দেশৰ ৰাজধানী নতুন দিল্লীত অসমকে ধৰি উত্তৰ-পূৰ্বাঞ্চলৰ ছাত্র-ছাত্রী, বাসিন্দা সকলক বিভিন্ন প্ৰকাৰে সহায় আগবঢ়োৱা হেল্পিং হেণ্ড’ নামৰ অনা চৰকাৰী সংস্থাটোৰ এটা কাৰ্যালয় ১৮ ডিচেম্বৰত গুৱাহাটীৰ হাতীগাঁৱত মুকলি কৰা হৈছে। হেল্পিং হেণ্ড’ৰ অধ্যক্ষ তথা দিল্লী আৰক্ষীৰ বিশেষ আৰক্ষী আয়ুক্ত ৰবীন হিবুরে কাৰ্যালয়টো আনুষ্ঠানিকভাৱে উদ্বোধন কৰে। গুৱাহাটীত ‘হেল্পিং হেণ্ড’-এ ‘ৰেইন ড্রপছ ইনিচিয়েটিভ’ আৰু ‘নূৰ ছ’চিয়েল ৱেলফেয়াৰ ছ’চাইটি’ৰ সহযোগত কাম-কাজ আগবঢ়াব। আনহাতে কার্যালয়টো উদ্বোধন কৰি ৰবীন হিবুৱে কয় – অসমসহ উত্তৰ-পূৰ্বাঞ্চলৰ পৰা দিল্লীকে ধৰি দেশৰ বিভিন্ন চহৰলৈ শিক্ষা আৰু নিয়োগৰ বাবে প্ৰব্ৰজন বৃদ্ধি পাইছে। এনে পৰিস্থিতিত অসম, উত্তৰ-পূৰ্বাঞ্চলৰ লোকসকলে যাতে এই চহৰসমূহত কোনো বিপদৰ সন্মুখীন নহয় তথা তেওঁলোকে তাৎক্ষণিকভাৱে বিপদত সহায় লাভ কৰে, সেই উদ্দেশ্যৰে হেল্পিং হেণ্ডে কাম কৰি আহিছে। এতিয়াৰে পৰা গুৱাহাটীতো হেল্পিং হেণ্ডে ৰেইন ড্ৰপছ আৰু নূৰ ছ’চিয়েল ৱেলফেয়াৰ ছ’চাইটিৰ বেনাৰত কাম-কাজ আগবঢ়াব। দিল্লী আৰক্ষীৰ বিশেষ আয়ুক্তগৰাকীয়ে ইতিপূর্বে ঘোষণা কৰিছিল যে হেল্পিং হেণ্ডৰ কাম-কাজ উত্তৰ-পূৰ্বাঞ্চলৰ প্ৰতিখন ৰাজ্যতে আৰম্ভ কৰাৰ বাবে পৰিকল্পনা গ্ৰহণ কৰিছে।অনুষ্ঠানত কেবাজনো বিশিষ্ট লোক,দিল্লী নিবাসী কেবাজনো অসমীয়া উপস্থিত আছিল।
Trending
- National Science Centre, Guwahati Celebrated International Museum Day 2026 with Inauguration of Orchid and Cactus Garden
- NSE Commences Trading in Electronic Gold Receipts (EGRs)
- সাতমাইলত ৰামধেনু সাংস্কৃতিক গোষ্ঠীৰ উদ্যোগত বহাগী উৎসৱ উদযাপন
- অসম মহিলা অভিযন্তা সংস্থাৰ উদ্যোগত গোপাল বড়ো উচ্চতৰ মাধ্যমিক বিদ্যালয়ত কাৰিকৰী আৰু ব্যৱহাৰিক শিক্ষাৰ প্ৰয়োজনীয়তা শীৰ্ষক সজাগতা সভা
- CM Dr. Sarma inaugurates Digital and AI powered bank branch of Slice Small Finance Bank in Guwahati
- Assam Governor administers oath of office to Chandra Mohan Patowary as Pro-tem speaker
- ৰাষ্ট্ৰীয় ডেংগু দিৱস: ভাৰতৰ নগৰসমূহ ডেংগুৰ হটস্পটত পৰিণত হোৱাৰ আশংকা
- মুখ্যমন্ত্ৰীৰ অধ্যক্ষতাত অনুষ্ঠিত হোৱা অসম চৰকাৰৰ কেবিনেট বৈঠকৰ সিদ্ধান্তসমূহ
- কলাক্ষেত্ৰৰ অসম ভিত্তিক নাট প্ৰতিযোগিতা সফল সামৰণি
- জাপানী প্ৰতিনিধি দলৰ ৰাণীৰ কাঠফুলা উৎপাদন আৰু প্ৰশিক্ষণ প্ৰদান কৰা লাভলি হুড আশ্ৰম পৰিদৰ্শন