ছয়মাইলৰ কৰ্মশ্ৰী হিতেশ্বৰ শইকীয়া মহাবিদ্যালয়ৰ বুৰঞ্জী বিভাগৰ মুৰব্বী অধ্যাপিকা ডক্টৰ কাশ্মীৰী গগৈ বৰুৱাৰ প্ৰথম কাব্য সংকলন শব্দৰ ৰ’দ কাঁচলি আৰু নুলমীগড তেল শোধনাগাৰৰ কৰ্মচাৰী ৰঞ্জন কুমাৰ বৰুৱাৰ কাব্য সংকলন ৰ’দৰ শইচ আজি গুৱাহাটী প্ৰেছ ক্লাৱত আনুষ্ঠানিকভাৱে উন্মোচন হয় ।বহুসংখ্যক সাহিত্যানুৰাগী আৰু শুভাকাংক্ষীৰ উপস্থিতিত অনুষ্ঠিত অনুষ্ঠানটোৰ আঁত ধৰে ডক্টৰ মৰমী চৌধুৰীয়ে।দুয়োখন গ্ৰন্থ আনুষ্ঠানিকভাৱে উন্মোচন কৰে বিশিষ্ট কবি সমীৰ তাঁতী আৰু গল্পকাৰ অতনু ভট্ৰাচাৰ্যই।উল্লেখযোগ্য যে বাল্য কালৰে পৰা কাব্য চৰ্চা আৰু বিভিন্ন বিষয়ক প্ৰৱন্ধ ৰচনা কৰি অহা কাশ্মীৰী গগৈ বৰুৱা সাহিত্যপ্ৰেমীৰ মাজত এক চিনাকি নাম।আনহাতে বিভিন্ন কাকত আলোতনীত প্ৰৱন্ধ আৰু কবিতা লিখি অহা ৰঞ্জন কুমাৰ বৰুৱাও ইতিমধ্যে চৰ্চিত হৈছে।অনুষ্ঠানত কৰ্মশ্ৰী হিতেশ্বৰ শইকীয়া মহাবিদ্যালয়ৰ অধ্যক্ষা ডক্টৰ শিখামণি কোঁৱৰ,অসমৰ অতিৰিক্ত মহাধিৱক্তী বিশ্বজিত গোস্বামী,অসম গ্ৰন্থাগাৰ সেৱাৰ সঞ্চালিকা ৰুমী গোস্বামী,লেখিকা নলিনী গগৈ অনুষ্ঠানত উপস্থিত থাকে।
Trending
- মুখ্যমন্ত্ৰীৰ অধ্যক্ষতাত অনুষ্ঠিত হোৱা অসম চৰকাৰৰ কেবিনেট বৈঠকৰ সিদ্ধান্তসমূহ
- কলাক্ষেত্ৰৰ অসম ভিত্তিক নাট প্ৰতিযোগিতা সফল সামৰণি
- জাপানী প্ৰতিনিধি দলৰ ৰাণীৰ কাঠফুলা উৎপাদন আৰু প্ৰশিক্ষণ প্ৰদান কৰা লাভলি হুড আশ্ৰম পৰিদৰ্শন
- দীপৰ বিলত পৰিভ্ৰমী চৰাই নিৰীক্ষণ কাৰ্যসূচীৰ সামৰণি :: ১০৮ প্ৰজাতিৰ বিদেশী পৰিভ্ৰমী চৰাই আৰু ৬৬ দেশী প্ৰজাতিৰ চৰাই নথিভুক্ত
- Dr. Himanta Biswa Sarma sworn in as The Chief Minister of Assam
- গুৱাহাটী প্ৰেছ ক্লাবত যুৱ কবি জোনাক প্ৰতীম বৰঠাকুৰৰ কবিতা পুথি ‘মায়া’ উন্মোচন
- গুৱাহাটী বিশ্ববিদ্যালয়ত সদৌ অসম আন্তঃবিশ্ববিদ্যালয় বেডমিণ্টন প্ৰতিযোগিতাৰ সামৰণি – পুৰুষত কটন আৰু মহিলা শাখাত ৰয়েল গ্ল’বেল বিশ্ববিদ্যালয় চেম্পিয়ন
- Assam’s Baksa Honey Enters US Market in Historic ODOP Export
- পশ্চিম গুৱাহাটী মহাবিদ্যালয়ত দুদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত ৰাষ্ট্ৰীয় পৰ্যায়ৰ আলোচনা চক্ৰৰ সামৰণি
- গুৱাহাটী বিশ্ববিদ্যালয়ত আন্তঃবিশ্ববিদ্যালয় বেডমিণ্টন প্ৰতিযোগিতা আৰম্ভ