গুৰুজনাৰ জন্মধাম  বটদ্রৱাত শ্রীশ্রী কৃষ্ণৰ দৌল যাত্ৰা মহোৎসৱৰ ব্যাপক প্রস্তুতি  

0 264

ঋতুৰাজ বসন্তৰ আগমন ঘটাৰ লগে লগে প্রকৃতিয়ে যেন নতুন ৰূপ ধাৰণ কৰে। বসন্ত কালত পালন কৰা উৎসৱ সমূহৰ ভিতৰত দৌল যাত্রা উৎসৱ অন্যতম। জগত গুৰু শ্রীশ্ৰী শংকৰদেৱে বটদ্রৱাত পোন প্রথম বাৰৰ বাবে দৌল উৎসৱ পাতিছিল, সেই ঐতিহ্যক সৰোগত কৰি মহা আড়ম্বৰপূৰ্ণ ভাবে প্রতি বছৰে দৌল উৎসৱ বা ফাকুৱা ফাল্গু পূৰ্নিমা তিথিত পালন কৰা হয়। এই বছৰো ১৭ মাৰ্চৰ পৰা ২১ মাৰ্চলৈ পাঁচ দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে দৌল উৎসৱ পালন কৰা বাবে যুদ্ধকালীন গতিৰে প্রস্তুতি চলিছে। ইতিমধ্যে শ্রীশ্রী বটদ্রৱা থান পৰিচালনা সমিতিৰ তত্বাৱধানত উৎসৱ নিয়াৰিকৈ পালন কৰিবৰ বাবে ১৪ খন উপ সমিতি গঠন কৰা হৈছে। শ্রীশ্রী বটদ্রৱা থান চৌহদত প্রায় ১০ লক্ষাধিক তীৰ্থ যাত্রীক আদৰণি জনোৱাৰ বাবে প্ৰশাসনিক , সাংস্কৃতিক, ধৰ্মীয়, পানী, বিজুলী, চিকিৎসা, খাদ্য ,প্ৰচাৰ আদি সকলোবোৰ সুবিধাৰ বাবে উপ সমিতি সমূহে খৰতকীয়া গতিত কাম কৰি আছে। অহা ১৭ ৰ্মাচত গন্ধোৎসৱৰ সন্ধ্যা গোসাঁইক (শ্ৰীকৃষ্ণৰ মূতিভাগ) গায়ন বায়ন আৰু ভক্তসবে গাই বাই থানৰ ৰভাতলত স্থাপন কৰা হব। স্নান কাৰ্য সম্পাদনৰ পাছত গন্ধ তেলেৰে নোৱাই গোসাঁইক নতু্ন বস্ত্র পিন্ধোৱা হ'ব আৰু গায়ন বায়নে ‘ৰাম ধেমালী’ পৰিবেশন কৰিব। ইয়াৰ পাছদিনা অথাৎ ১৮ ৰ্মাচত ‘গোসাঁই মুৰত ফাকু দিয়া উৎসৱ’ৰ সন্ধ্যা গোসাঁইক নোৱাই ধোৱাই আসনত বহুৱাই সুবাসিত ফাকু দিয়া হ'ব আৰু গায়ন বায়নে ‘ন-ধেমালী’ পৰিবেশন কৰিব আৰু ভক্ত বৈষ্ণৱ সকলে ফাকু ৰ্নিমালী আৰু পদজল গ্রহনণ কৰিব। সেই  নিশা গোসাঁইক ৰভাতলত ৰাখি ৰাজ্য খনৰ ভিন্ন প্রান্তৰ পৰা অহা ভক্ত বৈষ্ণৱে নাম কীৰ্তন কৰিব।আনহাতে ১৯ ৰ্মাচৰ পৰা আৰম্ভ হব ফুৰোৱা উৎসৱ। সেই দিনা ২ বজাত গায়ন বায়ন, ভকত-বৈষ্ণৱ, আই-মাতৃ সকলোৱে কৃষ্ণ গোসাঁইক ৰভাতলৰ পৰা উলিয়াই সুসজ্জিত দোলা ৰথত উঠাই দণ্ড, চক্র, ভেৰু, কালি, সো-মুখ শংঙ্খৰ ধ্বনি, আই সকলৰ জাউৰিয়ে জাউৰিয়ে বিয়া নামৰ লগত বৈচিত্রময় অসমীয়া জাতীয় জীৱনৰ বৰ্ণিল সমাহাৰেৰে ফাকুৰ গুৰি সিঁচি সিঁচি চোঁৱৰ ধাৰীয়ে চোঁৱৰ বা দি দি দৌললৈ যাত্রা কৰিব। দৌল মন্দিৰত গোসাঁইক পূজা অৰ্চনা দি সাত পাক পদক্ষিন কৰোৱাৰ পাছত গোসাঁইক বৰদোৱাৰ দুই সত্ৰ ক্ৰমে শ্ৰীশ্ৰী শলগুৰি আৰু শ্ৰীশ্ৰী নৰোৱা সত্ৰত পদক্ষিন কৰোৱাই লগতে সত্ৰাধিকাৰ,  ঘৰত প্ৰবেশ কৰোৱাই পূজা অৰ্চনা দি শেষত নিশা ৮ বজাত এটা বিশেষ অনুষ্ঠানৰ দ্বাৰা কীৰ্তন ঘৰত প্ৰবেশ কৰোৱা পাছতে দৌল যাত্রা উৎসৱৰ ধৰ্মীয় কাৰ্যসূচীৰ অন্ত পৰিব। আনহাতে দৌল যাত্রা উৎসৱৰ লগত সংগতি ৰাখি ১৮, ১৯ আৰু ২০ ৰ্মাচৰ নিশা আকাশী গংগাৰ পাৰৰ প্রেক্ষাগৃহত সাংস্কৃতিক অনুষ্ঠান অনুষ্ঠিত হ’ব। পিচদিনা১৮মাৰ্চত গোসাঁই মূৰত ফাকু দিয়াৰ আগেয়ে  শুভ মাংগলীক অনুষ্ঠান  অনুষ্ঠিত হব ,সেইদিনা প্ৰভু দামোদৰ  দেৱ আতাৰ ভৱনৰ আধাৰ শিলা স্থাপন কৰিব ম  অসমৰ মুখ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ।সন্ধিয়া ১৮ ৰ্মাচৰ সংস্কৃতিক অনুষ্ঠান উদ্ধোধন কৰিব বিশিষ্ট  সত্রীয়া কলা সাধক গোপাল জালানে ।বিশিষ্ট  অতিথি  হিচাপে উপস্হিত  থাকিব অসম চৰকাৰৰ স্বাস্হ্য  পৰিয়াল  কল্যাণ  মন্ত্ৰী কেশৱ মহন্ত, বান নিয়ন্ত্ৰণ  তথা তথ্য ও সম্প্ৰচাৰ মন্ত্ৰী পিযুষ হাজৰিকা, পঞ্চায়ত  ও গ্ৰামোউন্নয়ন  মন্ত্ৰী ৰঞ্জিত দাস ,বটদ্ৰবা সমষ্টিৰ বিধায়িকা শিৱা মনি বৰা ,নগাঁও সদৰ সমষ্টিৰ বিধায়ক  ৰূপক শৰ্ম্মা ,ৰহা সমষ্টিৰ বিধায়ক  শশী কান্ত দাস ,মৰিগাঁও সমষ্টিৰ বিধায়ক  ৰমাকান্ত দেউৰী ,বঢমপুৰ সমষ্টিৰ বিধায়ক  জিতু গোস্বামীকে প্ৰমুখ্যে  কৰি বহু গুনি জ্ঞানী লোক । । ‍১৯ ৰ্মাচৰ সত্রীয়া সাংস্কৃতিক অনুষ্ঠান উদ্বোধন কৰিব অসম চৰকাৰৰ শক্তি  ও সাংস্কৃতিক মন্ত্ৰী  বিমল বৰা, বিশিষ্ট অতিথি জ্যোতিপ্ৰসাদ দাস ,সহযোগী অধ্যাপিকা ড° স্বপ্নালী দাস ।  ২০ ৰ্মাচৰ সত্রীয়া সংস্কৃতিক অনুষ্ঠান উদ্ধোধন কৰিব থান পৰিচালন   সমিতিৰ প্ৰাক্তন সাধাৰণ সম্পাদক  ডা:প্ৰদীপ মহন্ত ।  তিনিও নিশাতে ৰাজ্য খনৰ ভিন্ন প্রান্তৰ পৰা আমন্ত্রিত ভাওনা, সত্রীয়া নৃত্য, লোক নৃত্য, লোক সংগীত, বৰগীত, শাস্ত্ৰীয় নৃত্য, দিহানাম আদি অনুষ্ঠান পৰিৱেশন কৰা হ’ব বুলি বটদ্ৰৱা থান পৰিচালনা সমিতিৰ সাধাৰণ সম্পাদক অৰূপ  কুমাৰ শইকীয়া   জনাইছে। আজি কীৰ্ত্তনঘৰত দুপৰীয়া প্ৰসংগৰ পূৰ্বে পৰিচালনা সমিতিয়ে বটদ্ৰৱাৰ দুই সত্ৰৰ ভকত বৈষ্ণৱৰ উপস্থিতিত দৌল মহোৎসৱৰ কাৰ্যসূচী উন্মোচন কৰাৰ পাছত অনুষ্ঠিত এক সংবাদমেলত ৰাজ্যৰ সমূহ ভক্ত বৈষ্ণৱক নিমন্ত্ৰণ জনাইছে। সংবাদমেলত বটদ্ৰৱা থান পৰিচালনা সমিতিৰ সভাপতি  যোগেন্দ্ৰ নাৰায়ণ দেৱ মহন্ত  উপসভাপতি দেবানন্দ দেৱ গোস্বামী  আৰু কাৰ্য্যকৰী সভাপতি ৰাজীব  দত্ত…প্ৰমুখ্যে কাৰ্য্যনিৰ্বাহকৰ সদস্য সকল উপস্থিত থাকে । উল্লেখ্য যে প্ৰতি বছৰে দৌল উৎসৱৰ লগত সংগতি ৰাখি ৰঙৰ হাট অনুষ্ঠিত হয় ।এইবৰো স্হানীয় ব্যৱসায়ী সকলৰ লগতে বহু দূৰ দূৰণিৰ ব্যৱসায়  সকলে ইতিমধ্যে  বটদ্ৰবাত উপস্হিত  হৈ বিভিন্ন ধৰণৰ দোকান পোহাৰ প্ৰস্ততি প্ৰায় সম্পূৰ্ণ  কৰি তুলিছে ।

বাতৰি যুগুতালে নগাঁৱৰ পৰা ৰাহুল দেৱ বৰদলৈয়ে

 

Leave A Reply

Your email address will not be published.