ঘিলামৰাত ঢোলবাদন আৰু বিহু নাচৰ আখৰা শিবিৰৰ শুভাৰম্ভ

0 134

লোক কৃষ্টি সংস্কৃতিৰ বৰঘৰ স্বৰূপ ঢকুৱাখনা মহকুমাৰ ঘিলামৰাত বৃহস্পতিবাৰে ঢোল বাদন আৰু বিহু নাচৰ এলানি প্ৰণালীবদ্ধ আখৰা শিবিৰৰ শুভাৰম্ভ কৰা হয়। পশ্চিম ঘিলামৰা বিহু উৰুৱা সন্মিলন আৰু ঘিলামৰা কেন্দ্ৰীয় ৰঙালী বিহু সন্মিলনৰ যৌথ উদ্যোগত আয়োজিত এই লোক কৃষ্টিৰ আখৰা শিবিৰৰ শুভাৰম্ভনি অনুষ্ঠান উপলক্ষত এক আনুষ্ঠানিক সভা অনুষ্ঠিত কৰা হয় পশ্চিম ঘিলামৰা ৰাজহুৱা ভৱন আৰু ক্ৰীড়াঙ্গন প্ৰাংগণত। বৃহত্তৰ অঞ্চলটোৰ সংস্কৃতিপ্ৰেমী ৰাইজ, ঘিলামৰা কেন্দ্ৰীয় ৰঙালী বিহু সন্মিলনৰ সমূহ বিষয়ববীয়া, পশ্চিম ঘিলামৰা বিহু উৰুৱা সন্মিলন আৰু সোণালী জয়ন্তী বৰ্ষ উদযাপন সমিতিৰ গৰিষ্ঠ সংখ্যক বিষয়ববীয়া উপস্থিত থকা এই আখৰা শিবিৰ শুভ উদ্বোধন কৰে সোণালী জয়ন্তী উদযাপন সমিতিৰ সভাপতি,জ্যেষ্ঠ নাগৰিক প্ৰবীণ বৰুৱাই। বৃহত্তৰ ঘিলামৰাৰ  অৰ্ধশতাধিক  বিহুৱা বিহুৱতীৰ জাতীয় সাজপাৰ পৰিধান কৰি আৰু লোকবাদ্যলৈ কৰা অংশ গ্ৰহনেৰে জীপাল হৈ পৰা বিহু বাকৰিত আখৰা শিবিৰৰ উদ্বোধক প্ৰবীণ বৰুৱা, উদ্যোগক্তা ক্ৰমে যোগানন্দ গগৈ, বিমান গগৈ, দুলাল দাস, দেৱজিত বুঢ়াগোহাঁই আদিয়ে এই প্ৰশিক্ষণ আৰু কৰ্মশালাৰ লক্ষ্য উদ্দেশ্য সন্দৰ্ভত চমু অবলোকণ কৰে। আখৰা শিবিৰৰ আয়োজক সমিতিৰ বিষয়ববিয়া ক্ৰমে বলিচন গগৈ , দিলীপ বৰা, শিৱ বৰুৱা, গৌৰৱ জ্যোতি বৰুৱা,গুণ গগৈ ,উম প্ৰকাশ বৰগোঁহাইকে প্ৰমুখ্য কৰি গৰিষ্ঠ সংখ্যক কৰ্মকর্তা উপস্থিত থকা উদ্বোধনী অনুষ্ঠানৰ পাছতে অংশগ্ৰহণকাৰী যুৱক যুৱতী সকলক ঢোল বাদন আৰু বিহু নাচৰ প্ৰশিক্ষণ প্ৰদান কৰে ক্ৰমে যদুমনি গোঁহাই,বসন্ত বৰুৱা,কুশল বৰুৱা,উমেশ বৰা,মন্টু বুঢ়াগোহাঁই ,পূৰ্ণিমা ফুকন, বৰষা বৰগোঁহাই আদিয়ে। অহা ৩০ মাৰ্চলৈ অব্যাহত থাকিব লগা এই শিবিৰত অংশগ্ৰহণ কৰিবলৈ ইচ্ছুক যুৱক যুৱতী সকলক আয়োজক সমিতিৰ সৈতে যোগাযোগৰ আহ্বান জনোৱা হৈছে।
বাতৰি যুগুতালে অমৃত পৱন বৰাই।

Leave A Reply

Your email address will not be published.