নদুৱাৰত আজাদিকা অমৃত মহোৎসৱ উদযাপন

0 218

ভাৰতৰ স্বাধীনতাৰ ৭৫ তম বৰ্ষৰ আজাদিকা অমৃত মহোৎসৱ নামেৰে ভাৰত চৰকাৰে ঘোষণা কৰাৰ পাচত এই উৎসৱ দেশৰ বিভিন্ন প্ৰান্তত উলহ-মালহেৰে উদযাপন কৰা হয় ৷ ভাৰতে কেনেধৰণে স্বাধীনতা লাভ কৰিছিল সেই কথা সৰ্বসাধাৰণ ৰাইজ জ্ঞাত হোৱাকৈ দেশৰ চুকে-কোণে বিভিন্ন গীত-মাত নৃত্যৰে বুজাব বিছৰা হৈছে ৷ ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে চতিয়া সমষ্টিৰ অন্তৰ্গত বিভিন্ন পঞ্চায়ততো বিভিন্ন সাংস্কৃতিক কাৰ্যসূচীৰ মাজেৰে এই কথা ৰাইজৰ মাজত পৰিবেশন কৰি আহিছে ৷ এই দৃশ্য পূৱ মূঢ়াদল গাঁও পঞ্চায়তৰ হাটীঙা হাইস্কুলৰ ৷ ভাৰত চৰকাৰৰ গীত-মাত বিভাগে এইদৰে হাটীঙা হাইস্কুলৰ খেল পথাৰত অঞ্চলবাসীক দেশে স্বাধীনতা লাভ কৰা সকলো দিশ সামৰি তথা মহান মনিষী সকলৰ ত্যাগক সোৱঁৰি বাটৰ নাট অনুষ্ঠিত কৰে ৷ এই নাটৰ জৰিয়তে দেশে লাভ কৰা স্বাধীনতাৰ সোবাদ তথা সংগ্ৰামৰ কিছু সত্য তথ্য ৰাইজে অৱগত হ`ব পাৰিব বুলি উদ্যোক্তা সকলে মন্তৱ্য কৰে ৷
বাতৰি যুগুতালে জামুগুৰিহাটৰ পৰা ৰাতুল হাজৰিকাই

Leave A Reply

Your email address will not be published.