আজি গুৱাহাটীস্থিত প্ৰাগ নিউজৰ কাৰ্যালয়ত গোপাল জালানৰ নৱতম গ্ৰন্থ “অসুখী পৃথিৱীত সুখী হোৱাৰ বাসনা”প্ৰাগ নিউজৰ মুখ্য সম্পাদক প্ৰশান্ত ৰাজগুৰুদেৱে উন্মোচন কৰি ভাষণ ত কয় যে আমাৰ অসম বাতৰি কাকতত সম্পাদক হৈ থাকোতে গোপাল জালানৰ লেখা পঢ়াৰ সৌভাগ্য হৈছিল।আৰু তেতিয়াৰ পৰাই নিয়মীয়াকৈ কলম চলাই আজি দ্বাদশ গ্ৰন্থখন নিজে শুভদিন এটাত উন্মোচন কৰিবলৈ পাই নিজকে ধন্য মানিছো।গোপালৰ প্ৰতিটো লেখাত সমাজকখনৰ লগতে উঠি অহা যুৱক-যুৱতী সকলকলৈ একোটা বাৰ্তা প্ৰেৰণ কৰে।লগতে বিশাল প্ৰকাশনৰ প্ৰকাশক ব্ৰজেন্দ্ৰ নাথ ডেকাই কয় যে গোপাল জালানৰ ১২খন গ্ৰন্থৰ ১১খন গ্ৰন্থই বিশাল প্ৰকাশনে প্ৰকাশ কৰা গ্ৰন্থত লেখক জালানে সমাজত ঘটি থকা সৰু সৰু ঘটনাৰ আলম লৈ লিখা প্ৰৱন্ধসমুহ পঢ়ুৱৈ সমাজে আকোৱালি লৈছে।অনুষ্ঠানত লেখক জালানে কয় যে অন্য গ্ৰন্থসমুহৰ দৰে এইখন গ্ৰন্থও পঢ়ুৱৈ সমাজে গ্ৰহণ কৰিব বুলি আত্মবিশ্বাসী।উল্লেখযোগ্য যে এই গ্ৰন্থখন অসম সাহিত্য সভাৰ পাঠশালা অধিবেশনৰ গ্ৰন্থমেলাত আজিৰেপৰা উপলব্ধ হ’ব।
Trending
- অসম সাংস্কৃতিক ন্যাসৰ পাঁচদিনীয়া গ্ৰীষ্মকালীন কৰ্মশালাৰ সামৰণি
- চিন্তাবিদ – সমালোচক ডঃ হীৰেন গোঁহাইসহ চাৰিগৰাকী সাহিত্যিক- শিল্পীলৈ সাহিত্য সাধনা মঞ্চ অসমৰ সন্মান
- চিত্ৰশিল্পী-কবি ৱাহিদা আহমেদৰ কাব্যগ্ৰন্থ এশ বিয়োগ এক উন্মোচন
- জ্ঞানমালিনী সাহিত্য সভাৰ আজীৱন সভ্য ভৰ্ত্তি অভিযান
- এয়াৰটেলৰ গ্ৰাহকৰ বাবে বিশেষ সুবিধা
- সাংসদ গৌৰৱ গগৈৰ দাবীৰ প্ৰতি সঁহাৰি ৰেলৱে বোৰ্ডৰ -ডুমডুমা ৰেলৱে ষ্টেচন পুনৰ মুকলি কৰি যাত্ৰী সংৰক্ষণ ব্যৱস্থা(passenger reservation system) স্থাপনৰ দাবীক মান্যতা
- সদৌ অসম সাংবাদিক সন্থা(আজু)ৰ নগাঁও জিলা সমিতিৰ জিলা আয়ুক্ত দেৱাশীষ শৰ্মাক সম্বৰ্ধনা
- তামুলপুৰত লোন মেলা সম্পন্ন
- মালিগাঁৱত ৰে’লৱেৰ এছচি আৰু এছ টি এম্পলয়িজ এছ’চিয়েচনৰ গ্ৰীষ্মকালীন শিবিৰৰ সামৰণি
- মিডিয়া এছ’চিয়েছন, অসমৰ উদ্যোগত মহীৰূহ সাংবাদিক কনকসেন ডেকাৰ ৯৩ সংখ্যক জন্ম জয়ন্তী পালন