গ্রীষ্ম বন্ধৰ সময়চোৱাত শিশু ছাত্র-ছাত্ৰীসকলৰ মাজত থকা সৃজনীমূলক প্রতিভাসমূহ বিকশিত কৰাৰ লক্ষ্যৰে নিখিল ভাৰত এছ চি আৰু এছ টি ৰে’লৱে এছ’চিয়েচৰ এন এফ ৰেলৱে মণ্ডলৰ সভাপতি ৰিংকুমণি বৈশ্য আৰু সম্পাদক তাৰিণী চৰণ দাসৰ নেতৃত্বত, মহিলা শাখাৰ উদ্যোগত ৰে’ল নগৰী মালিগাঁৱৰ ষ্টেডিয়ামৰ গাতে লগা জুনিয়ৰ ছিনিয়ৰ ইনষ্টিটিউটত ১৫ জুলাইৰ পৰা পৰা তিনিদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত শিক্ষামূলক গ্রীষ্মকালীন শিবিৰৰ আজি সামৰণি পৰে। মূলত ৩ৰ পৰা ১৩ বছৰ বয়সৰ শিশু ছাত্র-ছাত্ৰীসকলৰ মাজত থকা সুপ্ত প্রতিভাসমূহ বিকশিত কৰাৰ বাবে তিনিদিনীয়া শিবিৰত চিত্ৰাংকণ , এৰোবিক , নৃত্য , মনোৰঞ্জনমূলক খেল, চাট মেকিং আদিৰ আয়োজন কৰা হৈছিল। ১৫ জুলাইৰ দিনা বন্তি প্রজ্বলনৰে শিবিৰ মুকলি কৰিছিল এন এফ ৰেলৱেৰ মুখ্য তদাৰকী বিষয়া শান্তি প্ৰসাদ বেগে। আনহাতে তিনিদিনীয়া গ্ৰীষ্মকালীন শিবিৰত মুঠ ১৩০ জন শিশুৱে ভাগ লোৱা শিবিৰটো পৰিচালনা কৰিছিল মহিলা শাখাৰ সভানেত্ৰী কানন দাস আৰু উপ সভানেত্রী সীমা খানে । আজি বিয়লি শিবিৰৰ সামৰণিৰ লগত সংগতি ৰাখি অনুষ্ঠিত সভাত ৰেলৱেৰ যিসকল মেধাৱী শিক্ষাৰ্থীয়ে চিকিৎসা বিজ্ঞান আৰ অভিযান্ত্ৰিকৰ নামভৰ্তিৰ বাছনি পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হৈছিল তেনে সাতজন শিক্ষাৰ্থীক সম্বৰ্ধনা জনোৱা হয়। সম্বর্ধিত শিক্ষাৰ্থী সকল হল ক্ৰমে – চিন্ময় কাশ্যপ , অবিনাশ পেগু, তুলসী শ্বাহ, প্ৰাকৃতিশ বসুমতাৰী , শুভম কিশোৰ বৈশ্য , বেদ আদিত্য কলিতা আৰু জুনাক শংকৰ শৰ্মা । আনহাতে সভাত বিশিষ্ট অতিথি হিচাপে ৰেলৱে বৰ্ডৰ কাৰ্যবাহী সঞ্চালক প্ৰমোদ কুমাৰ চাফি, এন এফ ৰেলৱেৰ প্ৰধান মুখ্য কাৰ্মিক বিষয়া ত্ৰিকালজ্ঞ ৰাভা ,মূখ্য কাৰ্মিক বিষয়া টি গোমেই আৰু গুৱাহাটী পৌৰ নিগমৰ ৯ নং ৱাৰ্ডৰ পাৰিষদ অৰ্চনা দাসে ভাগ লৈ গ্ৰীষ্ম বন্ধৰ লগত সংগতি ৰাখি শিশু ছাত্র-ছাত্রী সকলৰ মাজত থকা সুপ্ত প্রতিভাসমূহ বিকশিত কৰাৰ লক্ষ্যৰে এনে ধৰণৰ কৰ্মশালা অনুষ্ঠিত কৰা বাবে মহিলা শাখাৰ শলাগ লয়। আনহাতে এছ চি, এছ টি এছ’চিয়েচনৰ সভাপতি ৰিংকুমণি বৈশ্যই আঁত ধৰা সভাত সভাপতিত্ব কৰে সাধাৰণ সম্পাদক তাৰিণী চৰণ দাসে। সভাত মহিলা শাখাৰ সভানেত্ৰী কানন দাস, উপ সভানেত্রী সীমা খানকে ধৰি কেবাজনো কর্মকর্তা , বাইহাটা চাৰিআলিৰ সমীপৰ মুক্তাপুৰস্থিত হেমলতা পাব্লিক স্কুলৰ অধ্যক্ষা ডঃ আটলাল্টা চৌধুৰীকে ধৰি কেবাজনো বিশিষ্ট লোক উপস্থিত থাকে।
Trending
- Prime Minister of Bhutan visits Assam
- গুৱাহাটী বিশ্ববিদ্যালয়ত পদ্মভূষণ পুষ্পলতা দাস স্মাৰক বক্তৃতানুষ্ঠান
- জন্মদিনত ১০ জন কৃষকক হাতী খেদাৰ বাবে ১০ টা টৰ্ছ আৰু পাটগাওঁ প্ৰাথমিক বিদ্যালয়ত ৩ যোৰ ডেস্ক- বেঞ্চ প্ৰদান প্ৰদান সমাজকৰ্মী বলেশ্বৰ ৰংপীৰ
- Assam CM meets Nirmala Sitharaman, discusses state’s growth roadmap
- এয়াৰটেলৰ পোষ্টপেইডে নেটৱৰ্কৰ সমস্যা সমাধান কৰে
- কৃষি বিজ্ঞান কেন্দ্ৰত কৃষক সজাগতা সভা সম্পন্ন
- Guwahati Hosts Industry 4.0 Dental 3D Printing Workshop
- District Development Committee Meeting Reviews Key Schemes in Kamrup
- উচ্চ আৰু উচ্চতৰ মাধ্যমিক পৰীক্ষাত সুখ্যাতিৰে উৰ্ত্তীণ দৃষ্টিহীন ছাত্ৰ-ছাত্ৰীক সম্বৰ্ধনা
- চৰকাৰী আয়ুৰ্বেদিক মহাবিদ্যালয়ত বাৰ্ষিক বঁটা বিতৰণী সভা সম্পন্ন