দক্ষিণ কামৰূপৰ অসম মেঘালয় সীমান্তত অৱস্থিত জৈৱ বৈচিত্ৰ্যৰে পৰিপূৰ্ণ বিলখনৰ সেউজীয়া আবেশৰ মাজত বিগত বৰ্ষবোৰৰ দৰে এইবেলিও বাৰেৰহণীয়া কাৰ্যসূচীৰে ত্ৰয়োদশ বাৰ্ষিক চানডুবি উৎসৱ উদযাপনৰ প্ৰস্তুতি চলোৱাৰ ব্যাপক প্ৰস্তুতি চলাইছে উদযাপন সমিতিয়ে। ২০২৩ বৰ্ষৰ পহিলা জানুৱাৰীৰ পৰা পাঁচদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হ’বলগা উক্ত উৎসৱৰ আজি আনুষ্ঠানিকভাবে লাইখুঁটা স্থাপন কৰা হয় ৷ বৰদুৱাৰ ভোলাগাঁৱ আঞ্চলিক ৰাভা ছাত্ৰ সন্থা, আঞ্চলিক ষষ্ঠ অনুসূচী দাবী সমিতি, ৰাভা মহিলা পৰিষদকে ধৰি ৰাভা জাতীয় সংগঠনৰ নেতা কৰ্মী সকলৰ উপস্থিতিত উদযাপন সমিতিৰ সম্পাদক দীপজ্যোতি বাৰ্চুঙে আঁতধৰা অনুষ্ঠানটিত লাইখুঁটা স্থাপন কৰে ৰাভা হাছং স্বায়ত্ত্বশাসিত পৰিষদৰ চানডুবি সমষ্টিৰ পাৰিষদ নৃপেন চন্দ্ৰ ৰাভাই ৷ দাইখুটা স্থাপন কৰি ভাষণত ৰাভাই কয় যে – চানডুবি উৎসৱে প্ৰকৃতি সংৰক্ষণৰ হেতু এক ইতিবাচক সচেতনতা গঢ়ি তুলিবলৈ সক্ষম হৈছে। এইক্ষেত্ৰত চৰকাৰ কিম্বা সংশ্লিষ্ট কৰ্তৃপক্ষই যথোচিত ব্যৱস্থা গ্ৰহণ কৰিলে চানডুবিৰ জৈৱ বৈচিত্ৰ্যই এক স্বকীয় গতি লাভ কৰাৰ উপৰি স্বনিৰ্ভৰশীলতাৰো বাট মুকলি হ’ব বুলি আশা প্ৰকাশ কৰে পাৰিষদ ৰাভাই। উল্লেখ্য যে- প্ৰকৃতি প্ৰদত্ত মনোৰম বিলখনৰ অপূৰ্ব নান্দনিকতাৰ মাজত অসমীয়া জাতীয় জীৱনৰ স’তে সংপৃক্ত পৰম্পৰাগত থলুৱা লোকাচাৰ, প্ৰকৃতি সংৰক্ষণ আৰু বৰ্ণিল লোককৃষ্টিৰ সমাহাৰেৰে উৎসৱটি উদযাপন কৰা হ’ব ৷ বিশেষকৈ ইয়াৰ জৰিয়তে গণসচেতনতা বৃদ্ধি আৰু এক উল্লেখনীয় পৰ্যটনৰ ক্ষেত্ৰ হিচাপে গঢ়ি তোলাৰ লক্ষ্যৰে আয়োজন কৰা উৎসৱৰ লাইখুঁটা স্থাপনৰ মাংগলিক অনুষ্ঠানত দেৱজিত নাফা, অশোক নংবাগ, বিচিত্ৰ ৰাভা, জীৱন ৰাভাকে ধৰি আঞ্চলিক আৰছুৰ সভাপতি কমলেশ্বৰ ৰাভা তথা উৎসৱ উদযাপন সমিতিৰ সভাপতি সুভাষ চিনাল উপস্থিত আছিল ৷ আনহাতে, ৰাভা লোককৃষ্টি প্ৰদৰ্শনেৰে উপভোগ্য হৈ উঠে মাংগলিক অনুষ্ঠানটি৷
Trending
- স্বাস্থ্য আৰু পৰিয়াল কল্যাণ,জলসিঞ্চন মন্ত্ৰী অশোক সিংহলে আজি গোৱালপাৰা জিলা ভ্ৰমন কৰি কেইবাটাও কাৰ্যসূচীত অংশ গ্ৰহণ কৰে
- গুৱাহাটী মহানগৰীৰ বশিষ্ঠত নন্দ উৎসৱ উদযাপন
- MGM Healthcare Organises CME on Heart &Lung Transplant, and Mechanical Circulatory Support & ECMO
- যোৰাবাট উন্নয়ন সমিতিৰ স্বাধীনতা দিৱস উদযাপন
- পৰিবহণ বিষয়াৰ কাৰ্যালয়ত ব্যতিক্ৰমী স্বাধীনতা দিৱস উদযাপন
- On 79th Independence Day, NSE Chief Ashishkumar Chauhan Wishes the Nation Progress and Prosperity
- এন ই ফ’কাচ ডট কমৰ নৱম বৰ্ষপুৰ্তিৰ উদযাপন
- সামাজিক ন্যায় আৰু সবলীকৰণ বিভাগৰ মন্ত্ৰী পীযুষ হাজৰীকাৰ সদৌ অসম সূত্ৰধৰ ছাত্ৰ সন্থাৰ ৮২সংখ্যক কেন্দ্ৰীয় অধিৱেশনত অংশগ্ৰহণ
- সৰুসজাই ষ্টেডিয়ামত ১১হেজাৰ শিল্পীয়ে পৰিবেশন কৰিব বড়ো লোক নৃত্যানুষ্ঠান ‘বাগৰুম্বা দ’হৌ
- আই আই টি গুৱাহাটী আৰু বালিপাৰা ফাউণ্ডেচনৰ মাজত বুজাবুজি চুক্তি-পূৱ হিমালয়ৰ পৰিৱেশ সংৰক্ষণ, শক্তি আৰু জল সুৰক্ষাৰ বাবে নতুন উদ্ভাৱন নীতিত কাম কৰাৰ লক্ষ্য