গুৱাহাটী বিশ্ববিদ্যালয় এন এছ এ কোষৰ সহযোগিতাত গুৱাহাটী বিশ্ববিদ্যালয়ে ব্রহ্মপুত্র নদীৰ পান্ডু ঘাটত “আজাদী কা অমৃত মহোৎসৱ” উপলক্ষে “ভাৰতৰ নদী উদযাপন” এক অনুষ্ঠানৰ আয়োজন কৰে। বিশ্ববিদ্যালয়ৰ উপাচাৰ্য প্ৰতাপজ্যোতি সন্দিকৈ, ইউ জি চি আৰু ভাৰত চৰকাৰৰ জলশক্তি মিছনৰ পৰামর্শ অনুযায়ী গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰকল্যান সঞ্চালক তথা ৰাষ্ট্ৰীয় সেৱা আঁচনিৰ কাৰ্য্যসূচী সমন্বয়ক ডঃ ৰঞ্জন কুমাৰ কাকতিৰ নেতৃত্বত ৰাষ্ট্ৰীয় সেৱা আঁচনিৰ দলটোৰ লগত কাৰ্য্যসূচী বিষয়া ডঃ ঋতুপৰ্ন বৰা আৰু ৬০ জন স্বেচ্ছাসেৱকে ব্রহ্মপুত্র নদীৰ পান্ডু ঘাট পৰিষ্কাৰ কৰে। এন এছ এছ স্বেচ্ছাসেবক আৰু কর্মকর্তাসকলে ব্রহ্মপুত্র নদীৰ পাৰৰ পৰা প্রায় ১২ বেগ প্লাষ্টিক বর্জ্য সংগ্রহ কৰি জি এম চিৰ গাড়ীৰ মাধ্যমত নিৰাপদ ঠাইলৈ পঠিয়ায়। ডাঃ কাকতিয়ে সেই এলেকাৰ আশে-পাশে থকা মানুহক নদীৰ পাৰত আৱৰ্জনা নেপেলোৱাৰ বাবে আবেদন কৰি কয় যে – নদীৰ মাজেৰে বর্জ্য পদার্থ প্রবাহিত হ`লে নদী প্ৰদূষণ হোৱাৰ উপৰিও সাধাৰণ মানুহৰ ওপৰতো ইয়াৰ বিৰূপ প্ৰভাৱ পেলায় ।বিশ্ববিদ্যালয়খনৰ উপাচাৰ্য প্ৰফেছৰ প্রতাপ জ্যোতি সন্দিকৈ, পঞ্জীয়ক হেমন্ত কুমাৰ নাথে নদীক পৰিষ্কাৰ কৰাৰ এক ভাল উদ্যোগ গ্ৰহণ কৰাৰ বাবে এন এছ এছ কোষক অভিনন্দন জনাই আৰু ই সমাজত ইয়াৰ ইতিবাচক প্ৰভাৱ পেলাব বুলি কয় ।
Trending
- NSE and India Habitat Centre Partner to Empower Citizens with Financial Literacy
- পথিকৰ উদ্যোগত যোৰহাটত চাইক্লাথন
- গুৱাহাটী বিশ্ববিদ্যালয়ৰ উদ্যোগত মধুপুৰ সত্ৰত সাঁচিপতীয়া পুথি পঠন-সংৰক্ষণ শীর্ষক কর্মশালা সম্পন্ন
- জাপানৰ ওছাকাত অনুষ্ঠিত হোৱা ৱৰ্ল্ড এক্সপ’ ২০২৫ত অসম ৰাজ্যিক প্ৰেক্ষাগৃহ উদ্বোধন
- ৰোগৰ নিৰ্ণয়ৰ পৰীক্ষা সমূহৰ মাচুল নিয়ন্ত্রণৰ বাবে গণস্বাক্ষৰ অভিযানৰ আৰম্ভণি আৰু মুখ্যমন্ত্ৰীলৈ স্মাৰকপত্ৰ প্ৰদান
- India is Emerging as a Financial Powerhouse, Says NSE Chief
- ক্ৰীড়াৰ জৰিয়তে এইচ ডি এফ চি বেংক পৰিৱৰ্তনে আজিলৈকে ৫ হাজাৰ ব্যক্তিক প্ৰভাৱিত কৰিছে।
- BJP Government Committed to Reclaiming Land from Infiltrators: Amit Shah
- আজাৰা পাটগাঁৱত বি এছ এফৰ আন্তঃকমাণ্ড মহিলা ক্ৰীড়া সমাৰোহৰ সামৰণি
- চীন দূতাবাসৰ পাঁচজনীয়া কূটনীতিবিদৰ দলৰ কটন বিশ্ববিদ্যালয় পৰিদৰ্শন