চতিয়া সমষ্টিৰ অন্তৰ্গত পূৱ নাগশংকৰ ৰাস মহোৎসৱৰ ৰূপালী জয়ন্তী বৰ্ষৰ লাইখুঁটা স্থাপন বিধায়ক পদ্ম হাজৰিকাৰ

0 194

চতিয়া সমষ্টিৰ অন্যতম ৰাস পূৱ নাগশংকৰ ৰাস মহোৎসৱ ৷ এই বৰ্ষত ৰূপালী জয়ন্তী বৰ্ষ উদযাপন কৰিব পূৱ নাগশংকৰ ৰাস মহোৎসৱে ৷ অহা ১১ , ১২ আৰু ১৩ নৱেম্বৰত পূৱ নাগশংকৰ কেন্দ্ৰীয় ৰাস মহোৎসৱ উদযাপনৰ বাবে আজি চেঙামাৰী খেলপথাৰত লাইখুঁটা স্থাপন কৰা হয় ৷ লাইখুঁটা স্থাপনৰ অনুষ্ঠানত উপস্থিত থাকে বিধায়ক পদ্ম হাজৰিকা ৷ বিধায়কে হাতেকামে লাইখুঁটা স্থাপনত সহযোগ কৰে ৰাইজক ৷ লাইখুঁটা স্থাপন অনুষ্ঠানত এই ৰূপালী জয়ন্তী বৰ্ষ উলহ মালহেৰে উদযাপনৰ লগতে সংস্কৃতিৰ জয় আৰু দুস্কৃতিৰ পৰাজয় হোৱাটো নিশ্চিত বুলি মন্তব্য আগবঢ়াই বিধায়কগৰাকীয়ে ৷ কিয়নো এটা সময়ত এই অঞ্চলসমুহত এক অশান্ত পৰিবেশে বিৰাজ কৰিছিল ,য’ত আছিল এ কে 47 ৰ শব্দ ৷ এতিয়া কিন্তু দুস্কৃতিৰ অৱসান ঘটি সংস্কৃতিৰ এক পৰিবেশ সৃষ্টি হৈছে ৷ সংস্কৃতিৰ প্ৰতীক কৃষ্ণ আৰু দুস্কৃতিৰ প্ৰতীক শংখচূড় ৷সংস্কৃতিৰ প্ৰতীক কৃষ্ণ সংস্কৃতিৰে সমাজখনক আগুৱাই লৈ যোৱাৰ আহ্বান জনায় বিধায়ক পদ্ম হাজৰিকাই।

বাতৰি যুগুতালে জামুগুৰিহাটৰ পৰা ৰাতুল হাজৰিকাই।

Leave A Reply

Your email address will not be published.