এছ কোষৰ উদ্যোগত বন মহোৎসৱ পালন
- গুৱাহাটীত ৩২তম অসম ৰাজ্যিক একুৱেটিক চেম্পিয়নশ্বিপ
- KARGIL MARTYR CAPT JINTU GOGOI, VrC REMEMBERED ON 26th MARTYRDOM DAY