সমাগত মাঘ বিহু।প্ৰতিবাদৰ মাজতে হেঁপাহৰ বিহুটিক আদৰিবলৈ ৰাজ্যবাসী সাজু হৈ উঠিছে।প্ৰতি বছৰৰ দৰে এইবাৰো অসমৰ প্ৰান্তে প্ৰান্তে পৰম্পৰাগত ভেলাঘৰ আৰু মেজি নিৰ্মাণ কৰি উলিয়াইছে।ভোগালী বিহুৰ প্ৰস্তুতি তুংগত ৰহা আমনিশালীবাসীৰ।৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ কাষতে সজা পাহাৰসদৃশ ভেলাঘৰত এতিয়া সকলোৰে দৃষ্টি নিবদ্ধ হৈছে।প্ৰকৃতি সুৰক্ষাৰ থীম লৈ ভাস্কর্যশিল্পী ভগৱান সেনাপতিয়ে নিৰ্মাণ কৰিছে এই পাহাৰ আকৃতিৰ ভেলাঘৰ।প্ৰকৃতি বচোৱা মানে নিজক বচোৱা শীর্ষক কথাৰে ভেলাঘৰটোৰ ওপৰত এহাল পুৰুষ মহিলাই বৃক্ষৰোপন কৰা দেখুওৱা হৈছে।ইয়াৰ দ্বাৰা শিল্পীজনে এই কথা বুজোৱাৰ প্ৰয়াস কৰিছে যে গছ গছনি কাটি পাহাৰ ধ্বংস হোৱাৰ ফলত প্ৰকৃতিৰ ভাৰসাম্যতা বিনষ্ট হৈছে,সেয়েহে আমি গছ ৰোপন কৰি প্ৰকৃতি সুৰক্ষা কৰিব লাগিব।ইয়াৰোপৰি তেওঁ চাংঘৰ,টঙিঘৰ,গছ-গছনি সাজি উলিয়াইছে।প্ৰায় এমাহজোৰা প্ৰচেষ্টাত নিৰ্মাণ কৰা এই ভেলাঘৰৰ বাবদ সত্তৰ হাজাৰ টকা খৰচ হৈছে বুলি জানিব পৰা গৈছে।আৰ্থিক দৈন্যতাকো নেওচি শিল্পী ভগৱান সেনাপতিয়ে নিজৰ সৃষ্টিৰে আমনিশালীত প্ৰতি বছৰে ন ন আৰ্হিত ভেলাঘৰ সাজি আহিছে।উল্লেখ্য যে শিল্পীজনে এনে প্ৰতিভাৰ বাবে পুৰস্কৃত হৈছে।পথৰ দাঁতিতে থকা এই ভেলাঘৰ চাবলৈ যথেষ্ট লোকৰ সমাগম হৈছে।আনহাতে মঙ্গলদৈ অহকা গাঁৱৰ ৰাইজৰ ব্যতিক্রমী প্ৰচেষ্টাত এইবাৰৰ ভোগালী বিহু।ৰাইজে বাছৰ আৰ্হিত নিৰ্মাণ কৰিলে ভেলাঘৰ।প্ৰতীকি ৰূপত কা’ৰ বিৰোধীতাৰে নিৰ্মাণ কৰা হ’ল বাছখন।বিৰোধীতাৰ মাজতে উৰুকাৰ নিশা লগে ভাগে এসাঁজ খোৱাৰ মন মেলিছে অহকাবাসীয়ে।অসমত থকা বিদেশীসকলক বাছত তুলি বাংলাদেশ পঠোৱাৰ প্ৰতিকী অৰ্থবহ এই ভেলাঘৰ বৰ্তমান প্ৰাসঙ্গিক হৈ পৰিছে।সেয়েহে এই বাতৰি এন ই ফ’কাচত স্থান লাভ কৰিবলৈ সক্ষম হৈছে।খবৰ যুগুতালে গীতাঞ্জলি গগৈয়ে..
Trending
- কামৰূপত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ “পৰীক্ষা পে চৰ্চা” অনুষ্ঠানৰ পোনপটীয়া সম্প্ৰচাৰ
- কামৰূপ নিৰ্বাচন জিলাৰ চূড়ান্ত ভোটাৰ তালিকা প্ৰকাশ
- পলাশবাৰীৰ উপৰহালীত অটল পেঞ্চন যোজনাৰ সজাগতা সভা
- গণৰাজ্য দিৱস উপলক্ষে গোলাঘাটত কৃষি মন্ত্ৰী অতুল বৰাই উত্তোলন কৰিলে ত্ৰিৰংগ পতাকা
- ধেমাজিৰ আৰ্থ-সামাজিক বিকাশ সংস্থাৰ উদ্যোগত পষেকীয়া প্ৰশিক্ষণ শিবিৰ
- প্ৰথমবাৰৰ বাবে ভাৰত-বাংলাদেশ সীমান্তত ধুবুৰী জিলাভিত্তিক গণৰাজ্য দিৱস উদযাপন
- অগপৰ ব্যাপক সাংগঠনিক তৎপৰতা ৰাজ্যজুৰি বুথ সভা সম্পন্ন
- নলবাৰীত গণৰাজ্য দিৱসৰ ৰাষ্ট্ৰীয় পতাকা উত্তোলন মন্ত্ৰী অশোক সিংহলৰ
- বিশ্ববাসীৰ মংগলৰ বাবে পাণ্ডুনাথ দেৱালয়ত তিনিদিনীয়া কাৰ্যসূচীৰে শ্ৰী শ্ৰীবিষ্ণু মহাযজ্ঞৰ আয়োজন
- পশ্চিম গুৱাহাটী মহাবিদ্যালয়ৰ বাৰ্ষিক সপ্তাহৰ সামৰণি