সম্প্ৰতি হাইস্কুল শিক্ষান্ত আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাক লৈ এক দোদুল্যমান স্থিতিৰ মাজত দিন কটাব লগীয়া হৈছে ছাত্ৰ ছাত্ৰীসকলে। বিশেষকৈ জীৱনৰ প্ৰথম আটাইতকৈ গুৰুত্বপূৰ্ণ পৰীক্ষা হিচাপে চিহ্নিত হাইস্কুল শিক্ষান্ত পৰীক্ষাত অৱতীৰ্ণ হ’বলৈ ওলোৱা ছাত্ৰ ছাত্ৰী সকলৰ মানসিক স্থিতিৰ কথা এতিয়া সকলোৰে জ্ঞাত। কিন্তু তাৰ মাজতে যিসকলে এইবাৰ হাইস্কুলৰ ডেওনা পাৰ হৈ উচ্চতৰ মাধ্যমিক বিজ্ঞান শাখাত অধ্যয়নৰ বাবে মন মেলিছিল সেইসকল ছাত্ৰ ছাত্ৰীৰ এতিয়া বহুখিনি সময় প্ৰায় অপচয় হ’ল। গতিকে সেইসকলৰ কথা চিন্তা কৰি আৰু লগতে যিসকল ছাত্ৰ ছাত্ৰীয়ে উচ্চতৰ মাধ্যমিকৰ কোনটো শাখাত অধ্যয়ন কৰিব সেই সম্পৰ্কে সিদ্ধান্ত ল’ব পৰা নাই বা বিজ্ঞান শাখাৰ বিষয়ে সঠিকভাৱে জানিবলৈ ইচ্ছুক সেই সকলো দিশৰ বিষয়ে বিবেচনা কৰি ছাত্ৰ ছাত্ৰী সকলক সহায়ৰ বাবে আগবাঢ়ি আহিছে গোলাঘাটৰ তিনি উচ্চ শিক্ষিত যুৱক যুৱতী। গোলাঘাটত ‘ইগনাইট ক’চিং চেণ্টাৰ ‘ নামেৰে এটা ক’চিং কেন্দ্ৰ চলাই থকা বিজ্ঞান শাখাৰ স্নাতকোত্তৰ ডিগ্ৰীধাৰী তিনি যুৱক যুৱতী ক্ৰমে ধ্ৰুৱজ্যোতি ৰাজখোৱা, মিৰ্জা ৱাকিব জাহান আৰু নীহাৰিকা হাজৰিকাই একাদশ শ্ৰেণীৰ বিজ্ঞান শাখাৰ আভাস দিয়াৰ উদ্দেশ্যে বিনামূলীয়া অনলাইন পাঠদানৰ কাৰ্যসূচী গ্ৰহণ কৰিছে। অহা ১০ জুলাইৰ পৰা সম্পূৰ্ণ এমাহৰ বাবে আগবঢ়াবলৈ লোৱা এই বিনামূলীয়া অনলাইন পাঠদানত ছাত্ৰ ছাত্ৰীসকলক উচ্চতৰ মাধ্যমিক বিজ্ঞান শাখাৰ গণিত, পদাৰ্থ বিজ্ঞান, ৰসায়ন বিজ্ঞান আৰু জীৱবিজ্ঞানৰ সবিশেষ জনোৱা হ’ব। এই বিনামূলীয়া অনলাইন পাঠদানৰ সবিশেষ জানিবলৈ ইচ্ছুক ছাত্ৰ ছাত্ৰীসকলে ৭৩৯৯২৯৬৩৮২, ৭০০২০৩৮২১৮ আৰু ৮০১১৫৩৭৭২১ নম্বৰত যোগাযোগ কৰিব পাৰে।
Trending
- অসম মহিলা অভিযন্তা সংস্থাৰ প্ৰতিষ্ঠা দিৱসত অভিযান্ত্ৰিক ডিগ্ৰী আৰু ডিপ্লমা পাঠ্যক্ৰমৰ মেধাৱী ছাত্ৰীক পুৰস্কাৰ প্ৰদান
- চলিত বিত্তীয় বৰ্ষৰ প্ৰথম ৭মাহত সৰ্বাধিক ৩৩৫.৬৭ কোটিৰো অধিক ৰাজহ সংগ্ৰহ কামৰূপ মহানগৰ জিলা পৰিবহণ বিভাগৰ
- খানাপাৰাত ত্ৰয়োদশ ভাৰত ঔদ্যোগিক মেলা শুভাৰম্ভণি অনুষ্ঠান
- কামৰূপ(ম) জিলাত কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী জিতিন প্ৰসাদৰ পৰ্যালোচনা বৈঠক
- মুম্বাই সাহিত্য সভা স্বৰ্ণ শাখাৰ নতুন পদক্ষেপ ‘চিনাকি পৰ্ব’
- নিশাৰ আন্ধাৰত বৃহত্তৰ ৰাণী অঞ্চলৰ খেতিপথাৰত বন্যহস্তীৰ মুক্ত বিচৰণ – চিন্তিত কৃষক টঙিঘৰ সাজি পহৰা দিছে কৃষকে
- Surat Municipal Corporation Lists ₹200 Crore Green Municipal Bond on NSE Marks a milestone in sustainable urban finance
- Career Counselling and Vocational Guidance Programme organised by the District Employment Exchange
- NSE celebrates the spirit of Diwali Muhurat Trading; MD & CEO calls it a symbol of Faith, Knowledge, and Growth
- মহানগৰীৰ গড়চুকত বিশ্ব বৰেণ্য শিল্পী হিয়াৰ আমঠু জুবিন গাৰ্গৰ বিশেষ শ্ৰদ্ধাঞ্জলি অনুষ্ঠান