গুৱাহাটী জিলা পুথিভঁৰালৰ প্ৰেক্ষাগৃহত ভাৰতীয় নৃত্য উৎসৱ উপলক্ষ্যে প্ৰজেক্সেল (projexel) ফাউণ্ডেশ্যনৰ সৌজন্যত হেলপিং হেণ্ডচ চোচিয়েল ফাউণ্ডেশ্যনৰ সহযোগত কালি সন্ধিয়া এক বিচিত্ৰ অনুষ্ঠানৰ লগতে ভিন ভিন ক্ষেত্ৰৰ ১৩ ( তেৰ) জন বিশিষ্ট লোকলৈ জীৱনযোৰা সাধনা সন্মান প্ৰদান কৰে । সন্ধিয়া ৬:৩০ বজাত প্ৰদীপ প্ৰজ্বলনেৰে কাৰ্যসূচীৰ শুভাৰম্ভ কৰে বয়োজ্যেষ্ঠ সমাজকৰ্মী কামদেৱ শৰ্মা, অসম সাহিত্য সভাৰ কাৰ্যনিৰ্বাহক সদস্য তথা সাংবাদিক, লেখক দীপক শৰ্মা আৰু সমাজসেৱী গীতা দেৱানে।প্ৰজেক্সেল ফাউণ্ডেশ্যনৰ সঞ্চালক ড০ ববিতা সিনহাই আদৰণি ভাষণ জনোৱা বৰ্ণিল অনুষ্ঠানটোত বাংলাদেশৰ নৃত্যশিল্পী কামান্না ৰেহমান,সাহিত্যিক পেন্সনাৰ দিলস্ লক্ষ্মীন্দ্ৰ সিংহ,শিলচৰৰ বিশিষ্টা লেখিকা, অনুবাদিকা মঞ্জু সিনহা, অসমৰ প্ৰথমগৰাকী অসমীয়া গহণাৰ স্ৰষ্টা ৱাহেদা ৰহমান, বিষ্ণুপ্ৰিয়া মণিপুৰী উন্নয়ন পৰিষদৰ উপাধ্যক্ষ সমৰজিৎ সিনহা, আশুতোষ সিনহা, পূৰ্ণ মাঝি সিনহাই মুখ্য আৰু বিশিষ্ট অতিথি হিচাপে অংশ লৈ ভাৰতীয় সমাজ জীৱনত নৃত্যৰ প্ৰভাৱ আৰু ইয়াৰ প্ৰাসংগিকতা সাৱলীল ভাৱে উপস্থাপন কৰে । সাধনা সিনহা আৰু মঞ্জুৰী শৰ্মাই আঁত ধৰা অনুষ্ঠানত গুৰু সত্যজিৎ সিনহাৰ পবিত্ৰ সোঁৱৰণত মৰোণোত্তৰভাৱে গুৰু হৰিচৰণ সিনহা ( শ্বিলং, মেঘালয়), মৰণোত্তৰভাৱে নৃত্যগুৰু লক্ষণ সিনহা (পাথাৰকান্দি, শিলচৰ), জয়া দুৱৰা শইকীয়া (অসমৰ প্ৰথমগৰাকী বিহুকুঁৱৰী, গুৱাহাটী), বন্দনা দত্ত (বৰগীতৰ শিল্পী, অসম ডাউন টাউন বিশ্ববিদ্যালয়, পানীখাইটি, গুৱাহাটী), বিপুল দাস (কথক নৃত্যশিল্পী, গুৱাহাটী), ইন্দিৰা নন্দি (প্ৰসিদ্ধ শিল্পী, ধুবুৰী), সুনীল কুমাৰ সিনহা (গুৱাহাটী), ড০ স্বপন কুমাৰ সিনহা (শিলচৰ), অমল গুপ্তা (সাংবাদিক, গুৱাহাটী), মৰণোত্তৰভাৱে হিমু সিনহা (বোলছৱিৰ কৰিঅগ্ৰাফাৰ, মুম্বাই, কু়ঞ্জলাল সিনহা (পাথাৰকান্দি),এলভিছ আলি হাজৰিকা (খেলুৱৈ) আৰু হেমন্ত কুমাৰ (অধ্যাপক, বিশ্বভাৰতী, কোলকাতা)ক জীৱনযোৰা সাধনা” সন্মান প্ৰদান কৰে । অনুষ্ঠানত সত্ৰীয়া নৃত্য, দেউধনী নৃত্য, মণিপুৰী নৃত্য, খোলবাদন, ভোৰতাল আদি বিভিন্ন নৃত্য পৰিৱেশন কৰি অনুষ্ঠানটি প্ৰাণবন্ত কৰি তোলে।
Trending
- ভাৰত-ৰাছিয়াৰ বৈজ্ঞানিক সহযোগিতাৰ বৃদ্ধিৰ বাবে ৰাছিয়াত উপস্থিত গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ৰ প্ৰতিনিধি দল
- অসম মহিলা অভিযন্তা সংস্থাৰ প্ৰতিষ্ঠা দিৱসত অভিযান্ত্ৰিক ডিগ্ৰী আৰু ডিপ্লমা পাঠ্যক্ৰমৰ মেধাৱী ছাত্ৰীক পুৰস্কাৰ প্ৰদান
- চলিত বিত্তীয় বৰ্ষৰ প্ৰথম ৭মাহত সৰ্বাধিক ৩৩৫.৬৭ কোটিৰো অধিক ৰাজহ সংগ্ৰহ কামৰূপ মহানগৰ জিলা পৰিবহণ বিভাগৰ
- খানাপাৰাত ত্ৰয়োদশ ভাৰত ঔদ্যোগিক মেলা শুভাৰম্ভণি অনুষ্ঠান
- কামৰূপ(ম) জিলাত কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী জিতিন প্ৰসাদৰ পৰ্যালোচনা বৈঠক
- মুম্বাই সাহিত্য সভা স্বৰ্ণ শাখাৰ নতুন পদক্ষেপ ‘চিনাকি পৰ্ব’
- নিশাৰ আন্ধাৰত বৃহত্তৰ ৰাণী অঞ্চলৰ খেতিপথাৰত বন্যহস্তীৰ মুক্ত বিচৰণ – চিন্তিত কৃষক টঙিঘৰ সাজি পহৰা দিছে কৃষকে
- Surat Municipal Corporation Lists ₹200 Crore Green Municipal Bond on NSE Marks a milestone in sustainable urban finance
- Career Counselling and Vocational Guidance Programme organised by the District Employment Exchange
- NSE celebrates the spirit of Diwali Muhurat Trading; MD & CEO calls it a symbol of Faith, Knowledge, and Growth