অসম চৰকাৰৰ সামাজিক ন্যায় আৰু সৱলীকৰণ বিভাগৰ মন্ত্ৰী পীযুষ হাজৰীকাই আজি গুৱাহাটীৰ তিনিটা নিচামুক্তি কেন্দ্ৰ আকস্মিকভাৱে পৰিদৰ্শন কৰি কেন্দ্ৰকেইটাৰ আৱাসীৰ বাবে থকা সুবিধা অসুবিধাসমূহৰ বুজ লয়।মন্ত্ৰীগৰাকীয়ে ক্ৰমে মহানগৰীৰ দিচপুৰৰ জীৱনদান ৱেলনেচ ফাউণ্ডেশ্যন,বেলতলাৰ ৰিডেম্পচন ৱেলফেয়াৰ ফাউণ্ডেশ্যন আৰু খাৰঘুলিৰ ফেইথ ফাউণ্ডেশ্যনৰ অধীনত থকা নিচামুক্তি কেন্দ্ৰকেইটা পৰিদৰ্শন কৰে ।ইয়াৰে ফেইথ ফাউণ্ডেশ্যনৰ নিচামুক্তি কেন্দ্ৰটোত সৰু কোঠাতে জোখতকৈ বেছি আৱাসী থকা দেখা পাই মন্ত্ৰী হাজৰীকাই কেন্দ্ৰটোৰ স্বত্বাধিকাৰীক ইয়াৰ বাবে কঠোৰ সকীয়নি প্ৰদান কৰে।কেন্দ্ৰটোত থকা অতিৰিক্ত আৰু বিশেষকৈ আৰ্থিকভাৱে দুৰ্বল আৱাসীসকলক দুদিনৰ ভিতৰত চৰকাৰী ব্যৱস্থাত গঢ় লোৱা নিচামুক্তি কেন্দ্ৰলৈ স্থানান্তৰিত কৰিবলৈ মন্ত্ৰী হাজৰীকাই আজিৰ পৰিদৰ্শনকালত সংগ দিয়া সামাজিক ন্যায় আৰু সবলীকৰণ বিভাগৰ সঞ্চালকক নিৰ্দেশ দিয়ে।আনহাতে গোটেইকেইটা কেন্দ্ৰতে পৰিষ্কাৰ পৰিচন্নতা আৰু আৱাসীসকলৰ নিয়মীয়া স্বাস্থ্যপৰীক্ষাৰ ওপৰত বিশেষ গুৰুত্ব দিবলৈ মন্ত্ৰীগৰাকীয়ে স্বত্বাধিকাৰীসকলক নিৰ্দেশ দিয়ে।
Trending
- এয়াৰটেলৰ ঠগ বিৰোধী যুঁজৰ ফলস্বৰূপে তেওঁলোকৰ গ্ৰাহকৰ আৰ্থিক ক্ষতিৰ পৰিমাণ ৭০% কমিছে
- Numaligarh Refinery Limited (NRL) Holds 32nd Annual General Meeting
- জ্যোতি চিত্ৰবনত সীমান্ত চেতনা মঞ্চৰ তিনিদিনীয়া ছ’ল তথ্য চলচ্ছিত্ৰ মহোৎসৱ
- চৰকাৰী আয়ুৰ্বেদিক মহাবিদ্যালয়ত কুইজ প্ৰতিযোগিতাৰ সামৰণি
- অসম ডনবস্ক’ বিশ্ববিদ্যালয় আৰু অসম অভিযান্ত্ৰিক মহাবিদ্যালয়ত বহনক্ষম উন্নয়ন লক্ষ্যৰ ওপৰত গৱেষণা সন্মিলন
- নিৰ্বাচনী পৰ্যৱেক্ষক ক্ষিতীশ চন্দ্ৰ পেগুৰ ভোটগ্ৰহণ কেন্দ্ৰ পৰিদৰ্শন
- বনকৰ্মীৰ পহৰাৰ সুবিধাৰ্থে ওৰাং ৰাষ্ট্ৰীয় উদ্যানলৈ ৪ খন অত্যাধুনিক নাওৰ যোগান এ এছ ডি এম এৰ
- বিশ্ব যুৱ মহোৎসৱত প্ৰতিভা প্ৰদৰ্শনৰ বাবে নিৰ্বাচিত গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ৰ দুই শিক্ষাৰ্থী
- তামুলপুৰত দুৰ্গাপূজা সন্দৰ্ভত সভা-কাৰ্বন নিউট্ৰেল দুৰ্গাপূজাত প্ৰশাসনৰ গুৰুত্ব
- এইচডিএফচি বেংকে ১০,০০০ৰো অধিক অফাৰৰ সৈতে ইয়াৰ বাৰ্ষিক শ্বপিং বোনান্জা — ফেষ্টিভ ট্ৰিটছ ২০২৫ আৰম্ভ কৰিছে