চাইবাৰ নিৰাপত্তা শীৰ্ষক সভা অনুষ্ঠিত

0 216

ৰাজ্যৰ অগ্ৰণী চৰকাৰী অনুষ্ঠান এ আৰ এম আৰু নেপচুনৰ যৌথ উদ্যোগত গুৱাহাটী বিশ্ববিদ্যালয়ৰ স্নাতকোত্তৰ ছাত্ৰ সন্থা ,গ্ৰেটাৰ শৰাইঘাট ৰাইনো,আচাম ষ্টাৰ্ট আপ আৰু স্কুল অৱ এ আই গুৱাহাটীৰ সহযোগত সোমবাৰে গুৱাহাটী বিশ্ববিদ্যালয়ৰ বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ প্ৰতিষ্ঠানৰ প্ৰেক্ষাগৃহত চাইবাৰ নিৰাপত্তা শীৰ্ষক এক সভা অনুষ্ঠিত হয়।এই উপলক্ষে এ আৰ এমৰ সভাপতি হনী কুমাৰ ঝাঝৰীৰ আদৰণি ভাষণৰে শুভাৰম্ভ হোৱা অনুষ্ঠানটোত আঁত ধৰে সম্পাদক পংকজ কুমাৰ দাসে।আনহাতে দিনৰ ১১বজাৰ পৰা বিয়লি ১বজালৈ অনুষ্ঠিত অনুষ্ঠানটোত বিশ্ববিদ্যালয়খনৰ ডেৰ শতাধিক ছাত্ৰ ছাত্ৰী উপস্থিত থাকে।ইয়াৰ উপৰিও অনুষ্ঠানৰ সমল ব্যক্তি হিচাপে অসম আৰক্ষীৰ অৱসৰপ্ৰাপ্ত বিষয়া অশ্বিনী কুমাৰ কলিতা,গুৱহাটী বিশ্ববিদ্যালয় ৰ বাণিজ্য বিভাগৰ অধ্যাপক ডক্টৰ প্ৰসন্ন মজুমদাৰ,কামৰুপ জিলা দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ প্ৰকল্প বিষয়া ডক্টৰ ৰাজীৱ দত্ত চৌধুৰী উপস্থিত থাকে।অৱসৰপ্ৰাপ্ত আৰক্ষী বিষয়া অশ্বিনী কুমাৰ কলিতাই পৰিবৰ্তিত পৰিস্থিতিত চাইবাৰ নিৰাপত্তা,চাইবাৰ অপৰাধ আদিৰ বাখ্যা দাঙি ধৰি এইবোৰৰ পৰা নিজৰ বেংক একাউন্ট কিদৰে সুৰক্ষিত কৰি ৰাখিব লাগে তাক আলোকপাত কৰে।অনুষ্ঠানৰ লগত সংগতি ৰাখি সমল ব্যক্তি আৰু উপস্থিত ছাত্ৰ ছাত্ৰীৰ মাজত এক মত বিনিময় কাৰ্য্যসূচী অনুষ্ঠিত হয় ।

Leave A Reply

Your email address will not be published.