চতিয়াত ৰাষ্ট্ৰীয় পৰ্য্যায়ত পদক জিনিবলৈ সক্ষম হোৱা উশ্বু খেলুৱৈক বিভিন্ন দল সংগঠনৰ সম্বৰ্দ্ধনা

0 228

যোৱা ২৫-৩১ মাৰ্চলৈ কন্যাকুমাৰীত অনুষ্ঠিত হোৱা ২১ সংখ্যক ছাব জুনিয়ৰ উশ্বু চেম্পিয়নশ্বিপত অসম দলৰ হৈ বিশ্বনাথৰ ৯ জনকৈ খেলুৱৈয়ে অংশগ্ৰহণ কৰিছিল ৷ অসমৰ হৈ বিশ্বনাথৰ খেলুৱৈয়ে ৭ টা পদক জিনিবলৈ সক্ষম হয় ৷ সোমবাৰে সন্ধিয়া চতিয়াত উপস্থিত হোৱা বিশ্বনাথৰ দলটোৰ খেলুৱৈসকলক চতিয়াত বিভিন্ন দল সংগঠনে সম্বৰ্দ্ধনা জনায় ৷ চতিয়া নাগৰিক সভাৰ ভৱ শইকীয়া , বিবেক দুৱৰা , চতিয়া প্ৰেছ ক্লাৱ , চতিয়া আঞ্চলিক ছাত্ৰ সন্থাৰ বিষয়ববীয়া , ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া আদিকে বহুকেইজন বিশিষ্ট ব্যক্তি সম্বৰ্দ্ধনা অনুষ্ঠানত উপস্থিত থাকে৷

জামুগুৰিহাটৰ পৰা ৰাতুল হাজৰিকাৰ ৰিপ’ৰ্ট

Leave A Reply

Your email address will not be published.