প্ৰধানমন্ত্ৰী কিষাণ সন্মান নিধি আঁচনিৰ তালিকাভুক্ত যোগ্য কৃষকসকলৰ সুবিধা হোৱাকৈ কামৰূপ (মহানগৰ) জিলাত আজিৰে পৰা আয়োজন কৰা হৈছে পি এম কিষাণ বিশেষ শিবিৰ৷ জিলা উন্নয়ণ আয়ুক্ত গৌৰী শংকৰ দাসে আজি চন্দ্ৰপুৰ উন্নয়ণ খণ্ডত আয়োজিত শিবিৰ পৰিদৰ্শন কৰে৷ বিষয়াগৰাকীক সংগ দিয়ে চন্দ্ৰপুৰৰ ৰাজহ চক্ৰ বিষয়া কৃষ্ণ অৰ্জুন বৰ্মন, জিলা কৃষি বিষয়া বিমলা প্ৰসাদ দেউৰীয়ে৷ শিবিৰত আজি ডেৰ শতাধিক কৃষকে অংশগ্ৰহণ কৰে৷ এই শিবিৰত সমূহীয়া সেৱা কেন্দ্ৰৰ জৰিয়তে বায়’মেট্ৰিক ই-কে ৱাই চিৰ সুবিধাৰ লগতে জিলা প্ৰশাসনৰ দ্বাৰা নিয়োজিত কৃষি সক্ষী, জীৱিকা সক্ষী, কৃষি বিভাগৰ বিষয়া-কৰ্মচাৰীৰ সহায়ত কৃষকসকলৰ ই- কে ৱাই চি সম্পাদন কৰাৰ ব্যৱস্থা লোৱা হৈছে যাতে আঁচনিৰ কিস্তিৰ ধন তেওঁলোকে অসুবিধা নোহোৱাকৈ পাব পাৰে৷ বিভিন্ন বেংকৰ প্ৰতিনিধিৰ সহায়ত কৃষকসকলৰ বেংক একাউন্টৰ সৈতে আধাৰ নম্বৰ সংলগ্নকৰণৰ লগতে প্ৰত্যক্ষ লাভ হস্তান্তৰৰ বাবে প্ৰয়োজনীয় কাম সম্পাদন কৰাৰ সুবিধাও শিবিৰত আগবঢ়োৱা হয়৷ শিবিৰত ইণ্ডিয়া পোষ্ট পেমেন্টছ বেংকৰ প্ৰতিনিধিৰ সহায়ত প্ৰত্যক্ষ লাভ হস্তান্তৰৰ বাবে সক্ষম আধাৰ সংযুক্ত বেংক একাউন্ট খোলাৰ সুবিধাও প্ৰদান কৰা হয়৷ শিবিৰত কাইলৈও শতাধিক কৃষকে অংশগ্ৰহণ কৰিব বুলি সদৰি কৰে সাতগাঁৱৰ কৃষি উন্নয়ণ বিষয়া প্ৰফুল্ল চহৰীয়াই৷ জিলাখনৰ ডিমৰীয়া উন্নয়ণ খণ্ডৰ অধীনৰ ধূপগুৰি গাওঁ পঞ্চায়ত কাৰ্যালয় আৰু হঁহৰা গাওঁ পঞ্চায়ত কাৰ্যালয় আৰু ৰাণী উন্নয়ণ খণ্ডৰ অধীনৰ ধাৰাপুৰ কৃষি বিষয়াৰ কাৰ্যালয়তো পি এম কিষাণ বিশেষ শিবিৰৰ আয়োজন কৰা হৈছে৷
Trending
- গুৱাহাটীত পৰিষ্কাৰ-পৰিচ্ছন্নতা বৃদ্ধিৰ উদ্দেশ্যে টপচেম চিমেণ্টৰ বিশ্বকৰ্মা প্ৰতিমা বিসৰ্জন অভিযান
- এন ই ফ’কাচ ডট কমৰ দশম বৰ্ষপুৰ্তিৰ উদযাপন
- বি বৰুৱা কলেজ (স্বশাসিত)ৰ ৮৪সংখ্যক প্ৰতিষ্ঠা দিৱস উদযাপন
- মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা আৰু ক্ৰিকেটৰ তাৰকা সুনীল গাভাস্কাৰে মুকলি কৰিলে গুৱাহাটী আন্ত:ৰাষ্ট্ৰীয় মাৰাথন
- ড০ ভূপেন হাজৰিকাৰ জন্ম শতবাৰ্ষিকী অনুষ্ঠিত
- ঢকুৱাখনাত পাঞ্জাৱ নেচনেল বেংকৰ বিশেষ অনুষ্ঠান-দুৰ্ঘটনাত মৃতকৰ পৰিয়ালক ১ কোটি টকাৰ বীমাধনৰ চেক প্ৰদান
- চৰকাৰ আৰু হিতাধিকাৰীৰ মাজৰ অন্তিম পৰ্যায়ৰ ব্যৱধান দূৰ কৰাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব ‘অৰুণোদয় সাৰথিয়ে
- ভাৰতীয় বিমানবন্দৰ প্ৰাধিকৰণৰ বৰঝাৰস্থিত কাৰ্যালয়ত চাৰিখন ইলেকট্ৰিক বাহন মুকলি
- বিভিন্ন ধৰ্মৰ ধৰ্মগুৰুৰ প্ৰাৰ্থনা মন্ত্ৰোচ্চাৰণৰ মাজেৰে ৰাজগড়ত মুকলি ‘জুবিন ক্ষেত্ৰ
- লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তৰ্জাতিক বিমানবন্দৰত সুৰক্ষিত বিমান অৱতৰণৰ বাবে ৫৭০ মিটাৰ দৈৰ্ঘ্যৰ নতুন আলোক ব্যৱস্থা সংস্থাপন