গুৱাহাটী বিশ্ববিদ্যালয় এন এছ এ কোষৰ সহযোগিতাত গুৱাহাটী বিশ্ববিদ্যালয়ে ব্রহ্মপুত্র নদীৰ পান্ডু ঘাটত “আজাদী কা অমৃত মহোৎসৱ” উপলক্ষে “ভাৰতৰ নদী উদযাপন” এক অনুষ্ঠানৰ আয়োজন কৰে। বিশ্ববিদ্যালয়ৰ উপাচাৰ্য প্ৰতাপজ্যোতি সন্দিকৈ, ইউ জি চি আৰু ভাৰত চৰকাৰৰ জলশক্তি মিছনৰ পৰামর্শ অনুযায়ী গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰকল্যান সঞ্চালক তথা ৰাষ্ট্ৰীয় সেৱা আঁচনিৰ কাৰ্য্যসূচী সমন্বয়ক ডঃ ৰঞ্জন কুমাৰ কাকতিৰ নেতৃত্বত ৰাষ্ট্ৰীয় সেৱা আঁচনিৰ দলটোৰ লগত কাৰ্য্যসূচী বিষয়া ডঃ ঋতুপৰ্ন বৰা আৰু ৬০ জন স্বেচ্ছাসেৱকে ব্রহ্মপুত্র নদীৰ পান্ডু ঘাট পৰিষ্কাৰ কৰে। এন এছ এছ স্বেচ্ছাসেবক আৰু কর্মকর্তাসকলে ব্রহ্মপুত্র নদীৰ পাৰৰ পৰা প্রায় ১২ বেগ প্লাষ্টিক বর্জ্য সংগ্রহ কৰি জি এম চিৰ গাড়ীৰ মাধ্যমত নিৰাপদ ঠাইলৈ পঠিয়ায়। ডাঃ কাকতিয়ে সেই এলেকাৰ আশে-পাশে থকা মানুহক নদীৰ পাৰত আৱৰ্জনা নেপেলোৱাৰ বাবে আবেদন কৰি কয় যে – নদীৰ মাজেৰে বর্জ্য পদার্থ প্রবাহিত হ`লে নদী প্ৰদূষণ হোৱাৰ উপৰিও সাধাৰণ মানুহৰ ওপৰতো ইয়াৰ বিৰূপ প্ৰভাৱ পেলায় ।বিশ্ববিদ্যালয়খনৰ উপাচাৰ্য প্ৰফেছৰ প্রতাপ জ্যোতি সন্দিকৈ, পঞ্জীয়ক হেমন্ত কুমাৰ নাথে নদীক পৰিষ্কাৰ কৰাৰ এক ভাল উদ্যোগ গ্ৰহণ কৰাৰ বাবে এন এছ এছ কোষক অভিনন্দন জনাই আৰু ই সমাজত ইয়াৰ ইতিবাচক প্ৰভাৱ পেলাব বুলি কয় ।
Trending
- ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ অমূল্য সৃষ্টিৰাজি সংৰক্ষণৰ অৰ্থে বুজাবুজিৰ চুক্তি স্বাক্ষৰ-গুৱাহাটী বিশ্ববিদ্যালয়ৰ ঐতিহাসিক পদক্ষেপ
- গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ত পিএম শ্ৰী স্কুলৰ বাবে এ আই চি টি ইৰ উদ্ভাৱনী বুটকেম্পৰ সামৰণি
- The NSE Board has taken key decisions related to its future plans.
- NSE MD & CEO Welcomes Union Budget 2026–27 for Balancing Growth, Fiscal Discipline and future-Ready Reforms
- NSE Chairperson Hails SEBI No-Objection for IPO as Key Milestone
- এয়াৰটেলে ৩৬ কোটি ভাৰতীয়ক এডবি এক্সপ্ৰেছ প্ৰিমিয়ামৰ বিনামূলীয়া সুবিধা প্
- দৰং জিলাত জিলা উন্নয়ন সমিতিৰ বৈঠক অনুষ্ঠিত
- পথৰুঘাট কৃষক বিদ্ৰোহৰ শ্বহীদসকলক গভীৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৃষিমন্ত্ৰী অতুল বৰাৰ
- অসম সাহিত্য সভাৰ যুক্তৰাজ্য শাখাৰ উদ্যোগত ৭৬ সংখ্যক শিল্পী দিৱস, ভোগালী বিহু আৰু ডঃ ভূপেন হাজৰিকাৰ শতবাৰ্ষিকী উদযাপন
- কাঁচিয়লি’ৰ শিশুনাট সমাৰোহৰ সফল সামৰণি-বাঁহেৰে নিৰ্মিত মঞ্চত মঞ্চস্থ হ’ল পাঁচখনকৈ শিশুনাট