কামৰূপৰ শিক্ষা বিভাগৰ বিশেষ পদক্ষেপৰ ফলত স্বাধীনতাৰ ৭৫ বছৰ পিছত গুৱাহাটীৰ সমীপৰ তথা কামৰূপ জিলাৰ গড়ভাঙ্গাত কালি দুখন মধ্য ইংৰাজী বিদ্যালয়ৰ শুভ আৰম্ভ হয়। গড়ভাঙ্গা প্ৰাথমিক বিদ্যালয় আৰু ৰংমালী প্ৰাথমিক বিদ্যালয়ক উন্নীত কৰি এই দুখন মধ্য ইংৰাজী বিদ্যালয় স্থাপন কৰা হয়।গড়ভাঙ্গা প্ৰাথমিক বিদ্যালয়ত আয়োজন কৰা এক গাম্ভীৰ্য পূৰ্ণ অনুষ্ঠানত অসমৰ শিক্ষামন্ত্ৰী ডা. ৰণোজ পেগুৱে এই বিদ্যালয় দুখন উদ্বোধন কৰে। উল্লেখযোগ্য যে ১৬ খন ৰাজহ গাওঁ থকা এই গড়ভাঙ্গা অঞ্চলত ইয়াৰ পূৰ্বে এখনো উচ্চ প্ৰাথমিক বিদ্যালয় নাছিল। আজি এই বিদ্যালয় দুখন উদ্বোধন কৰি শিক্ষামন্ত্ৰী গৰাকীয়ে কয় যে আজিৰ দিনটো গড়ভাঙ্গা বাসীৰ বাবে সচাকৈয়ে আনন্দৰ দিন। কামৰূপৰ শিক্ষা বিভাগে লোৱা বিশেষ পদক্ষেপৰ বাবে আজি গড়ভাঙ্গা বাসীয়ে এই সুবিধা লাভ কৰিবলৈ সক্ষম হ’ল। তেওঁ এই বিদ্যালয় দুখনত ছাত্ৰ ছাত্ৰী থাকিলে এই বছৰেই অষ্টম শ্ৰেণীলৈকে নামভৰ্তি কৰাবলৈ সংশ্লিষ্ট বিদ্যালয় দুখনৰ প্ৰধান শিক্ষকক পৰামৰ্শ দিয়ে। তেওঁ কয় যে চৰকাৰে গড়ভাঙ্গা অঞ্চলত অচিৰেই হাইস্কুল স্থাপনৰ ব্যৱস্থা কৰি আছে। উল্লেখযোগ্য যে বৰ্তমানৰ কামৰূপৰ জিলা প্ৰাথমিক শিক্ষা বিষয়া তথা কামৰূপৰ বিদ্যালয় সমূহৰ পৰিদৰ্শক অপূৰ্ব ঠাকুৰীয়াই ২০১৯ চনত এক শিক্ষা সংযোগ কাৰ্যসূচী লৈ গড়ভাঙ্গা অঞ্চলৰ শৈক্ষিক জৰীপ কৰি ২০২০ চনৰ জানুৱাৰী মাহত চৰকাৰক এক প্ৰতিবেদন দাখিল কৰি গড়ভাঙ্গা অঞ্চলত কমেও দুখন উচ্চ প্ৰাথমিক স্কুল স্থাপনৰ প্ৰস্তাৱ দিছিল। ইয়াৰ পিছত শিক্ষা বিষয়া গৰাকীয়ে সমগ্ৰ শিক্ষা,অসমৰ মিছন সঞ্চালক আৰু কামৰূপৰ উপায়ুক্তক গড়ভাঙ্গা অঞ্চললৈ নি অঞ্চলটোৰ শৈক্ষিক পৰিৱেশৰ বিষয়ে অৱগত কৰে। বিষয়াগৰাকীৰ এনে নিৰলস প্ৰয়াসৰ ফলত গড়ভাঙ্গাই দুখনকৈ উচ্চ প্ৰাথমিক বিদ্যালয় পাবলৈ সক্ষম হয়। ইতিমধ্যে বিদ্যালয় দুখনৰ অতিৰিক্ত তিনিটাকৈ শ্ৰেণীকোঠা নিৰ্মাণৰ বাবে প্ৰতি খন বিদ্যালয়ক সমগ্ৰ শিক্ষা ,অসমৰ পৰা ১৯ লাখ ৮৫ হাজাৰকৈ টকাৰ অনুমোদন দিয়া হৈছে। আজি শিক্ষা মন্ত্ৰী গৰাকীয়ে নতুনকৈ নিৰ্মাণ কৰিবলৈ লোৱা শ্ৰেণীকোঠাৰো লাইখুটা স্থাপন কৰে। সভাত পশ্চিম গুৱাহাটী সমষ্টিৰ বিধায়ক ৰমেন্দ্ৰ নাৰায়ন কলিতাই বিশিষ্ট অতিথি হিচাপে ভাষণ দি গড়ভাঙ্গা অঞ্চলৰ উন্নয়নৰ বাবে তেওঁ লোৱা বিভিন্ন পদক্ষেপৰ কথা উল্লেখ কৰে। সভাত অসম চৰকাৰৰ প্ৰাথমিক শিক্ষাৰ অতিৰিক্ত সঞ্চালক নৃপেন দাস, কামৰূপৰ উপায়ুক্ত কৈলাস কাৰ্তিক এন, কামৰূপৰ অতিৰিক্ত উপায়ুক্ত কমল বৰুৱা, ৰাণীৰ খণ্ড প্ৰাথমিক শিক্ষা বিষয়া লাচিত বসুমতাৰী, বিশিষ্ট শিক্ষাবিদ পৰেশ বৈশ্য উপস্থিত থাকে। সভাত ভাষণ দি কামৰূপৰ উপায়ুক্ত কৈলাস কাৰ্তিক এনে কয় যে গড়ভাঙ্গা অঞ্চলত পৰ্যটনৰ বাবে ভাল আঁচনি লব পাৰি। যাতায়ত ব্যৱস্থাৰ উন্নয়নৰ লগে লগে গড়ভাঙ্গাৰ উন্নয়নৰ পথ অধিক প্ৰশস্ত হ’ব বুলি তেওঁ আশা প্ৰকাশ কৰে। সভাত সমগ্ৰ শিক্ষা কামৰূপৰ জিলা আচনি বিষয়া ক্ৰমে ফুলপাহি নাথ, চুইটী বেজবৰুৱা উপস্থিত থাকে।সভাৰ আঁত ধৰে জলী ভট্টাচাৰ্য ই। অনুষ্ঠানত গড়ভাঙ্গা প্ৰাথমিক বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলে বিভিন্ন সাংস্কৃতিক অনুষ্ঠান পৰিবেশন কৰে। অনুষ্ঠানত ৰাণী শিক্ষাখণ্ডৰ তৰফৰ পৰাও সাংস্কৃতিক অনুষ্ঠান পৰিবেশন কৰে। সামৰণি শলাগৰ শৰাই আগবঢ়াই সমগ্ৰ শিক্ষা কামৰূপৰ জিলা আচনি বিষয়া চুইটী বেজবৰুৱাই।
Trending
- পৰিৱেশ সংৰক্ষণৰ লক্ষ্যৰে উত্তৰ-পূব সীমান্ত ৰেলৱেৰ ১২ খনতকৈ অধিক যাত্ৰীবাহী ৰে’ল বৈদ্যুতিক ট্রেকচনলৈ পৰিবৰ্তন
- সতৰ্কতা সজাগতা অভিযানত পথিকৰ উদ্যোগত চি আৰ পি এফৰ গুৱাহাটী গ্ৰুপ চেণ্টাৰত বাটৰ নাট প্ৰদৰ্শন
- দিহানামক বিশ্বৰ দৰবাৰলৈ নিয়াৰ লক্ষ্যৰে সমন্বয়ৰ বার্তা বিলাইছে জালুকবাৰীৰ খানামুখৰ জ্ঞানমালিনী বিকশিত নামতি দলে
- Sainik school Goalpara crowned Assam State champion of WWFs wild wisdom Global challenge
- একক খেতিৰ পৰিৱৰ্তে বছৰত ২-৩ টা খেতি কৰাৰ লগতে উদ্যান শস্যত বিশেষ গুৰুত্ব প্ৰদান কৰিবলৈ কৃষকসকলক আহ্বান মন্ত্ৰী হাজৰীকাৰ
- সুৰক্ষিত আৰু শক্তিশালী অসমৰ সংকল্পৰে গুৱাহাটীত অগপৰ প্ৰতিষ্ঠা দিৱসৰ বৰ্ণাঢ্য কাৰ্যসূচী
- মন্ত্রী বিশ্বজিৎ দৈমাৰীৰ পৌৰোহিত্যত খেল মহাৰণ ৩.০ – শিশু ক্ৰীড়া সমাৰোহৰ প্ৰস্তুতি পৰ্যালোচনা
- শ্ৰীমন্ত শংকৰ একাডেমীৰ উদ্যোগত গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ত দুদিনীয়া কাৰ্যসূচীৰে ঐতিহ্য মহোৎসৱ উদযাপন
- পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ প্ৰয়াত ৩৪ গৰাকী ঠিকাভিত্তিক কৰ্মচাৰীৰ পৰিয়াললৈ ১.৭০ কোটি টকাৰ এককালীন আৰ্থিক সাহায্য
- ভাৰতী এয়াৰটেলে নতুন পোষ্ট পেইড প্লেন মুকলি কৰিছে