বিগত বৰ্ষসমূহৰ দৰে এইবাৰো তেজপুৰস্থিত শিক্ষা প্ৰতিষ্ঠান গিৰিজানন্দ চৌধুৰী ইনষ্টিটিউট অৱ মেনেজমেণ্ট এণ্ড টেকন’লজী চমুকৈ জি অাই এম টি, তেজপুৰত ‘Ethnic Day’ কাৰ্যসূচী হিচাপে ‘গোমচেং ২০১৯’ অনুষ্ঠানৰ অায়োজন কৰা হয়। উল্লেখযোগ্য ৰাজ্যখনৰ অাগশাৰীৰ অভিযান্ত্ৰিক শিক্ষা প্ৰতিষ্ঠানখনত প্ৰতিবছৰে ব’হাগ মাহৰ প্ৰথম পষেকত পৰম্পৰাগত সাজ পোছাক পৰিধানৰ দিৱস হিচাপে এটা দিন নিৰ্ধাৰণ কৰি বিশেষভাৱে উদযাপন কৰি অহা হৈছে। এই বৰ্ষৰ বাবে ২৭ এপ্ৰিলৰ দিনটোত অায়োজন কৰা উক্ত অনুষ্ঠানটোত প্ৰতিষ্ঠানখনৰ ছাত্ৰ-ছাত্ৰী, শিক্ষক-শিক্ষয়িত্ৰীসকলৰ লগতে অন্যান্য কৰ্মচাৰীবৃন্দ সকলোৱে পৰম্পৰাগত সাজপাৰ পৰিধান কৰি নিজ নিজ কৃষ্টি-সংস্কৃতিৰ পৰিৱেশন কৰে। পতাকা উত্তোলন অাৰু বন্তি প্ৰজ্বলনেৰে অনুষ্ঠানটোৰ শুভ-উদ্বোধন কৰে মহাবিদ্যালয় খনৰ অধ্যক্ষ ড° বুলজিৎ বুঢ়াগোহাঁয়ে। ইয়াৰ পিছতে ‘শ্ৰীময়ী অসমীৰ শীতল বুকুত উঠে উছৱৰ মধু অালোড়ণ’ শীৰ্ষক সমৱেত সংগীতেৰে সাংস্কৃতিক কাৰ্যসূচীৰ অাৰম্ভণি কৰা হয়। পৰৱৰ্তী সময়ত মহাবিদ্যালয়খনৰ ছাত্ৰ-ছাত্ৰী সকলে হোলী গীত, ভূপেন্দ্ৰ সংগীত, কবিতা অাবৃত্তি, বিহু, অাধুনিক গীত অাদি বিবিধ অনুষ্ঠান পৰিৱেশেনৰে পৰিৱেশ মুখৰ কৰি তোলে। অনুষ্ঠানৰ লগত সংগতি ৰাখি অসমৰ পৰম্পৰাগত খেল-ধেমালি কণী যুঁজ, ৰচী টনা, কলহ ভঙা অাদিৰো অায়োজন কৰা হয়। মহাবিদ্যালয়ৰ শিক্ষক কৰ্মচাৰীবৃন্দই বৰগীতৰ পৰা অাদি কৰি জিকিৰলৈ, জ্যোতি সংগীতৰ পৰা গোৱালপৰীয়া লোকগীতলৈ সকলো সংমিশ্ৰণ কৰি পৰিৱেশন কৰি মনোমোহা সংগীতানুষ্ঠানে কাৰ্যসূচীক অন্য এক মাত্ৰা দিয়ে। ইয়াৰ লগতে মহাবিদ্যালয়খনৰ সহকাৰী অধ্যাপক পিনাক পাণি বৰুৱা ৰচিত অাৰু নিৰ্দেশিত ‘কামোৰ’ শীৰ্ষক চুটি নাট এখনি পৰিৱেশন কৰা হয়। এইসমূহ অনুষ্ঠানৰ সমান্তৰাল ভাৱে অায়োজন কৰা হয় ‘পৰম্পৰাগত সাজপাৰ প্ৰতিযোগিতা’ অাৰু ‘পৰম্পৰাগত খাদ্য সম্ভাৰ প্ৰস্তুত প্ৰতিযোগিতা’। ছাত্ৰ-ছাত্ৰী, শিক্ষক-শিক্ষয়িত্ৰীয়ে সমিলমিলেৰে পৰিৱেশন কৰা বিহু নৃত্যৰে অনুষ্ঠানটোৰ সফল সামৰণি মৰা হয়।
Trending
- চৰাইদেউ জিলা পঞ্চায়তী ৰাজ প্ৰতিষ্ঠানৰ অন্তৰ্গত আঞ্চলিক পঞ্চায়তৰ ফটোবিহীন খচৰা ভোটাৰ তালিকা প্ৰকাশ
- ভাৰতী এয়াৰটেলত নৱ সংযোজন
- কাঁহিকুছিৰ উদ্যান শস্য গৱেষণা কেন্দ্ৰত কাজু আৰু ক’ক খেতি বিষয়ক তিনিদিনীয়া ৰাষ্ট্ৰীয় পৰ্যায়ৰ প্ৰশিক্ষণ কাৰ্যসূচী আৰম্ভ
- মধ্য গুৱাহাটী বিধানসভা সমষ্টি পৰ্যায়ৰ খেল মহাৰণ ২.০ ৰ সফল সামৰণি
- গুৱাহাটীত বেডমিণ্টন প্ৰতিযোগিতা সম্পন্ন, ল’ৰা শ্ৰেষ্ঠ খেলুৱৈ ময়ুৰেশ দত্ত ছোৱালী শ্ৰেষ্ঠ খেলুৱৈ কৃতিকা তামূলী
- অসামৰিক সেৱালৈ নিৰ্বাচিত আতুৰ কাঠাৰক বিজেপিৰ অনুসূচিত জনজাতি মৰ্চাৰ সম্বৰ্ধনা
- উত্তৰ প্ৰদেশৰ প্ৰয়াগৰাজত অনুষ্ঠিত হ’ব মহাকুম্ভ মেলা
- ডিচেম্বৰ মাহত খোৱাপানীৰ প্ৰায় ৯৫,৮৫৮টা নতুন সংযোগৰ বাবে আৱেদন মুকলি গুৱাহাটী জল ব’ৰ্ডৰ
- মালিগাঁওত উত্তৰ পূবৰ প্ৰথমটো বিৰলা ই বাইকৰ নতুন শ্ব’ৰূম মুকলি
- উৰিষ্যাত ৰাষ্ট্ৰীয় কুংফু প্ৰতিযোগিতাত অসমৰ শ্ৰেষ্ঠ দলৰ সন্মান লাভ