দেশৰ স্বাধীনতাৰ ৭৫ সংখ্যক বর্ষপূৰ্তিৰ লগত সংগতি ৰাখি পালন কৰি অহা “আজাদি কা অ মৃত মহোৎসৱ” উপলক্ষে ভাৰত চৰকাৰৰ প্ৰতিৰক্ষা মন্ত্ৰণালয়ৰ অধীনৰ সীমান্ত পথ সংগঠন চমুকৈ বি আৰ অ’ই ১৪ অক্টোবৰত নতুন দিল্লীৰ পৰা দেশজুৰি আৰম্ভ কৰিছিল মটৰ চাইকেল ৰেলী । ৭৫ দিনত ২০,০০০ কিঃমিঃ যাত্ৰা পথ এই অতিক্ৰম কৰাৰ লক্ষ্য নিৰ্ধাৰণ কৰা ৰেলীত বি আৰ অ’ৰ বিভিন্ন পদমৰ্যাদাৰ ৭৫ জন জন বিষয়া , জুনিয়ৰ কমিচনড বিষয়া , নন কমিচনড বিষয়াই ভাগ লৈছে । ৰেলীত ভাগ লোৱা মটৰ চাইকেল ৰাইডাৰ সকলে ভাগে ভাগে দেশৰ দুৰ্গম স্থান সমূহলৈ যাত্ৰা কৰিছে । এই ৰেলীত ভাগ লোৱা ১৫ জনীয়া এটা দল কালি সন্ধিয়াৰ ভাগত পশ্চিমবঙ্গৰ হাচিমাৰাৰ পৰা প্ৰায় ৩৪০ কিঃমিঃ যাত্ৰা পথ অতিক্ৰম কৰি গুৱাহাটীৰ লংকেশ্বৰত থকা বি আৰ অ’ৰ পূব মণ্ডল মুখ্য কাৰ্যালয়ত আহি উপস্থিত হয় । নিশাটো পূব মণ্ডল মুখ্য কাৰ্যালয়ত থকাৰ পাছত দলটোৱে আজি পুৱা তেজপুৰলৈ যাত্ৰা কৰে । পুৱা পতাকা জোকাৰি তেজপুৰ অভিমুখে যোৱা দলটোৰ যাত্ৰাৰ শুভাৰম্ভ কৰে বি আৰ অ’ৰ পূব মণ্ডলৰ ভাৰপ্ৰাপ্ত উপ সঞ্চালক প্ৰধান ( ডি ডি জি ) শ্যামন্ত ৰায়ে । তেজপুৰৰ পৰা দলটোৱে অৰুণাচল প্ৰদেশৰ ভাৰত – চীন সীমান্ত অভিমুখে যাত্ৰা কৰিব । দলটোত দুজন কমিচনড বিষয়া , এজন জুনিয়ৰ কমিচনড বিষয়া আৰু ১০ জন নন কমিচনড তথা অন্যান্য পদবীৰ কৰ্মচাৰীয়ে ভাগ লৈছে । উল্লেখযোগ্য যে অহা ২৭ ডিচেম্বৰত এই ৭৫ দিনীয়া যাত্ৰাৰ সামৰণি পৰিব বুলি বি আৰ অ’ৰ সূত্ৰত প্ৰকাশ।
Trending
- এয়াৰটেলৰ গ্ৰাহকৰ বাবে বিশেষ সুবিধা
- সাংসদ গৌৰৱ গগৈৰ দাবীৰ প্ৰতি সঁহাৰি ৰেলৱে বোৰ্ডৰ -ডুমডুমা ৰেলৱে ষ্টেচন পুনৰ মুকলি কৰি যাত্ৰী সংৰক্ষণ ব্যৱস্থা(passenger reservation system) স্থাপনৰ দাবীক মান্যতা
- সদৌ অসম সাংবাদিক সন্থা(আজু)ৰ নগাঁও জিলা সমিতিৰ জিলা আয়ুক্ত দেৱাশীষ শৰ্মাক সম্বৰ্ধনা
- তামুলপুৰত লোন মেলা সম্পন্ন
- মালিগাঁৱত ৰে’লৱেৰ এছচি আৰু এছ টি এম্পলয়িজ এছ’চিয়েচনৰ গ্ৰীষ্মকালীন শিবিৰৰ সামৰণি
- মিডিয়া এছ’চিয়েছন, অসমৰ উদ্যোগত মহীৰূহ সাংবাদিক কনকসেন ডেকাৰ ৯৩ সংখ্যক জন্ম জয়ন্তী পালন
- ডং বান্ধ সন্দৰ্ভত মন্ত্ৰী অশোক সিংহলৰ গুৰুত্বপূর্ণ সভা-ডাঃ ৰবি বড়ো অসামৰিক চিকিৎসালয়ত মন্ত্ৰী অশোক সিংহলৰ আকস্মিক পৰিদৰ্শন
- গুৱাহাটীত সপ্তাহজোৰা অসামৰিক প্ৰশিক্ষণ কাৰ্যসূচীৰ সামৰণি
- কাঁহিকুছিস্থিত গোলাপ বৰবৰা ৰাজ্যিক পঞ্চায়ত আৰু গ্ৰামোন্নয়ন প্ৰতিষ্ঠানত আয়োজিত পঞ্চায়তৰ সভাপতি সকলৰ প্ৰশিক্ষণ কাৰ্যসূচী মুকলি কৰিলে ৰাজ্য চৰকাৰ পঞ্চায়ত আৰু গ্ৰামোন্নয়ন আদি বিভাগৰ মন্ত্ৰী ৰণজিৎ কুমাৰ দাসে
- এইচ ডি এফ চি বেংক ‘পৰিৱৰ্তনে দক্ষতা বিকাশ আৰু জীৱিকা প্ৰসাৰ কাৰ্যসূচীৰ অধীনত ৭.২ লাখৰো অধিক যুৱক-যুৱতীক প্ৰশিক্ষণ প্রদান