চতিয়া সমষ্টিৰ অন্তৰ্গত টেঙাবস্তিত শিৱ মহাপুৰাণ পাঠ -শ শ ভক্ত প্ৰাণ ৰাইজৰ সমাগম

0 286

চতিয়া সমষ্টিৰ অন্তৰ্গত ইটাখোলাস্থিত ১ নং টেঙাবস্তি হাৱা বজাৰ শিৱ মন্দিৰ প্ৰাঙ্গনত বিশ্বনাথ জিলা হিন্দু জাগৰণ মঞ্চৰ উদ্যোগত অনুষ্ঠিত কৰা হয় শিৱ মহাপূুৰাণ পাঠ ৷ বৃহত্তৰ ১নং টেঙাবস্তি , গুটিবাৰী, বালিজুৰি আৰু জয় সিদ্ধিবাসী ৰাইজৰ সহযোগত সাৰ্বজনীনভাৱে এই শিৱ মহপূৰাণ পাঠ অনুষ্ঠিত কৰা হয় ৷ দুদিনীয়া কাৰ্য্যসুচীৰে অনুষ্ঠিত এই শিৱ মহাপুৰাণ পাঠত উপস্থিত হৈ চতিয়া সমষ্টিৰ বিধায়ক পদ্ম হাজৰিকাই কয়- এনেধৰণৰ অনুষ্ঠানে ৰাইজৰ মাজত আধ্যাত্মিক পৰিবেশ সৃষ্টি কৰাৰ লগতে বিভিন্ন জাতি জনগোষ্ঠী ৰাইজৰ মাজত সদভাৱ সৃষ্টি কৰিব ৷ এই অনুষ্ঠানৰ জৰিয়তে সকলো শ্ৰেণী ৰাইজৰ মাজত শান্তি সম্প্ৰতি গঢ়লৈ উঠক বুলি মন্তব্য কৰে বিধায়ক পদ্ম হাজৰিকাই ৷ শিৱ মহাপূৰাণ পাঠ অনুষ্ঠানত শ শ ভক্তপ্ৰাণ ৰাইজৰ অংশ গ্ৰহণ দেখিবলৈ পোৱা যায় ৷ উক্ত পৱিত্ৰ অনুষ্ঠানত চতিয়া আঞ্চলিক পঞ্চায়তৰ সভাপতি লক্ষীকান্ত বৰা, মূঢ়াদল জিলা পৰিষদৰ সদস্য কিশোৰ দাহালৰ লগতে বহুকেইজন গন্য মান্য ব্যক্তি উপস্থিত থাকে ।

বাতৰি যুগুতালে  জামুগুৰিহাটৰ পৰা ৰাতুল হাজৰিকাই

Leave A Reply

Your email address will not be published.