চলিত বিত্তীয় বৰ্ষৰ প্ৰথম ৭মাহত সৰ্বাধিক ৩৩৫.৬৭ কোটিৰো অধিক ৰাজহ সংগ্ৰহ কামৰূপ মহানগৰ জিলা পৰিবহণ বিভাগৰ
২০২৫-২৬ বিত্তীয় বৰ্ষৰ প্ৰথম ৭মাহত কামৰূপ মহানগৰ জিলা পৰিবহণ বিষয়াৰ কাৰ্যালয়ে সৰ্বাধিক ৩৩৫,৬৭,১৯,৬০১ টকাৰ যান-বাহনৰ ৰাজহ সংগ্ৰহ কৰি পৰিবহণ বিভাগৰ ইতিহাসত নজিৰ সৃষ্টি কৰে ৷ কাৰ্যালয়টোৱে যোৱা ২০২৪-২৫ বিত্তীয় বৰ্ষত এই সময়চোৱাত সংগ্ৰহ কৰা ৰাজহৰ পৰিমাণ আছিল ২৮৩,০৪,৮৫,৭৪৯ টকা। ইয়াৰ বিপৰীতে কাৰ্যালয়টোৱে চলিত বিত্তীয় বৰ্ষৰ প্ৰথম ৭টা মাহত ৰাজ্যৰ ৰাজকোষলৈ পূৰ্বতকৈ ৫২,৬২,৩৩,৮৫২ টকাৰ অধিক ৰাজহৰ উল্লেখনীয় বৰঙণি আগবঢ়াবলৈ সক্ষম হৈছে। উল্লেখ্য যে,পৰিবহণৰ বিশেষ কতৰ্ব্যৰত বিষয়া তথা কামৰূপ মহানগৰ জিলাৰ অতিৰিক্ত দায়িত্ববাহী জিলা পৰিবহণ বিষয়া গৌতম দাসৰ তত্বাৱধানত কাৰ্যালয়টোৱে বিগত বৰ্ষসমূহত ৰাজহ সংগ্ৰহত সৃষ্টি কৰা অভিলেখ চলিত বৰ্ষতো বৰ্তমানলৈকে অব্যাহত থকাত বিষয়া-কৰ্মচাৰীসকল স্বাভাৱিকতেই উৎসাহিত হয়। পঞ্জীয়ন আৰু অনুজ্ঞাপত্ৰ কাৰ্যালয়, আঞ্চলিক পৰিবহণ কাৰ্যালয় আৰু প্ৰৱৰ্তক পৰিদৰ্শকৰ কাৰ্যালয়ৰ সমূহীয়া প্ৰচেষ্টাত এই অভিলেখ সংখ্যক ৰাজহ সংগ্ৰহ কৰিবলৈ সক্ষম হোৱা বুলি উল্লেখ কৰে পৰিবহণৰ উচ্চপদস্থ বিষয়াগৰাকীয়ে। উল্লেখ্য যে, বছৰটোৰ প্ৰতিমাহতে পৰিবহণ বিষয়াৰ কাৰ্যালয়ত বিশেষভাৱে জনসেৱা মাহৰ কৰ্মসূচী গ্ৰহণ কৰি সমাজৰ সৰ্বস্তৰৰ ৰাইজৰ যানবাহন বিষয়ক সমস্যাৰ তাৎক্ষণিকভাৱে সমাধান কৰি অহা হৈছে। ইফালে মহানগৰ জিলাখনৰ বিভিন্ন স্থানত “ৰাইজৰ সেৱা ৰাইজৰ পদূলিত” শীৰ্ষক কাৰ্যসূচী গ্ৰহণ কৰাৰ উপৰি সমজিলা সমূহতো পৰিবহণ বিভাগৰ সহায়কাৰী বিষয়াৰ দল উপস্থিত হৈ যানবাহন বিষয়ক বিভিন্ন সমস্যা সমাধান কৰি সুৰক্ষিত যাতায়াতৰ বাবে আহ্বান জনাই অহা হৈছে। নিয়মীয়াকৈ যানবাহনৰ কৰ আদায় নিদিলে বাহনৰ নথি-পত্ৰসমূহযে সঠিক হৈ নাথাকে সেই সন্দৰ্ভতো পৰিবহণ বিষয়া গৌতম দাসৰ তত্ত্বাৱধানত জনতাক সজাগ কৰি ৰখাৰ অবিৰত প্ৰচেষ্টা অব্যাহত আছে। ইয়াৰ বাবে সংবাদ মাধ্যমকো পৰিবহণ বিষয়া গৰাকীয়ে বিশেষভাৱে কৃতজ্ঞতা জ্ঞাপন কৰে। যোৱা দিন বিলাকত পৰিবহণ বিভাগে জনোৱা আহ্বানলৈ বাহনৰ গৰাকীসকলে আন্তৰিকতাৰে সহযোগিতা আগবঢ়োৱাৰ বাবেই আজি কামৰূপ মহানগৰ জিলা পৰিবহণ বিষয়াৰ কাৰ্যালয়ে বিত্তীয় বৰ্ষৰ প্ৰথম ৭মাহত ৰাজহ সংগ্ৰহৰ ক্ষেত্ৰত অভিলেখ সৃষ্টিৰ ধাৰা অব্যাহত ৰাখিবলৈ সক্ষম হোৱা বুলিও তেওঁ কয়। এই প্ৰসঙ্গতে তেওঁ সাম্প্ৰতিক সময়ত সকলোৰে বাবে প্ৰত্যাহ্বানস্বৰূপ হৈ পৰা পথ দুৰ্ঘটনা ৰোধৰ ক্ষেত্ৰত সকলোকে যানবাহন চালনাৰ নীতিনিয়ম মানি চলিবলৈ সবিনয়ে আহ্বান জনায় ৷