সদৌ অসম সাংবাদিক সন্থা(আজু)ৰ নগাঁও জিলা সমিতিয়ে আজি নৱনিযুক্ত নগাঁও জিলা আয়ুক্ত দেৱাশীষ শৰ্মাক সম্বৰ্ধনা জনায়। আজুৰ নগাঁও জিলাৰ সভাপতি ৰাজীৱ কুমাৰ নেওগ, কাৰ্যকৰী সভাপতি ঘনকান্ত বৰা, সাধাৰণ সম্পাদক ছফিকুৰ ৰহমান, কেন্দ্ৰীয় কাৰ্যনিৰ্বাহ সদস্য ফাইজুৰ ৰহমানৰ লগতে বটদ্ৰৱা, ধিং, ৰহা, কামপুৰ, কচুৱা, কঠিয়াতলী, চামগুৰি, নগাঁও, জাজৰি, বেবেজীয়া আদি বিভিন্ন অঞ্চলৰ কুৰিজনীয়া সাংবাদিকৰ দলে বিয়লি জিলা আয়ুক্তৰ কাৰ্যালয়ত উপস্থিত হৈ গামোছা, স্মাৰক, গ্ৰন্থৰ টোপোলা, সম্বৰ্ধনা পত্ৰৰে আয়ুক্ত গৰাকীক আদৰণি জনাই। সম্বৰ্ধনা গ্ৰহণ কৰি আজুৰ সদস্য সকলৰ প্ৰতি কৃতজ্ঞতা প্ৰকাশ কৰি তেওঁ এক আলোচনাত মিলিত হয়। নগাঁও জিলাৰ বিভিন্ন অঞ্চলৰ শিক্ষা, স্বাস্থ্য, যোগাযোগ, নিচাযুক্ত দ্ৰব্যৰ অবাধ প্ৰচলন আদি ৰাজহুৱা স্বাৰ্থজনিত বিভিন্ন বিষয়ৰ সমস্যা সমূহৰ বিষয়ে আলোচনা কৰি ইয়াৰ তাৎক্ষণিক সমাধানৰ বাবে ব্যবস্থা গ্ৰহণৰ আশ্বাস প্ৰদান কৰে। ইফালে আজুকে ধৰি নগাঁও জিলাৰ সাংবাদিক সকলে গঠনমূলক সংবাদ পৰিৱেশনৰ যোগেদি এখনি সুস্থ সমাজ গঢ়াৰ ক্ষেত্ৰত যি সক্ৰিয় ভূমিকা পালন কৰি আহিছে তাৰ বাবে আয়ুক্ত শৰ্মাই সকলোকে ধন্যবাদ জ্ঞাপন কৰি ভবিষ্যতৰ দিনত সহায় সহযোগিতা আৰু পৰামৰ্শ কামনা কৰে। উল্লেখ্য যে, আজুৰ নগাঁও জিলা সমিতিৰ উক্ত প্ৰতিনিধি দলটোত দিব্যজ্যোতি বৰুৱা, ৰাহুল দেৱ বৰদলৈ, দিব্যজ্যোতি বৰঠাকুৰ, তিলেশ্বৰে দাস, বেদব্ৰত ৰাজা, দুলাল শৰ্মা, গকুল ভাৰতী, নিপেন হাজৰিকা, প্ৰমোদ শৰ্মা, ৰাজীৱ গায়ন, ছাইদুল ইছলাম, কমলেশ্বৰ কাশ্যপকে আদি কৰি কুৰি গৰাকী সাংবাদিক উপস্থিত থাকে।
Trending
- Emergency Flood Preparedness Meeting Held in Kamrup
- ৰাজ্যৰ পাঁচ জিলাৰ স্বাস্থ্য ব্যৱস্থাৰ বিস্তৃত পৰ্যালোচনা : গুণগত আৰু সুলভ স্বাস্থ্যসেৱা নিশ্চিতকৰণত গুৰুত্ব মন্ত্ৰী অশোক সিংহলৰ
- এয়াৰটেল হটস্পট সেৱাৰ গতি অব্যাহত
- Agriculture Minister Pijush Hazarika distributes MMUA cheques to 22,818 beneficiaries in Dhing
- ধুবুৰী, কোকৰাঝাৰকে ধৰি পাঁচখন জিলাৰ স্বাস্থ্য ব্যৱস্থাৰ পৰ্যালোচনা
- বিশ্বকাপৰ উন্মাদনাৰ মাজতে গুৱাহাটীত সাংবাদিকৰ দুভৰিৰ যাদু
- Agriculture Minister Pijush Hazarika visits Khumtai constituency in Golaghat and takes stock of projects, interacts with farmers
- অসম চৰকাৰ শিল্প, বাণিজ্য আৰু ৰাজহুৱা উদ্যোগ বিভাগ উদ্যোগত মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম অভিযান
- ২০ জুলাইৰ পৰা লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তৰ্জাতিক বিমানবন্দৰৰ নতুন টার্মিনেলত আৰম্ভ হ’ব ইণ্ডিগ’ৰ বিমান সেৱা
- NSE signs strategic collaboration with Augmont to strengthen India’s Electronic Gold Receipts (EGR) ecosystem