লক্ষ্ণৌৰ জ্যেষ্ঠ সাহিত্যিক তথা সাংবাদিক অনুপ শ্ৰীবাস্তৱ ভাৰতেন্দু হৰিশচন্দ্ৰ, গান্ধীৰ যুৱ উত্তকৰ্ছ সাহিত্য মঞ্চৰ দ্বাৰা সাহিত্য সৃষ্টি আৰু প্ৰচাৰৰ দিশত বিশেষ অৱদান আগবঢ়োৱাৰ বাবে ২০২৩ বৰ্ষৰ বাবে অনুষ্ঠিত হোৱা দশম সৰ্বভাৰতীয় সাহিত্য মহোৎসৱ আৰু শীৰ্ষ সন্মান আৰু মঞ্চৰ সন্মান অনুষ্ঠানত আজি নতুন দিল্লীস্থিত শান্তি প্ৰতিষ্ঠানত গুৱাহাটীৰ বিশিষ্ট কবি, সাহিত্যিক কিশোৰ কুমাৰ জৈনক শীৰ্ষ সন্মান প্ৰদান কৰা হয়।এই কাৰ্যসূচীত দিল্লী, হাৰিয়ানা, ৰাজস্থান, মধ্যপ্ৰদেশ, উত্তৰ প্ৰদেশ, বিহাৰ, মহাৰাষ্ট্ৰ, পঞ্জাৱ, চণ্ডীগড়, নয়ডা, বস্তি, আলিগড়ৰ শতাধিক কবি সাহিত্যিক উপস্থিত থাকে।এই কাৰ্যসূচীৰ সভাপতিত্ব কৰে দেশৰ সুপৰিচিত ব্যংগকাৰ প্ৰেম জনমজয়ে।মুখ্য অতিথি হিচাপে প্ৰাক্তন প্ৰতিৰক্ষা সচিব যোগেন্দ্ৰ নাৰায়ণ, বিখ্যাত গল্পকাৰ বলৰাম, বিখ্যাত গীতিকাৰ মীৰা শলাভ আৰু ইন্দ্ৰপ্ৰস্থ সাহিত্য মহোৎসৱৰ সভাপতি ড° চন্দ্ৰমণি ব্ৰহ্মদত্ত বিশেষ অতিথি হিচাপে মঞ্চত উপস্থিত থাকে।গুৱাহাটীৰ কিশোৰ কুমাৰ জৈনক কমলেশ প্ৰশান্ত স্মৃতি অহিন্দী সাহিত্য বঁটা আৰু ৫,১০০ টকা, সন্মানিত প্ৰমাণ পত্ৰ, চাদৰ আৰু প্ৰতীক চিহ্নও প্ৰদান কৰে। কবি, সাহিত্যিক কিশোৰ কুমাৰ জৈনে এই সন্মান পোৱাত মহানগৰীৰ লগতে ৰাজ্যৰ ভিন-ভিন দল-সংগঠনে অভিনন্দন জনাইছে।
Trending
- ২০০ খন বিছনাযুক্ত ওদালগুৰি জিলা অসামৰিক চিকিৎসালয় পৰিদৰ্শন- মন্ত্ৰী অশোক সিংহলৰ
- শাওণ মাহৰ প্ৰথমটো সোমবাৰত বোলবোম উপলক্ষে ভীমাশংকৰত হাজাৰ হাজাৰ ভক্তৰ সমাগম
- ইণ্ডিয়া-এআই মিছন : অসমৰ ৫ শিক্ষানুষ্ঠানত স্থাপন হ’ব কৃত্ৰিম বুদ্ধিমত্তাৰ ডাটা লেব
- ফৰ্টিফাইড চাউলৰ সজাগতামূলক সংবাদ মাধ্যমৰ কৰ্মশালা
- অসম সাংস্কৃতিক ন্যাসৰ পাঁচদিনীয়া গ্ৰীষ্মকালীন কৰ্মশালাৰ সামৰণি
- চিন্তাবিদ – সমালোচক ডঃ হীৰেন গোঁহাইসহ চাৰিগৰাকী সাহিত্যিক- শিল্পীলৈ সাহিত্য সাধনা মঞ্চ অসমৰ সন্মান
- চিত্ৰশিল্পী-কবি ৱাহিদা আহমেদৰ কাব্যগ্ৰন্থ এশ বিয়োগ এক উন্মোচন
- জ্ঞানমালিনী সাহিত্য সভাৰ আজীৱন সভ্য ভৰ্ত্তি অভিযান
- এয়াৰটেলৰ গ্ৰাহকৰ বাবে বিশেষ সুবিধা
- সাংসদ গৌৰৱ গগৈৰ দাবীৰ প্ৰতি সঁহাৰি ৰেলৱে বোৰ্ডৰ -ডুমডুমা ৰেলৱে ষ্টেচন পুনৰ মুকলি কৰি যাত্ৰী সংৰক্ষণ ব্যৱস্থা(passenger reservation system) স্থাপনৰ দাবীক মান্যতা