বতৰৰ চৰৱত আৰু ইয়াৰ উপকাৰিতা

0 458

বসন্ত কালৰ লগে লগে গৰমেও ভুমুকি মাৰিছে। প্ৰখৰ ৰ’দৰ তাপত পিয়াহত আমাৰ সকলোৰে অণ্ঠ কণ্ঠ শুকাই যোৱা যেন অনুভৱ হৈছে। হঠাৎ গৰম গৰম ভাব অহাৰ বাবে আমাৰ শৰীৰবোৰ ভাগৰুৱা ধৰণৰ হয় । কেৱল পানী খায়েই যেন পিয়াহ নপলায়, তাৰ লগতে চৰবত , ফলৰ ৰস, চ’ডাযুক্ত বিভিন্ন প্ৰকাৰৰ শীতল পানীয় , ৰঙ বিৰঙী আইচক্ৰীম, বৰফৰ প্ৰতি মনবোৰে চোন ঢাপলি মেলে । নতুন প্ৰজন্মৰ আসক্তি আকৌ বজাৰৰ নানা প্ৰকাৰৰ শীতল পনীয়ৰ প্ৰতিহে বেছি। কিন্তু বজাৰৰ এনেবোৰ শীতল পনীয় শৰীৰৰ বাবে বৰ এটা লাভদায়ক নহয় আৰু গুণগত দিশতো এইবোৰ পনীয় নিম্নমানৰ। বৰঞ্চ কেতিয়াবা এইবোৰ ক্ষতিকাৰক বুলিহে প্ৰমাণিত হৈছে যিহেতু সংৰক্ষণৰ বাবে বা সোৱাদৰ বাবে এইবোৰত বিভিন্ন ৰাসায়নিক পদাৰ্থ মিহলোৱা থাকে । ঠিক তেনেদৰে দেখাত ডাঙৰ ডাঙৰ সতেজ বজাৰৰ তৰমুজ আদি ফলমূলবোৰতো হৰমন ইঞ্জেকচন আদি ব্যৱহাৰ হয় বুলি মাজে সময়ে শুনিবলৈ পোৱা যায়। এইবোৰতকৈ বহুগুণে উৎকৃষ্ট আমাৰ থলুৱা ফলমূলৰ ৰস আৰু এইবোৰৰ পৰা বনোৱা বিভিন্ন প্ৰকাৰৰ সুস্বাদু পনীয়। পিয়াহ গুচোৱাৰ উপৰিও এনেবোৰ থলুৱা পনীয়ই আমাৰ স্বাস্থ্য ৰক্ষা কৰে আৰু বিভিন্ন ৰোগ নিৰাময়ো কৰে। অতীতৰ নিভাজ গাঁৱলীয়া লোকসকলে তৃষ্ণা নিবাৰণৰ বাবে বতৰৰ উপযোগী থলুৱা ফলমূল ব্যৱহাৰ কৰিছিল যিবোৰৰ ঔষধি গুণাগুণ বেছি। আনকি আলহী অতিথি আপ্যায়ন কৰোতে এনেবোৰ থলুৱা ফলৰ চৰবত ব্যৱহাৰ কৰিছিল। সেয়েহে হয়তো তেওঁলোক স্বাস্থ্যবান আৰু নিৰোগী আছিল। অসমৰ জলবায়ুত নানা প্ৰকাৰৰ ফলমূল পোৱা যায়। প্ৰতিটো ঋতুতে প্ৰকৃতিৰ বুকুত আমাৰ শৰীৰৰ বাবে উপকাৰী ফলমূল উপলব্ধ হয়। ঋতু অনুসৰি বতৰৰ এনেবোৰ ফলমূল সেৱন কৰিলে আমাৰ শৰীৰৰ ক্লান্তি বৃদ্ধি হয় , গৰমত হোৱা বিভিন্ন ৰোগ নিৰাময় হয়। গৰম অহাৰ লগে লগে ফলৰ ৰস বিক্রেতাৰ ব্যৱসায়ো খুব ভালকৈ চলে কাৰণ তেওঁলোকৰ ওচৰত সৰহসংখ্যক তৃষ্ঞাতুৰ পথিকে তৃষ্ঞা নিবাৰণ কৰে। গৰমত আমাৰ শৰীৰ ক্লান্ত হোৱাৰ উপৰিও ঘামি থকাৰ বাবে শৰীৰত পানী আৰু খনিজৰ প্ৰয়োজন হয়। এই প্ৰয়োজন পূৰাবলৈ ফলৰ ৰস, চৰবত আদিৰ প্ৰয়োজন হয়। বৰ্তমান বতৰৰ উপযোগী তেনে কেতবোৰ থলুৱা ফলমূলৰ ৰস, চৰবত আৰু সেইবোৰৰ উপকাৰীতা সম্বন্ধে তলত উল্লেখ কৰা হৈছে:-

?থেকেৰা চৰবত:- থেকেৰাৰ ঔষধি গুণৰ বাবে আমাৰ খাদ্যসম্ভাৰত ইয়াৰ বিশেষ স্থান আছে। থেকেৰা শুকুৱাই সংৰক্ষণ কৰি ঘৰত সাঁচি ৰখা পৰম্পৰা বহু দিনৰ পৰাই চলি আহিছে। আগৰ দিনত আমাৰ ককা আইতাসকলে গুৰ আৰু থেকেৰাৰে বনোৱা ‘ জুৰণি’ খাইছিল । গৰমৰ দিনত থেকেৰাৰ চৰবত খালে বহু ৰোগ নহয়। ডায়েৰীয়া, ডিচেন্ত্রী, সঞ্চিত গ্ৰহণী, কৌষ্ঠকাঠিন্য আদি পেটৰ যিকোনো সমস্যাত থেকেৰা উত্তম। ইয়াৰ উপৰিও পেচাবৰ সমস্যা যেনে পেচাব জ্বলাপোৰা কৰা, পেচাবৰ সংক্ৰমণ আদিত, উচ্চ ৰক্তচাপ, কলেষ্টৰল, ফেতি লিভাৰ, মেদবহুলতা আদিতো থেকেৰা উপকাৰী। থেকেৰা চৰবত বনাবলৈ দুই তিনিফুটা থেকেৰা এগিলাচ পানীত অকণমান তালমিচিৰি দি এৰাতি তিয়াই থব লাগে। পিছদিনা চেকনিৰে চেকি পুৱা খলিপেটত খাব লাগে। নাইবা থেকেৰা দুই তিন ঘণ্টা তেনেদৰে তিয়াই ৰাখি দিনৰ যিকোনো সময়ত চৰবত হিচাবে খাব পাৰি। পিয়াহ গুচোৱাৰ উপৰিও গৰমৰ দিনত হোৱা বিভিন্ন সমস্যা নিৰ্মূল হয়।
? বেলৰ চৰবত:-কেঁচা বা পকা বেল দুয়োবিধেই চৰবত হিচাবে বনাই খাব পাৰি। বেল আমাৰ স্বাস্থ্যৰ বাবে উপকাৰী। বিশেষকৈ গেছ, এচিডিটি, বদ হজম, গ্ৰহণী, কৌষ্ঠকাঠিন্য আদি পেটৰ বিভিন্ন সমস্যাত বেল উপকাৰী। বেলৰ ভিতৰৰ মঙহাল অংশ উলিয়াই কিছুসময় পানীত তিয়াই ৰাখিব লাগে। তাৰ পিছত চেকনিৰে চেকি লৈ অকণমান ক’লা নিমখ, চেনি বা মিছিৰি দি চৰবত বনাই খাব পাৰি। এনে চৰবতত ফ্লেভাৰ বা সোৱাদৰ বাবে পদিনাৰ পাত দিব পাৰি। পিয়াহ পলোৱাৰ উপৰিও আমাৰ শৰীৰৰ পুষ্টিসাধন কৰে।
? কাজিনেমুৰ চৰবত:- আমাৰ অসমৰ জলবায়ুত কাজিনেমু খুব হয়। ভাতৰ লগত কাজিনেমু এচকল লোৱাটো আমাৰ বহুতৰে অভ্যাস। ইয়াৰ উপৰিও কাজিনেমুৰ চৰবতে বহু আগৰে পৰা সকলোৰে পৰা সমাদৰ পাই আহিছে। কেইদশক মান আগলৈকে গৰমৰ দিনত আলহী অতিথি আহিলে গৃহিনী গৰাকীয়ে নেমুৰ চৰবত এগিলাচ আগবঢ়ায় দিয়াটো এখন চিনাকি ছবি আছিল। আজিৰ দৰে কিনা জুছ, স্কোৱাচ আদিৰ ব্যৱহাৰ নাছিলেই। নেমুৰ চৰবতে তৎক্ষণাত আমাৰ তৃষ্ঞা দূৰ কৰে। নিমখ আৰু চেনি দিয়া নেমুৰ চৰবতে গৰমত হোৱা দিহাইড্ৰেচন দূৰ কৰে। তদুপৰি নেমুত থকা ভিটামিন চি য়ে আমাৰ শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰে। নেমুৰ চৰবত বনাওতে সোৱাদ বৃদ্ধিৰ বাবে ইচ্ছা অনুসৰি ফ্ৰীজৰ পানী, পদিনা পাতৰ ৰসও দিব পাৰি। এনেদৰে বনোৱা শীতল পানীয় বজাৰৰ চ’ডাযুক্ত শীতল পানীয়তকৈ বহু উপকাৰী।
☘️ তেঁতেলীৰ চৰবত:- তেঁতেলীৰ নাম শুনিলেই জিভাৰ পানী পৰে নহয়নে বাৰু? সুস্বাদু চাটনি, আচাৰ আৰু কত যে কি কি ব্যঞ্জনত তেঁতেলীৰ ব্যৱহাৰ হয়। জিভাৰ জুতি বঢ়োৱাৰ উপৰিও ই আমাৰ স্বাস্থ্য ৰক্ষাতো সহায় কৰে। উচ্চ ৰক্তচাপ ,ডায়েবেটিচ, মেদবহুলতা, গল ব্লাডাৰ ৰোগীৰ বাবে তেঁতেলী উত্তম পথ্য। যিসকল ব্যক্তিৰ ফেতি লিভাৰৰ সমস্যাত ভুগি আছে তেওঁলোকৰ বাবেও তেঁতেলী উপকাৰী। তেঁতেলীৰ চৰবত খাবলৈও বৰ ভাল লাগে। পকা তেঁতেলী কেইফুটামান পানীত তিয়াই ৰাখি চেকনিৰে চেকি সোৱাদ অনুসৰি ক’লা নিমখ, চেনি বা মিছিৰি দি খাব পাৰি। গৰমত তৃষ্ঞা নিবাৰণ কৰাৰ ওপৰিও পেট চাফা কৰে, পেচাব খোলোচা কৰে।
? ভীমকলৰ চৰবত বা ভীমকলৰ জুৰণি:- ভীমকলৰ চৰবত বুলি শুনি আচৰিত যেন লাগিছে চাগৈ। কিন্তু অতীতত এই ভীমকলৰ বহুল ব্যৱহাৰ হৈছিল। ভীমকলৰ পৰা বনোৱা ‘জুৰণি’ বা চৰবত খেতিপথাৰত কাম কৰা খেতিয়ক, ৰোৱনী আদিয়ে পান কৰিছিল। স্বভাৱত শীতল আৰু অতি শক্তিদায়ক এই চৰবতে গৰমত পিয়াহ দূৰ কৰাৰ উপৰিও গৰমৰ প্ৰকোপৰ পৰা বচাই ৰাখিছিল। ভীমকলৰ জুৰণি বনাবলৈ ভীমকল চকলিয়াই এৰাতি পানীত তিয়াই ৰাখিব লাগে। ৰাতিপুৱা চেকনিৰে চেকি লৈ খাব লাগে। ই পেট ঠাণ্ডা কৰে আৰু পেচাব খোলোচা কৰে। গৰমৰ দিনত হোৱা পেচাবৰ সমস্যাৰ বাবে ভীমকলৰ জুৰণি খুব উপকাৰী। সোৱাদ বৃদ্ধিৰ বাবে মিছিৰি বা চেনি দিও ল’ব পাৰি।
?আতলাছৰ চৰবত:- এতিয়াৰ বতৰৰ ফল আতলাছ । ঠাই বিশেষে ইয়াৰ নাম ভিন ভিন। বহুতে ইয়াক আটলাছ কঁঠাল বুলিও কয় কাৰণ কঁঠালৰ দৰে ইয়াৰ ভিতৰত অসংখ্য গুটি থাকে। পকা অতলাছৰ মলমলীয়া গোন্ধে আকৰ্ষণ কৰে। এই আতলাছ বৰ পুষ্টিকৰ ফল। আতলাছ খাই বেয়া পোৱা লোকে ইয়াক চৰবত হিচাবে বনাই খাব পাৰে। আতলাছ টুকুৰা টুকুৰকৈ কাটি পানীত তিয়াই ৰাখি চেকনিৰে চেকি লৈ সোৱাদ অনুসৰি চেনি বা মিছিৰি দি খাব পাৰি। আতলাছৰ গুটিবোৰ খোৱা অনুচিত। অধিক কেলৰিযুক্ত হোৱা বাবে ই দুৰ্বল শৰীৰত শক্তি প্ৰদান কৰে, আঁহযুক্ত হোৱা বাবে কৌষ্ঠকাঠিন্য, অৰ্শ ৰোগত উপকাৰী, আইৰণ থকা বাবে এনিমিয়া ৰোগত উপকাৰী। ইয়াৰ উপৰিও ডায়েৰীয়া, ডিচেন্ত্রী, পেচাবৰ সংক্ৰমণ, টাইফইদ, নিউমনীয়া ,মেলেৰিয়া আদিতো আতলাছ বৰ উপকাৰী।
?ডালিমৰ চৰবত:- ডালিমৰ গুণাগুণ কৈও শেষ কৰিব নোৱাৰি। গৰমৰ দিনত হোৱা পেটৰ বিভিন্ন ৰোগ যেনে ডায়েৰীয়া, ডিচেন্ত্রী আদিত ডালিমৰ ৰস বা চৰবত বৰ উপকাৰী। নিয়মিত ভাৱে ডালিম বা ডালিমৰ ৰস সেৱন কৰিলে ৰক্তহীনতা দূৰ হয় আৰু শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি হয় । ডালিমে এলজেইমাৰ আৰু কেঞ্চাৰ ৰোগো প্ৰতিৰোধ কৰে। ডালিমৰ চৰবত বনাবলৈ হ’লে ডালিমৰ খচি লৈ চেকনিৰে চেকি অকণমান ক’লা নিমখ দি খাব পাৰি। সোৱাদৰ বাবে ইয়াৰ লগত অন্য উপকৰণ যোগ দিব পাৰি। ফ্ৰীজত থৈ ঠাণ্ডা কৰিও খাব পাৰি।
☘️কুঁহিয়াৰ ৰস:- কুঁহিয়াৰ ৰসৰ নাম শুনিলেই গা শাত পৰি যায়। স্বভাৱত শীতল আৰু মিঠা হোৱা বাবে আমাৰ পিয়াহ, ভাগৰ সকলো নিমিষতে দূৰ হয়। পিছে বজাৰত পোৱা কুঁহিয়াৰ ৰস খোৱাতকৈ ঘৰতে বনাই খাব পাৰিলে বেছি স্বাস্থ্যসন্মত হয়।কুঁহিয়াৰ ৰস উলিয়াবলৈ মেচিনৰ ব্যৱহাৰ কৰিব পাৰি নাইবা ইচ্ছা কৰিলে দাঁতেৰে চোবাই খাবও পাৰি। দাঁতেৰে চোবাই খালে দাঁতবোৰো মজবুত হয়। আইৰণ, কেলচিয়াম, মেগনেছিয়াম আৰু অন্য অত্যাৱশ্যকীয় খনিজযুক্ত কুঁহিয়াৰ ৰসে গৰমত হোৱা দিহাইড্ৰেচন দূৰ কৰে। মূত্ৰজনন হোৱা বাবে পেচাবৰ সংক্ৰমণ, কিডনী স্টোনত বৰ উপকাৰী। ইয়াৰ উপৰিও কুঁহিয়াৰ ৰসে লিভাৰ কাৰ্য্যক্ষম কৰে আৰু জণ্ডিচত খুব উপকাৰী। এচিডিটি, কৌষ্ঠকাঠিন্য সমস্যাতো কুঁহিয়াৰ ৰস উপকাৰী।
?ডাবৰ পানী:- গৰমৰ দিনত তৃষ্ঞা নিবাৰণৰ হেতু ডাবৰ পানীয়ই হয়তো সকলোতকৈ বেছি ব্যৱহাৰ হয়। গৰমত মিঠা মিঠা ডাবৰ পানী খোৱাৰ আমেজেই সুকীয়া, পলকতে গা শাত পৰি যায়। ইয়াৰ উপকাৰীতা সৰ্বজনবিদিত। কাৰ্বোহাইড্ৰেট, প্ৰটিন, এণ্টিঅক্সিডেণ্ট, মেগনেছিয়াম, মেংগাণিজ, ভিটামিন চি ইত্যাদি উপদানেৰে ভৰপূৰ ডাবৰ পানী তৃষ্ঞা নিবাৰক হোৱাৰ উপৰিও অত্যাধিক পৰিশ্ৰম বা অন্য কাৰণত হোৱা শৰীৰৰ নিৰ্জলিভৱন ( দিহাইড্ৰেচন) দূৰ কৰে, কিডনি স্টোন আদিকে ধৰি প্ৰসাবৰ সমস্যা নিৰাময় কৰে, উচ্চ ৰক্তচাপ , কলেষ্টৰল সমস্যা থকা ৰোগীৰ বাবে উপকাৰী ।

☘☘☘☘ ওপৰত উল্লেখ কৰা ফলৰ উপৰিও এই সময়ত মিৰিকা টেঙা, নগাটেঙা, নুনি আদি ফল অসমত হয় যদিও সকলো অঞ্চলত এইবোৰ উপলব্ধ নহয়। ঋতু অনুযায়ী খাদ্য গ্ৰহণ কৰাটো নিত্যান্ত প্ৰয়োজনীয় । কোনো এখন ঠাইত সেই ঠাইৰ জলবায়ু অনুসৰি বিভিন্ন ফলমূল বা শাকপাচলি বা অন্য খাদ্য সামগ্ৰী পোৱা যায় যাক কোৱা হয় ‘ Seasonal fruits and vegetables’।আমাৰ শৰীৰৰ বাবে এনেবোৰ খাদ্যহে বেছি উপযোগী। বজাৰৰ আমদানিকৃত বিদেশী ফলমূল খোৱাতকৈ আমাৰ থলুৱা ফলবোৰহে খোৱাত গুৰুত্ব দিয়া উচিত। অসমৰ জলবায়ুত ফলমূল সমূহৰ উৎপাদন আহাৰ মাহত খুব বেছিকৈ হয়। সেয়েহে কবিতাৰ ভাষাত কোৱা হয় ‘ আহাৰ মাহত বাৰীত পকে আম, কঁঠাল জাম।’ কম হলেও বৰ্তমান উপলব্ধ কেতবোৰ ফলমূলেৰে আমি এই দিনকেইটাত আমাৰ তৃষ্ণা নিবাৰণ কৰিব পাৰো। কিছুদিনৰ পিছত বজাৰত লিচু ওলাব , তাৰ পিছত লেতেকু, পনিয়ল, আম, কঁঠাল, জামু আৰু কত কিযে ফল। সুস্বাস্থ্যৰ বাবে এনেবোৰ ফলমূলৰ ৰস বা চৰবতৰ জুতি লওক আৰু গ্ৰীষ্মৰ প্ৰকোপৰ পৰা নিজকে ৰক্ষা কৰক।
ডাঃ ৰেইনী দেৱী ( আয়ুৰ্বেদিক চিকিৎসক)
গুৱাহাটী

Leave A Reply

Your email address will not be published.