তামুলপুৰ জিলা প্ৰশাসনৰ উদ্যোগত আৰু “তামুলপুৰ গ’ল্ড” নামৰ এক বিশেষ প্ৰকল্পৰ অধীনত আজি তামুলপুৰ জিলাৰ কচুবাৰীস্থিত মহাপ্ৰভু শ্ৰীশ্ৰীগোপাল আৰু জগন্নাথ থান সত্ৰৰ সভাগৃহত এখনি লোন মেলা অনুষ্ঠিত হয়। মেলাখন মুকলি কৰি জিলা আয়ুক্ত পংকজ চক্ৰৱৰ্তীয়ে কয়, “প্ৰকৃত ব্যৱসায়ী হ’লে বেংকৰ লগত লেনদেন কৰিবই লাগিব। তেওঁ যিমান টকাই বেংকত জমা নাৰাখক, তেওঁ যদি লেনদেনেই নকৰে, তেওঁ কেতিয়াও উদ্যোগী বা ব্যৱসায়ী হ’বই নোৱাৰে।” লগতে বেংকসমূহকো তেওঁ ঋণ প্ৰদান কৰিবলৈ আগবাঢ়ি আহিবলৈ আহ্বান জনায়। আনহাতে ঋণৰ কিস্তিসমূহ সময় মতে পৰিশোধ কৰিবলৈ তেওঁ উদ্যোগীসকলক আহ্বান জনোৱাই নহয়, যিসকলে ঋণ সময় মতে পৰিশোধ নকৰে, তেওঁলোকৰ বিৰুদ্ধে বাকীজাই গোচৰ তৰাৰ ক্ষেত্ৰতো গুৰুত্ব আৰোপ কৰে। নৱগঠিত জিলাখনৰ সৰ্বাংগীণ উন্নয়নৰ হেতু নিবনুৱা যুৱক-যুৱতী তথা উদ্যোগী পুৰুষ-মহিলা সকলোৱে ঋণ গ্ৰহণ কৰি নিজৰ নিজৰ ব্যৱসায়, উদ্যোগ আদি আগবঢ়াই লৈ গৈ স্বাৱলম্বী হোৱাৰ লগতে জিলাখনকো আগবঢ়াই লৈ যাবলৈ জিলা আয়ুক্তগৰাকীয়ে আহ্বান জনায়। অসম ৰাজ্যিক জীৱিকা অভিযান, কৃষি, পশুপালন, মীন, হস্ত-তাঁত (মুদ্ৰা লোন), উদ্যোগ আৰু বাণিজ্য, বিদ্যুৎ পৰিষদ (সূৰ্যঘৰ লোন) আদি বিভাগৰ সহযোগত আজি অনুষ্ঠিত এই লোন মেলাত সৰ্বমুঠ ৪৩ কোটি টকাৰ ৯৩১টা ঋণ মঞ্জুৰ কৰা হয়। তাৰ ভিতৰত ৩৭.২০ কোটি টকাৰ ঋণ বিতৰণ কৰা হয়। উল্লেখ্য যে আজিৰ লোন মেলাত এছ বি আই, কানাড়া, ইউকো, এক্সিস, অসম গ্ৰামীণ বিকাশ বেংককে ধৰি ৮টা বেংকে অংশগ্ৰহণ কৰে। আনহাতে অতিৰিক্ত আয়ুক্ত ডঃ দীপাংকৰ নাথ, পাৰিষদ হেমন্ত কুমাৰ ৰাভা, ষ্টেট বেংক অৱ ইণ্ডিয়াৰ এল ডি এম জ্যোতিপ্ৰকাশ মিত্ৰ, নাবাৰ্ডৰ জিলা উন্নয়ন বিষয়া উৎপল বেজবৰুৱা, তামোল প্লেট প্ৰাঃ লিঃৰ বিষয়া দেৱলীনা ৰয়, জিলা প্ৰশাসনৰ একাংশ বিষয়া-কৰ্মচাৰী, আত্মসহায়ক গোটৰ সদস্য আদি উপস্থিত থাকে বুলি মহকুমা তথ্য আৰু জনসংযোগ বিষয়া বিজয় বেজবৰুৱাই জনাইছে।
Trending
- এয়াৰটেলৰ সৈতে ইউটিউবৰ অংশীদাৰিত্ব: প্ৰিপেইড গ্ৰাহকৰ বাবে ইউটিউব প্ৰিমিয়ামৰ সুবিধা
- পৰিৱেশ সংৰক্ষণৰ লক্ষ্যৰে উত্তৰ-পূব সীমান্ত ৰেলৱেৰ ১২ খনতকৈ অধিক যাত্ৰীবাহী ৰে’ল বৈদ্যুতিক ট্রেকচনলৈ পৰিবৰ্তন
- সতৰ্কতা সজাগতা অভিযানত পথিকৰ উদ্যোগত চি আৰ পি এফৰ গুৱাহাটী গ্ৰুপ চেণ্টাৰত বাটৰ নাট প্ৰদৰ্শন
- দিহানামক বিশ্বৰ দৰবাৰলৈ নিয়াৰ লক্ষ্যৰে সমন্বয়ৰ বার্তা বিলাইছে জালুকবাৰীৰ খানামুখৰ জ্ঞানমালিনী বিকশিত নামতি দলে
- Sainik school Goalpara crowned Assam State champion of WWFs wild wisdom Global challenge
- একক খেতিৰ পৰিৱৰ্তে বছৰত ২-৩ টা খেতি কৰাৰ লগতে উদ্যান শস্যত বিশেষ গুৰুত্ব প্ৰদান কৰিবলৈ কৃষকসকলক আহ্বান মন্ত্ৰী হাজৰীকাৰ
- সুৰক্ষিত আৰু শক্তিশালী অসমৰ সংকল্পৰে গুৱাহাটীত অগপৰ প্ৰতিষ্ঠা দিৱসৰ বৰ্ণাঢ্য কাৰ্যসূচী
- মন্ত্রী বিশ্বজিৎ দৈমাৰীৰ পৌৰোহিত্যত খেল মহাৰণ ৩.০ – শিশু ক্ৰীড়া সমাৰোহৰ প্ৰস্তুতি পৰ্যালোচনা
- শ্ৰীমন্ত শংকৰ একাডেমীৰ উদ্যোগত গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ত দুদিনীয়া কাৰ্যসূচীৰে ঐতিহ্য মহোৎসৱ উদযাপন
- পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ প্ৰয়াত ৩৪ গৰাকী ঠিকাভিত্তিক কৰ্মচাৰীৰ পৰিয়াললৈ ১.৭০ কোটি টকাৰ এককালীন আৰ্থিক সাহায্য