গুজৰাটৰ গান্ধী আশ্ৰমত মন্ত্ৰী ৰণজিৎ কুমাৰ দাস

0 166

অসম এগ্ৰ’ফৰেষ্ট্ৰি ডেভেল’পমেন্ট বৰ্ডৰ সহযোগত চেণ্টাৰ ফৰ ইণ্টাৰনেশ্যনেল ফৰেষ্ট্ৰি ৰিচাৰ্চ এণ্ড ৱৰ্ল্ড এগ্ৰ’ফৰেষ্ট্ৰীৰ উদ্যোগত অসম প্ৰশাসনিক পদাধিকাৰী মহাবিদ্যালয়ত আয়োজিত এক অনুষ্ঠানত আজি পৰিৱেশ আৰু বন মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে ভাৰতত অৰণ্যৰ বাহিৰত বনানীকৰণ (Trees Outside Forests in India) কাৰ্যসূচীৰ অসমত শুভাৰম্ভ কৰে ।

ভাৰতত অৰণ্যৰ বাহিৰত বনানীকৰণ (TOFI) হৈছে আমেৰিকাৰ আন্তঃৰাষ্ট্ৰীয় উন্নয়ন সংস্থা (USAID) আৰু ভাৰত চৰকাৰৰ পৰিৱেশ, বন আৰু জলবায়ু পৰিৱৰ্তন মন্ত্ৰালয় (MoEFCC)ৰ যৌথ উদ্যোগ। CIFOR-ICRAFৰ নেতৃত্বত আঠটা কনচৰ্টিয়াম অংশীদাৰৰ ঐক্যবদ্ধ শক্তিৰে এই কাৰ্যসূচীৰ অধীনত অংশগ্ৰহণকাৰী সাতখন ৰাজ্য ক্ৰমে অন্ধ্ৰপ্ৰদেশ, অসম, হাৰিয়ানা, ওড়িশা, ৰাজস্থান, তামিলনাডু আৰু উত্তৰ প্ৰদেশৰ জীৱিকা আৰু পৰিৱেশ তন্ত্ৰৰ সংৰক্ষনৰ বাবে বনাঞ্চলৰ বাহিৰত গছ ৰোপন কৰি অৰণ্য সম্প্ৰসাৰণৰ ব্যৱস্থা গ্ৰহন কৰি থকা হৈছে ।

ৰাজ্যত বৰ্তমানৰ ৩৬%ৰ পৰা ৩৮%লৈ বনাঞ্চল বৃদ্ধি কৰাৰ দিশত অসম চৰকাৰে প্ৰচেষ্টা হাতত লৈছে বুলি কৈ বনমন্ত্ৰী পাটোৱাৰীয়ে তেওঁৰ ভাষনত TOFI কাৰ্যসূচীয়ে এই প্ৰচেষ্টাসমূহক বহু পৰিমাণে শক্তিশালী কৰিব বুলি আশা প্ৰকাশ কৰে । তেওঁ বনাঞ্চলৰ ওচৰত বাস কৰা লোকসকলৰ অৰণ্যৰ ওপৰত নিৰ্ভৰশীলতা হ্ৰাস কৰিবলৈ জীৱিকাৰ সুযোগ বৃদ্ধি কৰাৰ প্ৰয়োজনীয়তা আৰু সেই লক্ষ্যত উপনীত হোৱাৰ ক্ষেত্ৰত TOFI ৰ দৰে কাৰ্যসূচীৰ গুৰুত্বৰ ওপৰত আলোকপাত কৰে।

ভাষন প্ৰসংগত মন্ত্ৰীগৰাকীয়ে অৱগত কৰে যে নিজৰ মাটিত ৰোপণ কৰা গছ-গছনি কটাৰ বাবে বন বিভাগৰ পৰা অনুমতি বিচৰা ব্যৱস্থাটোৰ অৱসান ঘটাবলৈ পৰৱৰ্তী কেবিনেট বৈঠকত এক প্ৰস্তাৱ উথ্থাপন কৰা হ’ব। তেওঁ বন বিভাগৰ বিষয়াসকলক গ্ৰাম্য অৰ্থনীতিৰ উন্নয়ন আৰু কাঠভিত্তিক উদ্যোগ বৃদ্ধিৰ বাবে সকলোকে নিজৰ মাটিত উচ্চ বাণিজ্যিক মূল্যৰ গছ যেনে সাঁচী, শিশু, চন্দন আদি ৰোপণ কৰিবলৈ উৎসাহিত কৰিবলৈ আহ্বান জনায় ।

জলবায়ু পৰিৱৰ্তনৰ বিৰূপ প্ৰভাৱ স্পষ্ট হৈ পৰা বুলি কৈ পাটোৱাৰীয়ে যোৱা কিছু বছৰত বৰষুণ আৰু খৰাং পৰিস্থিতিৰ সময়সূচী অস্বাভাৱিক পৰিৱৰ্তনৰ প্ৰতি লক্ষ্য ৰাখি সমাজৰ সকলো শ্ৰেণীৰ লোকে পৰিৱেশ সুৰক্ষাৰ বাবে দৃঢ় পদক্ষেপ ল’ব লাগিব বুলি কয় । বন বিভাগৰ তৰফৰ পৰা উদ্ভাৱনীমূলক চিন্তা-চৰ্চাৰ আহ্বান জনাই মন্ত্ৰীগৰাকীয়ে অসমৰ উৰ্বৰ ভূমি আৰু নদীসমূহৰ সুযোগ লৈ জলবায়ু পৰিৱৰ্তনৰ বিৰূপ প্ৰভাৱ ৰোধ কৰিবলৈ বনাঞ্চলৰ আৱৰণ দ্ৰুতগতিত বৃদ্ধি কৰিবলৈ বিষয়াসকলক নিৰ্দেশ প্ৰদান কৰে ।

USAID ভাৰতৰ উপ-মিছন সঞ্চালিকা কেৰেন ক্লিম’স্কিয়ে নিজৰ ভাষণত কয় যে ২০২১ চনৰ এপ্ৰিল মাহত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু আমেৰিকাৰ ৰাষ্ট্ৰপতি জো বাইডেনে দুয়ো দেশৰ শীৰ্ষ সন্মিলনত ভাৰত-আমেৰিকাৰ স্বচ্ছ শক্তি কাৰ্যসূচী ২০৩০ অংশীদাৰিত্ব আৰম্ভ কৰিছিল আৰু দুয়োখন দেশে জলবায়ু পৰিৱৰ্তন আৰু স্বচ্ছ শক্তি উৎপাদনৰ ক্ষেত্ৰত ২০৩০ চনৰ অভিলাষী লক্ষ্য নিৰ্ধাৰণ কৰিছে। ট’ফি সেই এই অংশীদাৰিত্বৰে এক অংশ যাৰ অধীনত বিত্তীয় সাহায্য সংগ্ৰহ আৰু স্বচ্ছ শক্তি নিয়োগ ক্ষিপ্ৰ কৰা তথা উদ্যোগ, পৰিবহণ, শক্তি, নিৰ্মান আদি খণ্ডসমূহক কাৰ্বনামুক্ত কৰিবলৈ প্ৰয়োজনীয় উদ্ভাৱনীমূলক স্বচ্ছ প্ৰযুক্তিসমূহ প্ৰয়োগৰ বাবে পদক্ষেপ গ্ৰহন কৰি থকা হৈছে বুলি তেওঁ কয় ।

আজিৰ অনুষ্ঠানত অতিৰিক্ত মুখ্য সচিব ৰবিশংকৰ প্ৰসাদ আৰু অসম এগ্ৰ’ফৰেষ্ট্ৰি ডেভেল’পমেন্ট বৰ্ডৰ মুখ্য কাৰ্যবাহী বিষয়া ডাঃ সোণালী ঘোষেও ভাষণ দিয়ে।

Leave A Reply

Your email address will not be published.