গো পালন ,কৃষি কৰ্ম কৰি আদৰ্শ দেখুৱাইছে অভিনেত্ৰী আইমী বৰুৱাই

0 261

চ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে এটা ভিডিঅ’। ভিডিঅ’টোত অভিনেত্ৰী আইমী বৰুৱাই নিজ সন্তানৰ সৈতে গৰু প্ৰতিপালন কৰা দেখা গৈছে। ভিডিঅ’ৰ উৎস বিচাৰি আমি যোগাযোগ কৰিছিলো অভিনেত্ৰী আইমী বৰুৱাৰ সৈতে।
 
 
 
ভিডিঅ’টোৰ আঁত ধৰি সোধা প্ৰশ্নৰ সম্পৰ্কত তেখেতে এনেদৰে মন্তব্য কৰে- নগাঁৱৰ আঁহতগুৰিত মোৰ এখন ফাৰ্ম আছে। ফাৰ্মত ৪০জনী গাই আছে। মাহেকত তিনিবাৰকৈ সেয়েহে মই আঁহতগুৰিলৈ যোৱা হয়। এই ৪০জনী গাইৰ পৰা প্ৰায় ৩০০লিটাৰ মান গাখীৰ উৎপাদন হয়। লকডাউনৰ সময়ছোৱাত সমূহ গাঁৱৰ গঞাক গাখীৰ খিনি বিতৰণ কৰি দিছিলো। সম্প্ৰতি পুৰবীত গাখীৰ যোগান ধৰা হয়।
 
 
উল্লেখযোগ্য যে আইমী বৰুৱাৰ প্ৰায় ২০বিঘা মাটিত তামোল, কল, নেমুৰ বাগান আছে। পুখুৰীত মাছ পালন কৰিছে। আইমী বৰুৱাৰ মতে গাখীৰ অথবা বাৰীতেই উৎপাদিত পাচলিৰ পৰা আমি স্বাৱলম্বী হ’ব পাৰো। আমাৰ বহু ল’ৰাই কাম নাই বুলি বাহিৰলৈ যায়। মই ভাবো নিজৰ ঘৰৰ বাৰীতেই খেতি কৰি হ’লেও সমূহ যুৱকে নিজৰ পেটৰ ভাতমুঠি মোকলাব পাৰে।
 
 
মোৰ ল’ৰালি কাল গাঁৱতেই অতিবাহিত হৈছিল। গাঁৱৰ মাটি, বালিৰ পৰিৱেশতেই খেলি ডাঙৰ হৈছিলো। মই ভাবো প্ৰকৃতিয়ে মানুহক খোলা হ’বলৈ শিকায়। সেয়েহে মোৰ দুই সন্তানক মই গাঁৱৰ পৰিৱেশত ল’ৰালি কটোৱাৰ দৰেই সময় অতিবাহিত কৰিবলৈ শিকাইছো। লকডাউনৰ সময়তো বাঁহেৰে ধনু কাঁড় বনাই দুই সন্তানক খেলাৰ বাবে সুযোগ দিছো। এই মন্তব্য অভিনেত্ৰী আইমী বৰুৱাৰ। মন্ত্ৰীৰ পত্নী হৈও সাধাৰণ কৰ্মেৰে আন দহজনক অনুপ্ৰাণিত কৰাৰ বাবে আইমী বৰুৱাক এন ই ফ’কাচ ডট কমৰ পৰা আন্তৰিক ধন্যবাদ জনালো।

Leave A Reply

Your email address will not be published.