গুৱাহাটীৰ পশ্চিম প্ৰান্তৰ আজাৰাস্থিত গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ৰ চেন্টাৰ ফৰ লিগেল ষ্টাডিজৰ উদ্যোগত ১৩ এপ্ৰিলত ‘লেক্স ইম্পেৰিয়াম মুট কোর্ট’ প্রতিযোগিতাৰ আয়োজন কৰা হয়।দিছপুৰ আইন মহাবিদ্যালয়ৰ সহযোগত অনুষ্ঠিত এই অনুষ্ঠানত অসম আৰু মেঘালয়ৰপৰা মুঠ ১৮টা দলে নিজৰ আইন পাঠ্যক্ৰমৰ আৰু যুক্তিৰ দক্ষতা প্রদর্শন কৰে। প্ৰতিযোগিতাখনৰ বিচাৰক হিচাপে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ জ্যেষ্ঠ অধিবক্তা ছৰফৰাজ নৱাজ, কিশোৰ কলিতা আৰু এ এছ তপাদাৰ উপস্থিত থাকে। আনহাতে অনুষ্ঠানটো উদ্ধোধন কৰে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ কল্যাণ ৰায় ছুৰানাই । অনুষ্ঠানত সম্মানীয় অতিথি হিচাপে ভাগ লৈ ন্যায়াধীশ ছুৰানাই অধিবক্তা হিচাপে অধ্যয়ন আৰু বাস্তৱ জগতৰ আইনী প্রত্যাহ্বানৰ বাবে ছাত্র-ছাত্রীক প্ৰস্তুত কৰাত ‘মুট কোর্ট’ প্রতিযোগিতাৰ গুৰুত্বৰ বিষয়ে আলোকপাত কৰে। অনুষ্ঠানৰ আৰম্ভণিতে আদৰণি ভাষণ প্ৰদান কৰে শ্ৰীমন্ত শংকৰ একাডেমী ছ’চাইটীৰ সভাপতি যশোদাৰঞ্জন দাসে । ইয়াৰ উপৰিও গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ৰ আচার্য অধ্যাপক জয়ন্ত ডেকাই জ্ঞান বৃদ্ধিৰ প্রতি শৈক্ষিক দায়বদ্ধতাৰ বিষয়ে উল্লেখ কৰে। তদুপৰি বিশ্ববিদ্যালয়খনৰ উপাচাৰ্য অধ্যাপক কন্দর্প দাসে আইনী প্রতিভাক আগুৱাই লৈ যোৱাত শিক্ষার্থীৰ ভূমিকাৰ কথা উল্লেখ কৰে। অনুষ্ঠানত বহু সংখ্যক ছাত্ৰ – ছাত্ৰী উপস্থিত থাকে।
Trending
- চিন্তাবিদ – সমালোচক ডঃ হীৰেন গোঁহাইসহ চাৰিগৰাকী সাহিত্যিক- শিল্পীলৈ সাহিত্য সাধনা মঞ্চ অসমৰ সন্মান
- চিত্ৰশিল্পী-কবি ৱাহিদা আহমেদৰ কাব্যগ্ৰন্থ এশ বিয়োগ এক উন্মোচন
- জ্ঞানমালিনী সাহিত্য সভাৰ আজীৱন সভ্য ভৰ্ত্তি অভিযান
- এয়াৰটেলৰ গ্ৰাহকৰ বাবে বিশেষ সুবিধা
- সাংসদ গৌৰৱ গগৈৰ দাবীৰ প্ৰতি সঁহাৰি ৰেলৱে বোৰ্ডৰ -ডুমডুমা ৰেলৱে ষ্টেচন পুনৰ মুকলি কৰি যাত্ৰী সংৰক্ষণ ব্যৱস্থা(passenger reservation system) স্থাপনৰ দাবীক মান্যতা
- সদৌ অসম সাংবাদিক সন্থা(আজু)ৰ নগাঁও জিলা সমিতিৰ জিলা আয়ুক্ত দেৱাশীষ শৰ্মাক সম্বৰ্ধনা
- তামুলপুৰত লোন মেলা সম্পন্ন
- মালিগাঁৱত ৰে’লৱেৰ এছচি আৰু এছ টি এম্পলয়িজ এছ’চিয়েচনৰ গ্ৰীষ্মকালীন শিবিৰৰ সামৰণি
- মিডিয়া এছ’চিয়েছন, অসমৰ উদ্যোগত মহীৰূহ সাংবাদিক কনকসেন ডেকাৰ ৯৩ সংখ্যক জন্ম জয়ন্তী পালন
- ডং বান্ধ সন্দৰ্ভত মন্ত্ৰী অশোক সিংহলৰ গুৰুত্বপূর্ণ সভা-ডাঃ ৰবি বড়ো অসামৰিক চিকিৎসালয়ত মন্ত্ৰী অশোক সিংহলৰ আকস্মিক পৰিদৰ্শন