গুৱাহাটী-চান্দমাৰীত অনুষ্ঠিত হৈ থকা অসম গ্ৰন্থমেলা বাকৰিত কালি সন্ধিয়া বিশিষ্টা কবি-লেখিকা, অৱসৰপ্ৰাপ্ত অধ্যাপিকা ড০ মৰমী বৰঠাকুৰ তালুকদাৰৰ প্ৰবন্ধ সংকলন “ভাৱ উৎসৱ আৰু অন্য গদ্য” উন্মোচন কৰে বয়োজ্যেষ্ঠ লেখিকা অলকানন্দ দত্তই। অনাতাঁৰ শিল্পী শিখামণি দত্তৰ গীতেৰে আৰম্ভ কৰা সভাত ভাষণ দি বহুভাষিক সাহিত্য মঞ্চ, অসম প্ৰধান সম্পাদক, সাংবাদিক, লেখক দীপক শৰ্মাই কয়- অসমত গ্ৰন্থ প্ৰকাশৰ অনুপাতে পাঠকৰ সংখ্যা কমিছে। আজি ৰাতিৰ ভিতৰতে চমক সৃষ্টিকাৰী লেখক লেখিকাৰ সংখ্যা বাঢ়িছে। কোনোজনে আজীৱন সাহিত্য সাধনা কৰিও একোকে স্বীকৃতি নাপায়। কোনোবাই ২-১ গ্ৰন্থ লিখিও নিশাৰ ভিতৰত জনপ্রিয় হৈ উঠে। আজিকালি কোনো কোনো লেখকে মাথো ২০ কপিকৈ কিতাপ চপাই ন-ন পুৰস্কাৰ পায়। জনপ্রিয়তাকৈ সফলতা অৰ্জন কৰা টান। মানুহৰ মনত সাঁচ বহুৱাই সাহিত্য সৃষ্টি কৰিব লাগে। সভাত অসম পাঠ্যপুথি প্ৰণয়ন আৰু প্ৰকাশন বিভাগৰ উপাধ্যক্ষ তুলসী বৰঠাকুৰে বক্তব্য দাঙি ধৰি মনোগ্রাহী সাহিত্য সৃষ্টিৰ বাবে লেখক-লেখিকা সকলে অধ্যয়ন কৰাৰ লগতে ভ্ৰমণ কৰিব লাগে বুলি কয়। বিশিষ্ট লেখক অশ্বিনী বেজবৰুৱাই সঞ্চালনা কৰা সভাত আন্তর্জাতিক খ্যাতিসম্পন্ন বাঁহী বাদক দীপক শৰ্মা, গল্পকাৰ বকুলী বৈশ্য, শিশু সাহিত্যিক সুৰেন্দ্ৰ মোহন দাস, ৰুমী তালুকদাৰ, বিষ্ণুপ্ৰিয়া মণিপুৰী সাহিত্য পৰিষদৰ সভাপতি দিলস্ লক্ষ্মীন্দ্ৰ সিংহ, ৰূপা ডেকা পাটৰে বক্তব্য দাঙি ধৰি মৰমী বৰঠাকুৰ তালুকদাৰৰ সৃষ্টিৰাজিৰ ওপৰত আলোচনা দাঙি ধৰে। অনুষ্ঠানত মনমিত মহন্তই গীত পৰিৱেশন, ৰাজ কমল কলিতা আৰু নৱ ডেকাই কবিতা আবৃত্তি কৰা সভাত লেখিকা গৰাকীৰ কণমানি নাতি অভিজ্ঞান তালুকদাৰ, অৰণ্য তালুকদাৰে আইতা মৰমী বৰঠাকুৰ তালুকদাৰৰ গ্ৰন্থৰ লগতে অন্য সাধুগ্ৰন্থ পঢ়াৰ কথা ব্যক্ত কৰে।
Trending
- খেল মহাৰণ ২.০ সন্দৰ্ভত কামৰূপ (ম) জিলা আয়ুক্তৰ নিৰ্দেশ
- লোকগীত সম্ৰাট ৰামেশ্বৰ পাঠক সোঁৱৰণী আন্তঃবিদ্যালয় লোকগীত প্ৰতিযোগিতা
- খানামুখত অসম শিক্ষণ প্ৰশিক্ষণ মহাবিদ্যালয়ৰ উদ্যোগত স্বাস্থ্য পৰীক্ষা শিবিৰ
- পশ্চিম গুৱাহাটীৰ সাংবাদিক জোন ৰাভাক শ্ৰেষ্ঠ সাংবাদিকতা বঁটা প্ৰদান
- বৈধ পৰিমাণ বিজ্ঞান বিভাগৰ মুখ্য কাৰ্যালয়-সহকাৰী নিয়ন্ত্ৰক কাৰ্যালয়ৰ উদ্যোগত সৰ্বভাৰতীয় জোখ-মাখ প্ৰচাৰ সপ্তাহৰ সামৰণি
- জিলা পৰ্যায়ৰ ক্ৰীড়া সমাৰোহৰ সফল সামৰণি-অনিল বৰা স্মৃতি যুৱ সংঘ আৰু পটুৱাকাটা মহিলা কাবাডী দ’ল ৰাজ্যিক পৰ্যায়ৰ ক্ৰীড়া সমাৰোহলৈ নিৰ্বাচিত
- প্ৰথম এন ডি আৰ এফ বেটেলিয়ানৰ বিংশতিতম প্ৰতিষ্ঠা দিৱস উদযাপন
- স্বাস্থ্য বিভাগৰ কাম-কাজৰ বিতং পৰ্যালোচনা মন্ত্ৰী অশোক সিংহলৰ
- শিল্পী দিৱসত কণ্ঠশিল্পী ৰঞ্জন বড়োক সম্বৰ্ধনা
- ৰাষ্ট্ৰীয় পথ-সুৰক্ষা মাহ উপলক্ষে আজি আৰ্য বিদ্যাপীঠ কলেজত পৰিবহণ বিভাগৰ বিশেষ সজাগতা অনুষ্ঠান