ছয়মাইলৰ কৰ্মশ্ৰী হিতেশ্বৰ শইকীয়া মহাবিদ্যালয়ৰ বুৰঞ্জী বিভাগৰ মুৰব্বী অধ্যাপিকা ডক্টৰ কাশ্মীৰী গগৈ বৰুৱাৰ প্ৰথম কাব্য সংকলন শব্দৰ ৰ’দ কাঁচলি আৰু নুলমীগড তেল শোধনাগাৰৰ কৰ্মচাৰী ৰঞ্জন কুমাৰ বৰুৱাৰ কাব্য সংকলন ৰ’দৰ শইচ আজি গুৱাহাটী প্ৰেছ ক্লাৱত আনুষ্ঠানিকভাৱে উন্মোচন হয় ।বহুসংখ্যক সাহিত্যানুৰাগী আৰু শুভাকাংক্ষীৰ উপস্থিতিত অনুষ্ঠিত অনুষ্ঠানটোৰ আঁত ধৰে ডক্টৰ মৰমী চৌধুৰীয়ে।দুয়োখন গ্ৰন্থ আনুষ্ঠানিকভাৱে উন্মোচন কৰে বিশিষ্ট কবি সমীৰ তাঁতী আৰু গল্পকাৰ অতনু ভট্ৰাচাৰ্যই।উল্লেখযোগ্য যে বাল্য কালৰে পৰা কাব্য চৰ্চা আৰু বিভিন্ন বিষয়ক প্ৰৱন্ধ ৰচনা কৰি অহা কাশ্মীৰী গগৈ বৰুৱা সাহিত্যপ্ৰেমীৰ মাজত এক চিনাকি নাম।আনহাতে বিভিন্ন কাকত আলোতনীত প্ৰৱন্ধ আৰু কবিতা লিখি অহা ৰঞ্জন কুমাৰ বৰুৱাও ইতিমধ্যে চৰ্চিত হৈছে।অনুষ্ঠানত কৰ্মশ্ৰী হিতেশ্বৰ শইকীয়া মহাবিদ্যালয়ৰ অধ্যক্ষা ডক্টৰ শিখামণি কোঁৱৰ,অসমৰ অতিৰিক্ত মহাধিৱক্তী বিশ্বজিত গোস্বামী,অসম গ্ৰন্থাগাৰ সেৱাৰ সঞ্চালিকা ৰুমী গোস্বামী,লেখিকা নলিনী গগৈ অনুষ্ঠানত উপস্থিত থাকে।
Trending
- কামৰূপ (ম)ৰ প’লিং বিষয়া আৰু ই ভি এমৰ দ্বিতীয় পৰ্যায়ৰ ৰেণ্ডমাইজেশ্বন সম্পন্ন
- জৱাহৰ নবোদয় বিদ্যালয়ত কুইজিন-দ্য ব্ৰেইন বুফে
- ঘিলামৰাত ৬৫ সংখ্যক কেন্দ্ৰীয় ৰঙালী বিহু শুভাৰম্ভ
- পৰ্যবেক্ষক, প্ৰাৰ্থী-প্ৰতিনিধিৰ সৈতে কামৰূপ মহানগৰ জিলা নিৰ্বাচন বিষয়াৰ গুৰুত্বপূৰ্ণ সভা
- মিচিং জাতীয় সংগঠনৰ বিশ্ব ধৰিত্ৰী দিৱস পালন
- বৰুৱাৰ সংসাৰ প্ৰদৰ্শিত হ’ব ভাৰতীয় চলচ্চিত্ৰ মহোৎসৱত
- এয়াৰটেলৰ ৰোমিং পেক উন্মোচন
- কাছাৰত অ গ পৰ সভাপতি নির্বাচনী প্ৰচাৰ
- ধৰিত্ৰী দিৱস আৰু প্ৰকৃতিপ্ৰেমী মঞ্চৰ প্ৰতিষ্ঠা দিৱস উপলক্ষে হাতীৰ খাদ্য উদ্ভিদ ৰোপন কাৰ্যসূচী
- পলাশবাৰীত সাহিত্য সংস্কৃতি বিকাশ গোষ্ঠী “কামৰূপৰ সাধাৰণ সভা