গুৱাহাটী বিশ্ববিদ্যালয়ত কাউন্সিল ফৰ টিচাৰ এডুকেচন ফাউণ্ডেশ্যন (চিটিইএফ) আৰু বিশ্ববিদ্যালয়ৰ এনএছএছ কোষৰ উদ্যোগত ২৬ জুনত দিনজোৰা কাৰ্যসূচীৰে ফণীধৰ দত্ত প্ৰেক্ষাগৃহত “দেশ প্ৰথম : যুৱ আহ্বান কৰা” শীৰ্ষক এক যুৱ সন্মিলন সম্পন্ন হয় ।মুখ্য অতিথি হিচাপে উপস্থিত থাকি অসমৰ মাননীয় ৰাজ্যপাল আৰু বিশ্ববিদ্যালয়ৰ আচাৰ্য প্ৰফেছৰ জগদীশ মুখী ডাঙৰীয়াই কয় যে যুৱক-যুৱতী দেশৰ নিৰ্মাতা আৰু আত্মনিৰ্ভৰ ভাৰত আঁচনিৰ জৰিয়তে যুৱক-যুৱতীসকল আত্মনিৰ্ভৰশীল হোৱাৰ বাবে যাৱতীয় পদক্ষেপ গ্ৰহণ কৰিব লাগে। দেশ গঠনৰ বাবে প্ৰতিজন যুৱকৰ দায়িত্ব অতি গুৰুত্বপূৰ্ণ আৰু ভাৰতীয় সংস্কৃতি আৰু ঐতিহ্য সংৰক্ষণৰ বাবে এন এছ এছ স্বেচ্ছাসেৱক আৰু এন চি চি ৰ সদস্যসকলে আমাৰ সমাজত সক্ৰিয় ভূমিকা গ্ৰহণ কৰা উচিত আৰু বিজ্ঞান আৰু প্ৰযুক্তিৰ উদ্ভাৱনমূলক ক্ষেত্ৰত গুৰুত্ব দিবলৈ আহ্বান জনায় ।বিশ্ববিদ্যালয়খনৰ উপাচাৰ্য অধ্যাপক প্ৰতাপ জ্যোতি সন্দিকৈয়ে ভাষণ প্ৰসংগত কয় যে যুৱক-যুৱতী হৈছে আমাৰ দেশৰ ভৱিষ্যত আৰু যুৱক-যুৱতীয়ে জাতি গঠনত এক বৃহৎ ভূমিকা পালন কৰে আৰু দেশৰ বিকাশ আৰু প্ৰগতিৰ দিশত আগবাঢ়ি যোৱাত সহায় কৰে। অধ্যাপক সন্দিকৈয়ে এন এছ এছৰ স্বেচ্ছাসেৱক আৰু কাৰ্যসূচী বিষয়াসকলৰ সমাজ আৰু জাতিলৈ আগবঢ়োৱা অৱদানৰ শলাগ লয়। সন্মানীয় অতিথি হিচাপে NERAMAC ৰ পৰিচালক সঞ্চালক আৰু নেডফিৰ উপদেষ্টা আৰু পৰামৰ্শদাতা মনোজ কুমাৰ দাসে এজন উদ্যোগী হোৱাৰ সম্ভাৱ্য সুবিধাসমূহ ব্যাখ্যা কৰাৰ লগতে এন এছ এছৰ স্বেচ্ছাসেৱকসকলৰ বাবে উপকাৰী হ’ব পৰা বিভিন্ন আঁচনিৰ কথা উল্লেখ কৰে। অনুষ্ঠানৰ আৰম্ভণিতে চিটিইএফৰ অধ্যক্ষ অধ্যাপক নিলিমা ভগাবতীয়ে অতিথি আৰু অংশগ্ৰহণকাৰীসকলক আদৰণি জনাই কয় যে ছাত্ৰ সমাজৰ অধিক স্বাৰ্থৰ বাবে চিটিইএফে জ্ঞানভিত্তিক কাৰ্যসূচীৰ ওপৰত কাম কৰি আহিছে। গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰকল্যান সঞ্চালক তথা এন এছ এছৰ কাৰ্যসূচী সমন্বয়ক ডঃ ৰঞ্জন কুমাৰ কাকতিয়ে শলাগৰ শৰাই জ্ঞাপন কৰি এই সন্মিলনীৰ বাবে সকলোকে ধন্যবাদ জনায় । উক্ত সন্মিলনত চাৰিজন সফল উদ্যোগী শ্ৰী মনোজ কুমাৰ বসুমতাৰী, আকাশ জ্যোতি গগৈ, কৃষ্ণকান্ত বৰা, দেৱজিৎ বৰ্মনে সফল উদ্যোগী হ’বলৈ কেনেকুৱা গুণৰ অধিকাৰী হোৱাটো দৰকাৰ সেই বিষয়ে তেওঁলোকৰ সফলতাৰ কাহিনী ব্যাখ্যা কৰে। উক্ত সন্মিলনত অসমৰ ৰাজ্যপালে জাতি আৰু সমাজলৈ আগবঢ়োৱা অনবদ্য অৱদানৰ বাবে এন এছ এছৰ কাৰ্যসূচী বিষয়া আৰু স্বেচ্ছাসেৱকসকলক বিশ্ববিদ্যালয় পৰ্যায়ৰ এন এছ এছ বঁটা প্ৰদান কৰে। যুৱ সন্মিলনখনত বিভিন্ন মহাবিদ্যালয়ৰ এন এছ এছ বিষয়া ,অধ্যক্ষ আৰু স্বেচ্ছাসেৱক মিলি প্ৰায় ৩০০ জনে অংশগ্ৰহণ কৰে।
Trending
- বিকশিত অসমৰ অধীনত প্ৰস্তাৱ প্ৰস্তুতি সম্পৰ্কীয় বৈঠক
- সামাজিক মাধ্যমত অসমীয়া মিউজিক ভিডিঅ’ ফুলকুমলীয়া মুকলি
- পথিকৰ উদ্যোগত পদুমবড়ীত বিনামূলীয়া স্বাস্থ্য আৰু চকু পৰীক্ষা শিবিৰ সম্পন্ন
- কৰ্মশ্ৰী হিতেশ্বৰ শইকীয়া প্ৰেক্ষাগৃহত জালুকবাৰী থানা এলেকাৰ দুৰ্গা পূজা উদযাপন আৰু বিসৰ্জন বিষয়ক সভা সম্পন্ন
- Bringing Healthcare Closer to People: Health Camp Held in Kamrup under Seva Sankalp Abhiyan
- চি আৰ পি এফৰ প্ৰথমটো মহিলা বেটেলিয়ানৰ ৪০ বছৰীয়া বৰ্ষপূৰ্তিত ভাগ ললে দ্বিতীয় কমাণ্ড অধিকাৰী মীনা দাস বৰাসহ কেবাজনো অসমীয়া বিষয়া – জোৱানে
- অসমত HPV টিকাকৰণ অভিযান আৰু নিয়মীয়া টিকাকৰণৰ পৰ্যালোচনা
- ভাৰতীয় বিমানবন্দৰ প্ৰাধিকৰণৰ বৰঝাৰস্থিত কাৰ্যালয়ত নতুন ৰূপত ডঃ ভূপেন হাজৰিকা সন্মিলন কক্ষ
- কৰ্কট ৰোগৰ গৱেষণা – অধ্যয়নৰ বাবে গুৱাহাটী বিশ্ববিদ্যালয়ত এম এছ চি পাঠ্যক্ৰম – বি বৰুৱা কৰ্কট প্ৰতিষ্ঠানৰ সৈতে বুজাবুজিৰ চুক্তি
- NSE empanels Augmont as key partner for promotion of Electronic Gold Receipts (EGR)