গোলাঘাটত দুদিনীয়াকৈ প্ৰধানমন্ত্ৰী কিষাণ সন্মান নিধি আঁচনিৰ শিবিৰ অনুষ্ঠিত

0 167

গোলাঘাটত দুদিনীয়াকৈ প্ৰধানমন্ত্ৰী কিষাণ সন্মান নিধি আঁচনিৰ বিশেষ শিবিৰ অনুষ্ঠিত হয়।গোলাঘাট জিলা প্ৰশাসনৰ সহযোগত জিলা কৃষি বিভাগৰ দ্বাৰা প্ৰধানমন্ত্ৰী কিষাণ সন্মান নিধি (পি এম-কিষাণ) আঁচনিৰ তালিকাভুক্ত যোগ্য কৃসকসকলৰ ১৪নং কিস্তিৰ ধন লাভত সহায় হোৱাকৈ গোলাঘাট জিলাৰ আঠোটা উন্নয়ন খণ্ডত ১৬ আৰু ১৭ জুনত পি এম-কিষাণ বিশেষ শিবিৰ অনুষ্ঠিত হৈ যায়।

উল্লেখ্য যে, গোলাঘাট উত্তৰ উন্নয়ন খণ্ডত অনুষ্ঠিত শিবিৰত এই আঁচনিৰ বাবে যোগ্য বিবেচিত হৈয়ো বিভিন্ন কাৰনত প্ৰাপ্যৰ পৰা বঞ্চিত হৈ থকা সহস্ৰাধিক কৃষকসকলক সহযোগিতা আগবঢ়োৱা হয়। ই-কে ৱাই চিৰ ব্যৱস্থা কৰাৰ লগতে ভাৰতীয় পোষ্ট পেইমেন্ট বেংক একাউণ্ট খোলাৰ ব্যৱস্থাও কৰা হয়।

উক্ত শিবিৰত গোলাঘাট জিলা আত্মাৰ উপ প্ৰকল্প সঞ্চালক তপন কুমাৰ মহন্ত, দেৰগাঁও কৃষি চক্ৰৰ কৃষি উন্নয়ন বিষয়া বিদিশা বৰপাত্ৰ গোহাঁই, আত্মাৰ খণ্ড প্ৰযুক্তি ব্যৱস্থাপক টিংকুমনি গগৈ, এপাৰ্টৰ ৰিচাৰ্চ টেক্নিচিয়ান অভিষেক সিংহা, আত্মাৰ সহকাৰী খণ্ড প্ৰযুক্তি ব্যৱস্থাপক প্ৰণৱ বৰুৱা প্ৰমুখ্যে গ্ৰাহক সেৱা কেন্দ্ৰৰ সাতগৰাকী অভিজ্ঞ ব্যক্তি উপস্থিত থাকে।

Leave A Reply

Your email address will not be published.