গুৱাহাটীত দ্বিতীয়বাৰৰ বাবে আন্ত: ৰাষ্ট্ৰীয় চলচিত্ৰ মহোৎসৱ

0 270

২৫ অক্টোবৰৰ পৰা ৩১অক্টোবৰলৈ মহানগৰীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰ আৰু জ্যোতি চিত্ৰবনত অনুষ্ঠিত হ’ব দ্বিতীয় গুৱাহাটী চলচিত্ৰ মহোৎসৱৰ। উল্লেখযোগ্য যে ৰাজ্য চৰকাৰৰ পৃষ্ঠপোষকতাত জ্যোতি চিত্ৰবন, ড০ ভূপেন হাজৰিকা আঞ্চলিক চৰকাৰী চলচিত্ৰ আৰু টেলিভিছন প্ৰতিষ্ঠানৰ’ উদ্যোগত অনুষ্ঠিত হ’ব এই চলচিত্ৰ মহোৎসৱ। এই উদ্দেশ্য আজি জ্যোতিচিত্ৰবনত এক সংবাদ মেল অনুষ্ঠিত হয়। সংবাদ মেলত সাংস্কৃতিক পৰিক্ৰমা মন্ত্ৰী নৱ কুমাৰ দলে উপস্থিত থাকি কয় যে অহা ২৫ অক্টোবৰৰ পৰা অনুষ্ঠিত হ’ব লগা দ্বিতীয় চলচিত্ৰ মহোৎসৱত প্ৰায় ৬০খন ৰাষ্ট্ৰৰ শতাধিক চিনেমা প্ৰদৰ্শিত হ’ব। ইয়াৰ উপৰিও বিগত বৰ্ষত পোন প্ৰথম বাৰৰ বাবে আয়োজন কৰা এই মহোৎসৱত ৩০ খনতকৈ অধিক দেশে অংশগ্ৰহণ কৰিছিল আৰু প্ৰায় ৭২খন চিনেমা প্ৰদৰ্শিত হৈছিল। ইতিমধ্যে ৩০ খন ৰাষ্ট্ৰই তেওঁলোকৰ প্ৰতিনিধি প্ৰেৰণৰ কথা প্ৰকাশ কৰি জ্যোতি চিত্ৰবনৰ লগত যোগাযোগ কৰা বুলিও সংবাদ মেলত জানিবলৈ দিয়ে মন্ত্ৰী নৱ কুমাৰ দলে।আনহাতে এই মহোৎসৱত অংশগ্ৰহণ কৰিব বিচৰা ১৮ বছৰ বয়সৰ উৰ্দ্ধৰ যিকোনো লোকে www.giff.assam.giv.in ত পঞ্জীয়ন কৰিব পাৰিব বুলিও সংবাদ মেলত জানিবলৈ দিয়ে। আনহাতে আজিৰ সংবাদ মেলত জ্যোতি চিত্ৰবনৰ অধ্যক্ষ পবিত্ৰ মাৰ্ঘেৰিটা উপস্থিত থাকি কয় যে সংবাদ মাধ্যমৰ সহযোগিতা অবিহনে এই অনুষ্ঠানৰ প্ৰসাৰ আৰু প্ৰচাৰ সম্ভব নহয়। সেয়ে এই ক্ষেত্ৰত তেওঁ সংবাদ মাধ্যমৰ সহায় সহযোগিতা আশা কৰি কয় যে অনুষ্ঠানত কামৰূপ মহানগৰ জিলা আৰু ইয়াৰ দাঁতি কাষৰীয়া জিলা সমূহৰ ছাত্ৰ ছাত্ৰী সমূহৰ বাবে বিনামূলীয়া বাছ সেৱাৰ ব্যৱস্থা কৰাৰ উপৰিও দুয়োটা উপত্যকাৰ তথা উত্তৰ পূৰ্বাঞ্চলৰ পাঁচ শতাধিক ছাত্ৰ ছাত্ৰী থকাৰ ব্যৱস্থা কৰা হ’ব বুলিও জানিবলৈ দিয়ে। আনহাতে মাৰ্ঘেৰিটাই কয় যে এই মহোৎসৱৰ পিছতেই ৰাজ্য চৰকাৰৰ উদ্যোগত তথ্যচিত্ৰ আৰু চুটি ছবি মহোৎসৱৰ লগতে শিশু চলচ্চিত্ৰ মহোৎসৱৰ আয়োজন কৰা হ’ব বুলি জানিবলৈ দিয়ে। আজিৰ সংবাদ মেলত সাংস্কৃতিক পৰিক্ৰমা আয়োগৰ আয়ুক্ত সচিব প্ৰীতম শইকীয়া, মহোৎসৱৰ সঞ্চালক মনিতা বৰগোঁহাইৰ লগতে সমিতিৰ আন বহুকেইজন উপস্থিত থাকে।

Leave A Reply

Your email address will not be published.