ভাৰতীয় দৃষ্টিহীন ক্ৰিকেট সন্থাৰ উদ্যোগত ৩১ জানুৱাৰীৰ পৰা চণ্ডিগড়ত অনুষ্ঠিত ভাৰতৰ দৃষ্টিহীন ক্ৰিকেটৰ সৰ্বোচ্চ প্ৰতিযোগিতা নাগেশ ট্ৰফিত অসম দৃষ্টিহীন ক্ৰিকেট দলে অংশগ্ৰহণ কৰে । ৰাজদ্বীপ ডাকুৱাৰ নেতৃত্বত যোৱা অসম দলটোৱে প্ৰতিযোগিতাৰ প্ৰথম দিনা ৰেলৱেৰ বিৰুদ্ধে ১৭ অভাৰত তিনিটা উইকেট হেৰুৱাই ১৭২ ৰাণ কৰে যদিও ৰেলৱে দলটো ৭ উইকেটত বিজয়ী হয় । অসমৰ হৈ হোমেন বুঢ়াগোহাঁয়ে সৰ্বাধিক ৫৮ ৰাণৰ বৰঙণি আগবঢ়ায় । অসম দলটো দ্বিতীয় দিনৰ খেলত চণ্ডিগড়ৰ বিৰুদ্ধে ৯ উইকেটত পৰাজিত হয় । অসমে ১৮ অভাৰত দুটা উইকেটত ১৬৫ ৰাণ কৰে । অসমৰ হৈ মনজিত চৌধুৰীয়ে ৪৯ টা বলত ৮৪ ৰাণ কৰি অপৰাজিত হৈ ৰয় । প্ৰতিযোগিতাত অসম দলে মণিপুৰৰ বিৰুদ্ধে খেলা এখন খেলত ১৮ অভাৰত ৩ উইকেটত ১৯১ ৰাণ কৰে । অসমৰ হৈ হোমেন বুঢ়াগোহাঁয়ে ৪৪ টা বলত ৬৫ ৰাণৰ বৰঙণি আগবঢ়ায় । আনহাতে বলিঙত ৰাজদ্বীপ ডাকুৱা আৰু প্ৰতাপ ৰাজবংশীয়ে ভাল প্ৰদৰ্শন কৰে । উল্লেখযোগ্য যে মুঠ ২৮ টা দলে অংশগ্ৰহণ কৰিবলগীয়া এই প্ৰতিযোগিতাৰ গ্ৰুপ এফত মুঠ চাৰিটা দলে অংশগ্ৰহণ কৰে । অসমৰ দলটোৰ টিম মেনেজাৰ আৰু প্ৰশিক্ষক হিচাপে গৈছিল কেয়াৰ ইউ ৩৬৫ৰ ক্ৰমে ৰঞ্জন কুমাৰ গোস্বামী আৰু সুশীল পৌৰেল । অসমত দৃষ্টিহীন ক্ৰিকেটৰ বাটকটীয়া, বেচৰকাৰী সংস্থা কেয়াৰ ইউ ৩৬৫ৰ সভাপতি (স) আৰু অসম দৃষ্টিহীন ক্ৰিকেট সন্থাৰ আহ্বায়ক ভৃগু বৰঠাকুৰে কয় যে প্ৰতিযোগিতাত জয়লাভ কৰিব নোৱাৰিলেও উপযুক্ত প্ৰশিক্ষণ আৰু আন্তঃগাঁথনি নোহোৱাকৈ অসমৰ দলটোৱে আশা কৰাতকৈও উৎকৃষ্ট প্ৰদৰ্শন কৰিছে । উপযুক্ত প্ৰশিক্ষণ লাভ কৰিলে তেওঁলোকে আৰু অধিক ভাল ফল দেখুৱাবলৈ সক্ষম হ’ব বুলি তেওঁ আশা প্ৰকাশ কৰে । তেওঁ লগতে এইবাৰ ক্ৰিকেট দলটোক চণ্ডিগড়ত ৰাষ্ট্ৰীয় পৰ্যায়ৰ এই প্ৰতিযোগিতাত ভাগ লোৱাৰ বাবে সহায়ৰ হাত আগবঢ়োৱা অসম চৰকাৰৰ ৰাজ্যিক পৰ্যায়ৰ উপদেষ্টা সমিতিৰ সদস্য সচিব গীতাৰ্থ গোস্বামীক ধন্যবাদ জ্ঞাপন কৰে ।
Trending
- তামুলপুৰত সমাগত বিটিচি নিৰ্বাচনৰ প্ৰস্তুতি সন্দৰ্ভত পৰ্যালোচনামূলক বৈঠক
- SEBI and NSE Join Forces to Protect Investors from Financial Frauds
- ৰাজ্যৰ জলসিঞ্চন বিভাগৰ শীৰ্ষ বিষয়া,মুখ্য অভিযন্তাৰে মন্ত্ৰী অশোক সিংহলৰ পৰ্যালোচনা বৈঠক
- মৰিধল মহাবিদ্যালয়ত মনোজ্ঞ কাৰ্মশালা
- বন ভূমি অধিকাৰ আইন,২০০৬ ৰ অধীনত ভূমিৰ স্বত্ব প্ৰমাণ পত্ৰ প্ৰদান অনুষ্ঠানত অংশ গ্ৰহন কৰেলে স্বাস্থ্য আৰু পৰিয়াল কল্যাণ,জলসিঞ্চন মন্ত্ৰী অশোক সিংহলে
- গুৱাহাটীত আই এছ ভি আই আৰৰ উত্তৰ পূব অধ্যায়ৰ মধ্য কালীন অধিবেশন ২০২৫ মুকলি কৰে স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰী অশোক সিংহলে
- ২০০ খন বিছনাযুক্ত ওদালগুৰি জিলা অসামৰিক চিকিৎসালয় পৰিদৰ্শন- মন্ত্ৰী অশোক সিংহলৰ
- শাওণ মাহৰ প্ৰথমটো সোমবাৰত বোলবোম উপলক্ষে ভীমাশংকৰত হাজাৰ হাজাৰ ভক্তৰ সমাগম
- ইণ্ডিয়া-এআই মিছন : অসমৰ ৫ শিক্ষানুষ্ঠানত স্থাপন হ’ব কৃত্ৰিম বুদ্ধিমত্তাৰ ডাটা লেব
- ফৰ্টিফাইড চাউলৰ সজাগতামূলক সংবাদ মাধ্যমৰ কৰ্মশালা