গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ত পি এম এছ এইচ আৰ ই বিদ্যালয়ৰ অধ্যক্ষ আৰু শিক্ষকসকলৰ বাবে আয়োজিত তিনিদিনীয়া ‘ইন’ভেশ্যন ডিজাইন এণ্ড এণ্ট্ৰপ্ৰিনিউৰশ্বিপ’ বুটকেম্পৰ আজি সামৰণি পৰে । অসমৰ শিক্ষা খণ্ডৰ বাবে এই বুটকেম্প এক গুৰুত্বপূৰ্ণ মাইলৰ খুঁটি হিচাপে বিবেচিত হয় । অসমৰ বিভিন্ন প্ৰান্তৰ ১৯০ জনতকৈও অধিক নিষ্ঠাবান শিক্ষক আৰু অধ্যক্ষই এই প্ৰশিক্ষণ কাৰ্যসূচীত অংশগ্ৰহণ কৰে। ৰাষ্ট্ৰীয় শিক্ষা নীতি ২০২০-ক কাৰ্যকৰী কৰি শিক্ষাৰ্থীৰ মাজত মুখস্থ বিদ্যাৰ পৰিৱৰ্তে কৌতুহল আৰু সৃষ্টিশীল সমস্যা সমাধানৰ সংস্কৃতি গঢ়ি তোলাৰ লক্ষ্যৰে এই বুটকেম্পৰ আয়োজন কৰা হয়। এই অনুষ্ঠানটো স্কুলীয়া শিক্ষা আৰু সাক্ষৰতা বিভাগ, শিক্ষা মন্ত্ৰালয়ৰ ইন’ভেশ্যন চেল আৰু এন চি ই আৰ টিৰ যুটীয়া প্ৰচেষ্টাত তথা ওৱাধৱানী ফাউণ্ডেচনৰ সহযোগত আয়োজন কৰা হয়। চৰকাৰ, শিক্ষানুষ্ঠান আৰু উদ্যোগ খণ্ডৰ এই সহযোগিতাৰে আৰম্ভ হোৱা এই বুটকেম্পে দেশজুৰি ৯,০০০-ৰো অধিক অংশগ্ৰহণকাৰীক সামৰি এক স্থায়ী শৈক্ষিক পৰিৱৰ্তন অনাৰ লক্ষ্য ৰাখিছে। গুৱাহাটীৰ এই আঞ্চলিক শাখাৰ নেতৃত্ব দিয়ে শিক্ষা মন্ত্ৰালয়ৰ ইন’ভেশ্যন চেলৰ ন’ডেল চেন্টাৰ হেড নন্দজিৎ ৰাভা আৰু গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ৰ স্কুল অৱ ইঞ্জিনিয়াৰিং এণ্ড টেকন’লজীৰ ডিন ড° এছ. ৰবাৰ্ট ৰবিয়ে। ১৭ ডিচেম্বৰত অনুষ্ঠিত ৰাজ্যিক উদ্বোধনীত অসম ৰাজ্যিক বিদ্যালয় শিক্ষা সংসদৰ সচিব নৰনাৰায়ণ নাথ আৰু শ্ৰীমন্ত শংকৰ একাডেমীৰ সভাপতি যশোদা ৰঞ্জন দাসকে ধৰি কেইবাগৰাকীও বিশিষ্ট শিক্ষাবিদ উপস্থিত থাকে। বুটকেম্পৰ অন্তিম দিনটোৰ বিষয়বস্তু আছিল “Launch Sprint: Build, Test, Fund & Grow Your Idea,” য’ত উদ্ভাৱনীমূলক ধাৰণাসমূহক কেনেকৈ বাস্তৱত ৰূপায়ণ কৰিব পাৰি সেই বিষয়ে গুৰুত্ব দিয়া হয়। অংশগ্ৰহণকাৰীসকলে ‘বিজিনেছ মডেল কেনভাছ’ আৰু বিত্তীয় সাক্ষৰতাৰ ব্যৱহাৰিক প্ৰশিক্ষণ লাভ কৰে। লগতে, শিক্ষাৰ্থীৰ ষ্টাৰ্ট-আপৰ বাবে উপলব্ধ অনুদান আৰু পুঁজিৰ বিষয়েও আলোচনা কৰা হয়। ওৱাধৱানী ফাউণ্ডেচনৰ বিশেষজ্ঞ বক্তা শ্ৰীবৎসন আৰু ড০° ভাৱনা বৰদিয়াই এই অনুষ্ঠানসমূহ পৰিচালনা কৰে । সামৰণি অনুষ্ঠানত শিক্ষকসকলে লাভ কৰা জ্ঞান আৰু আত্মবিশ্বাসেৰে ভৱিষ্যতৰ প্ৰত্যাহ্বান নেওচিব পৰা এক দক্ষ নৱপ্ৰজন্ম গঢ়ি তোলাৰ সংকল্প গ্ৰহণ কৰে।
Trending
- গুৱাহাটীত পৰিষ্কাৰ-পৰিচ্ছন্নতা বৃদ্ধিৰ উদ্দেশ্যে টপচেম চিমেণ্টৰ বিশ্বকৰ্মা প্ৰতিমা বিসৰ্জন অভিযান
- এন ই ফ’কাচ ডট কমৰ দশম বৰ্ষপুৰ্তিৰ উদযাপন
- বি বৰুৱা কলেজ (স্বশাসিত)ৰ ৮৪সংখ্যক প্ৰতিষ্ঠা দিৱস উদযাপন
- মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা আৰু ক্ৰিকেটৰ তাৰকা সুনীল গাভাস্কাৰে মুকলি কৰিলে গুৱাহাটী আন্ত:ৰাষ্ট্ৰীয় মাৰাথন
- ড০ ভূপেন হাজৰিকাৰ জন্ম শতবাৰ্ষিকী অনুষ্ঠিত
- ঢকুৱাখনাত পাঞ্জাৱ নেচনেল বেংকৰ বিশেষ অনুষ্ঠান-দুৰ্ঘটনাত মৃতকৰ পৰিয়ালক ১ কোটি টকাৰ বীমাধনৰ চেক প্ৰদান
- চৰকাৰ আৰু হিতাধিকাৰীৰ মাজৰ অন্তিম পৰ্যায়ৰ ব্যৱধান দূৰ কৰাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব ‘অৰুণোদয় সাৰথিয়ে
- ভাৰতীয় বিমানবন্দৰ প্ৰাধিকৰণৰ বৰঝাৰস্থিত কাৰ্যালয়ত চাৰিখন ইলেকট্ৰিক বাহন মুকলি
- বিভিন্ন ধৰ্মৰ ধৰ্মগুৰুৰ প্ৰাৰ্থনা মন্ত্ৰোচ্চাৰণৰ মাজেৰে ৰাজগড়ত মুকলি ‘জুবিন ক্ষেত্ৰ
- লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তৰ্জাতিক বিমানবন্দৰত সুৰক্ষিত বিমান অৱতৰণৰ বাবে ৫৭০ মিটাৰ দৈৰ্ঘ্যৰ নতুন আলোক ব্যৱস্থা সংস্থাপন