গুৱাহাটী বিশ্ববিদ্যালয়ত ভাৰতীয় জ্ঞান পৰম্পৰাৰ দৃষ্টিভংগীৰে বৌদ্ধ দৰ্শন শীৰ্ষক বক্তৃতানুষ্ঠান সম্পন্ন
ভাৰতীয় জ্ঞান পৰম্পৰাৰ দৃষ্টিভংগীৰে বৌদ্ধ দৰ্শন শীৰ্ষক এক বক্তৃতানুষ্ঠান গুৱাহাটী বিশ্ববিদ্যালয়ৰ দূৰ আৰু অনলাইন শিক্ষাকেন্দ্ৰৰ সভাগৃহত দুই জুনত অনুষ্ঠিত হয় । বক্তৃতানুষ্ঠানটিত বৌদ্ধ দৰ্শন, ভাৰতীয় জ্ঞান পৰম্পৰা আৰু আধুনিক বৈজ্ঞানিক ধাৰাৰ সংশ্লেষণাত্মক দৃষ্টিভংগী, আয়ুৰ্বিজ্ঞান, নীতিশাস্ত্ৰ, অৰ্থনীতি, ৰাজনীতি আদি ভিন্ন বিষয়ক লৈ গৱেষণালব্ধ সাৰুৱা ভাষণ প্ৰদান কৰে অধ্যাপক ডঃ ৰাণা পুৰুষোত্তম কুমাৰ সিঙে। নালন্দা মহাবিহাৰ বিশ্ববিদ্যালয়ৰ অধ্যাপক ডঃ সিঙে ভাষণত ভিয়েটনাম, কম্বোদিয়া, থাইলেণ্ড, দক্ষিণ কোৰিয়া, টাইৱান, চীন, তীব্বত, শ্ৰীলংকা, পাকিস্তান আদি দেশত প্ৰাচীন ভাৰতৰ জ্ঞান পৰম্পৰা সম্বন্ধে কৰা অনুসন্ধানত লাভ কৰা কেতবোৰ অত্যন্ত গুৰুত্বপূৰ্ণ অভিজ্ঞতা আৰু তথ্য সদৰি কৰে । বক্তৃতানুষ্ঠানত, গুৱাহাটী বিশ্ববিদ্যালয়ৰ কেবাটাও বিভাগৰ বিভাগীয় মুৰব্বী, অধ্যাপক অধ্যাপিকা উপস্থিত থকাৰ উপৰিও আই আই টি, গুৱাহাটী, অসম ডাউন টাউন বিশ্ববিদ্যালয়, অসম ডনবস্কো বিশ্ববিদ্যালয়, শ্ৰীমন্ত শংকৰদেৱ বিশ্ববিদ্যালয়, পুদ্দুচেৰি বিশ্ববিদ্যালয়ৰ লগতে কেৱাখনো মহাবিদ্যালয়ৰ অধ্যক্ষই অনলাইনযোগে অংশগ্ৰহণ কৰে। গুৱাহাটী বিশ্ববিদ্যালয়ৰ দূৰ আৰু অনলাইন শিক্ষাকেন্দ্ৰৰ সঞ্চালক হে ডঃ দেৱহৰি তালুকদাৰে আদৰণি ভাষন প্ৰদান কৰি আন্তঃপ্ৰতিষ্ঠানগত জ্ঞান বিনিময় কাৰ্য্যসূচীৰ পৰৱৰ্তী পদক্ষেপ হিচাপে গুৱাহাটী বিশ্ববিদ্যালয় দূৰ আৰু অনলাইন শিক্ষাকেন্দ্ৰ আৰু গুৱাহাটী বিশ্ববিদ্যালয়ৰ কেইখনমান সংবদ্ধ মহাবিদ্যালয়ৰ ছাত্ৰ ছাত্ৰী আৰু শিক্ষক শিক্ষয়িত্ৰীৰ এটা দলে অহা জুলাই মাহত নালন্দা বিশ্ববিদ্যালয় ভ্ৰমণ কাৰ্য্যসূচীৰ বিষয়ে অৱগত কৰে। আনহাতে ডঃ বৰ্ণালী চৌধুৰীয়ে আঁত ধৰা অনুষ্ঠানত বন্তি প্ৰজ্বলন, প্ৰাৰ্থনা আৰু কৃতজ্ঞতা জ্ঞাপন কৰে ক্ৰমে ডঃ তৃষ্ণামণি কলিতা আৰু ডঃ তছলিমা নাছৰিনে।