লক্ষ্ণৌৰ জ্যেষ্ঠ সাহিত্যিক তথা সাংবাদিক অনুপ শ্ৰীবাস্তৱ ভাৰতেন্দু হৰিশচন্দ্ৰ, গান্ধীৰ যুৱ উত্তকৰ্ছ সাহিত্য মঞ্চৰ দ্বাৰা সাহিত্য সৃষ্টি আৰু প্ৰচাৰৰ দিশত বিশেষ অৱদান আগবঢ়োৱাৰ বাবে ২০২৩ বৰ্ষৰ বাবে অনুষ্ঠিত হোৱা দশম সৰ্বভাৰতীয় সাহিত্য মহোৎসৱ আৰু শীৰ্ষ সন্মান আৰু মঞ্চৰ সন্মান অনুষ্ঠানত আজি নতুন দিল্লীস্থিত শান্তি প্ৰতিষ্ঠানত গুৱাহাটীৰ বিশিষ্ট কবি, সাহিত্যিক কিশোৰ কুমাৰ জৈনক শীৰ্ষ সন্মান প্ৰদান কৰা হয়।এই কাৰ্যসূচীত দিল্লী, হাৰিয়ানা, ৰাজস্থান, মধ্যপ্ৰদেশ, উত্তৰ প্ৰদেশ, বিহাৰ, মহাৰাষ্ট্ৰ, পঞ্জাৱ, চণ্ডীগড়, নয়ডা, বস্তি, আলিগড়ৰ শতাধিক কবি সাহিত্যিক উপস্থিত থাকে।এই কাৰ্যসূচীৰ সভাপতিত্ব কৰে দেশৰ সুপৰিচিত ব্যংগকাৰ প্ৰেম জনমজয়ে।মুখ্য অতিথি হিচাপে প্ৰাক্তন প্ৰতিৰক্ষা সচিব যোগেন্দ্ৰ নাৰায়ণ, বিখ্যাত গল্পকাৰ বলৰাম, বিখ্যাত গীতিকাৰ মীৰা শলাভ আৰু ইন্দ্ৰপ্ৰস্থ সাহিত্য মহোৎসৱৰ সভাপতি ড° চন্দ্ৰমণি ব্ৰহ্মদত্ত বিশেষ অতিথি হিচাপে মঞ্চত উপস্থিত থাকে।গুৱাহাটীৰ কিশোৰ কুমাৰ জৈনক কমলেশ প্ৰশান্ত স্মৃতি অহিন্দী সাহিত্য বঁটা আৰু ৫,১০০ টকা, সন্মানিত প্ৰমাণ পত্ৰ, চাদৰ আৰু প্ৰতীক চিহ্নও প্ৰদান কৰে। কবি, সাহিত্যিক কিশোৰ কুমাৰ জৈনে এই সন্মান পোৱাত মহানগৰীৰ লগতে ৰাজ্যৰ ভিন-ভিন দল-সংগঠনে অভিনন্দন জনাইছে।
Trending
- পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ প্ৰয়াত ৩৪ গৰাকী ঠিকাভিত্তিক কৰ্মচাৰীৰ পৰিয়াললৈ ১.৭০ কোটি টকাৰ এককালীন আৰ্থিক সাহায্য
- ভাৰতী এয়াৰটেলে নতুন পোষ্ট পেইড প্লেন মুকলি কৰিছে
- Health & Wellness Camps Held in Kamrup Metro under Seva Sankalp Abhiyan
- বন্যপ্ৰাণী সংৰক্ষণত দক্ষতা প্ৰদৰ্শনৰ বাবে মহিলা খণ্ড বন বিষয়া পাপৰি কছাৰীক বঁটা প্ৰদান
- অত্যাৱশ্যকীয় ঔষধৰ প্ৰাপ্যতাত দেশৰ ভিতৰতে দ্বিতীয় স্থানত অসম
- Health and Wellness Camps Held in Kamrup Metro District under Seva Sankalp Abhiyan
- বিকশিত অসমৰ অধীনত প্ৰস্তাৱ প্ৰস্তুতি সম্পৰ্কীয় বৈঠক
- সামাজিক মাধ্যমত অসমীয়া মিউজিক ভিডিঅ’ ফুলকুমলীয়া মুকলি
- পথিকৰ উদ্যোগত পদুমবড়ীত বিনামূলীয়া স্বাস্থ্য আৰু চকু পৰীক্ষা শিবিৰ সম্পন্ন
- কৰ্মশ্ৰী হিতেশ্বৰ শইকীয়া প্ৰেক্ষাগৃহত জালুকবাৰী থানা এলেকাৰ দুৰ্গা পূজা উদযাপন আৰু বিসৰ্জন বিষয়ক সভা সম্পন্ন