আজি গুৱাহাটীস্থিত প্ৰাগ নিউজৰ কাৰ্যালয়ত গোপাল জালানৰ নৱতম গ্ৰন্থ “অসুখী পৃথিৱীত সুখী হোৱাৰ বাসনা”প্ৰাগ নিউজৰ মুখ্য সম্পাদক প্ৰশান্ত ৰাজগুৰুদেৱে উন্মোচন কৰি ভাষণ ত কয় যে আমাৰ অসম বাতৰি কাকতত সম্পাদক হৈ থাকোতে গোপাল জালানৰ লেখা পঢ়াৰ সৌভাগ্য হৈছিল।আৰু তেতিয়াৰ পৰাই নিয়মীয়াকৈ কলম চলাই আজি দ্বাদশ গ্ৰন্থখন নিজে শুভদিন এটাত উন্মোচন কৰিবলৈ পাই নিজকে ধন্য মানিছো।গোপালৰ প্ৰতিটো লেখাত সমাজকখনৰ লগতে উঠি অহা যুৱক-যুৱতী সকলকলৈ একোটা বাৰ্তা প্ৰেৰণ কৰে।লগতে বিশাল প্ৰকাশনৰ প্ৰকাশক ব্ৰজেন্দ্ৰ নাথ ডেকাই কয় যে গোপাল জালানৰ ১২খন গ্ৰন্থৰ ১১খন গ্ৰন্থই বিশাল প্ৰকাশনে প্ৰকাশ কৰা গ্ৰন্থত লেখক জালানে সমাজত ঘটি থকা সৰু সৰু ঘটনাৰ আলম লৈ লিখা প্ৰৱন্ধসমুহ পঢ়ুৱৈ সমাজে আকোৱালি লৈছে।অনুষ্ঠানত লেখক জালানে কয় যে অন্য গ্ৰন্থসমুহৰ দৰে এইখন গ্ৰন্থও পঢ়ুৱৈ সমাজে গ্ৰহণ কৰিব বুলি আত্মবিশ্বাসী।উল্লেখযোগ্য যে এই গ্ৰন্থখন অসম সাহিত্য সভাৰ পাঠশালা অধিবেশনৰ গ্ৰন্থমেলাত আজিৰেপৰা উপলব্ধ হ’ব।
Trending
- আজিৰ পৰা ৰাজাপানীচান্দাত ৰঙালী বিহুৰ সোণালী জয়ন্তী বৰ্ষ আৰম্ভ
- ফিফা বিশ্বকাপ ২০২৬টিএম লৈ ভিছা আৰু এইচডিএফচি বেংকে ওচৰ চপাই আনিছে ভাৰতীয় অনুৰাগীসকলক
- পৰম্পৰাগত নৃত্য গীতৰ মাজেৰে মেঘালয়ৰ নংপোৰ সমীপৰ মাৰঙাত বিলত অসমীয়া সমাজৰ মাছ ধৰা উৎসৱ
- Assam Governor extends greetings on Rongali Bihu and Assamese New Year
- আন্তঃবিশ্ববিদ্যালয় থাং-টা প্ৰতিযোগিতাত গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰীৰ সোণৰ পদক লাভ
- পাণ্ডু বিহু সন্মিলনীৰ স্থায়ী ঠিকনা হ’ব জুবিন গাৰ্গ ৰেলৱে বিহুতলী মালিগাওঁ
- NSE Enables Instant Order Acknowledgement in Nanoseconds Across All Segments
- অসম বিধান সভাৰ সাধাৰণ নিৰ্বাচন- ভোটদানৰ হাৰ: ৮৪.৪২শতাংশ
- আম্বেদকাৰ জয়ন্তী উদযাপন
- অসম সহ উত্তৰ পূৱত ভূমিকম্পৰ জোকাৰণি