কেফে ৰুবিক্‌ছ মুকলি কৰিলে গৰিমা শইকীয়া গাৰ্গে৷

0 150

অসমৰ এগৰাকী উদ্যোগী মহিলা তথা ফেশ্বন বিশেষজ্ঞ,লেখিকা ৰুবী বৰদলৈৰ তত্ত্বাৱধানত ৰাজগড় লিংক ৰ’ডত গঢ়ি উঠা খাদ্য বিপণী “কেফে ৰুবিক্‌ছ” আজি ৰাইজৰ বাবে অানুষ্ঠানিকভাৱে মুকলি কৰে জনপ্ৰিয় ফেশ্বন ডিজাইনাৰ গৰিমা এছ গাৰ্গে৷কেফে ৰুবিক্‌ছৰ স্বতাধিকাৰী ৰুবী বৰদলৈয়ে জানিবলৈ দিয়া মতে গুৱাহাটী কমাৰ্চ কলেজৰ ওচৰত ৰাজগড় লিংক ৰোডত কুসুম প্লাজাৰ প্ৰথম মহলাত আৰম্ভ কৰা এই খাদ্য বিপণীখনত আধুনিকধৰণৰ সকলো খাদ্য কম মূল্যত উপলব্ধ হ’ব৷বিশেষকৈ ভিন্ন শিক্ষানুষ্ঠানত অধ্যয়নৰত শিক্ষাৰ্থীসকলৰ বাজেটৰ প্ৰতি লক্ষ্য ৰাখি এইসমূহ খাদ্যৰ কম দাম নিৰ্ধাৰণ কৰাৰ লগতে পৰিয়ালৰ সকলোৰে বাবে উপলব্ধ হোৱাকৈ কেফে ৰুবিক্‌ছৰ খাদ্যসমূহ প্ৰস্তুতৰ কৰা হৈছে ৷এই কেফেখনত আৰামদায়ক পৰিবেশ এটিত গ্ৰাহকে ইণ্ডিয়ান-কণ্টিনেন্টেল বিভিন্ন খাদ্যসম্ভাৰৰ সোৱাদ লোৱাৰ লগতে ইয়াত লাইভ মিউজিকৰো সুবিধা উপলব্ধ৷লগতে আছে কিতাপ একোখন পঢ়িব পৰাকৈ এটি বুক কৰ্ণাৰ৷নৱপ্ৰজন্মৰ গ্ৰাহকৰ বাবে ৰুবিক্‌ছ কিউবৰ পাজল গেম আৰু উন’কাৰ্ড গেমৰ সুবিধাও ইয়াত ৰখা হৈছে৷
আজিৰ এই অনুষ্ঠানত জ্যোতি চিত্ৰবন ফিল্ম ষ্টুডিঅ’ৰ সচিব মণিতা বৰগোহাঁই,ৰন্ধন বিশেষজ্ঞ মৃদুস্মিতা দত্ত দুৱৰা আৰু সাংবাদিক লেখক দিগন্ত কুমাৰ নাথ সন্মানীয় অতিথি হিচাপে উপস্থিত থকাৰ লগতে সাংবাদিক নাচিমা আহমেদ প্ৰমুখ্যে কেইবাগৰাকীও গণ্য মান্য ব্যক্তি উপস্থিত থাকে৷

Leave A Reply

Your email address will not be published.