চাবোন প্ৰস্তুত কৰি চৰ্চালৈ আহিছে নগালেণ্ডৰ উদ্যমী

0 236

প্ৰাকৃতিক উৎপাদনেৰে চাবোন প্ৰস্তুত কৰি চৰ্চালৈ আহিছে নগালেণ্ডৰ এগৰাকী যুৱতী। তেখেতে চাবোনৰ জৰিয়তে নগালেণ্ডৰ ষোল্লটা জনজাতিৰ সংস্কৃতি সমগ্ৰ বিশ্বতে প্ৰতিনিধিত্ব কৰিবলৈ সক্ষম হৈছে। 
 

তেখেতৰ নাম আকিতোলি চু। ঘৰ নগালেণ্ডৰ ডিমাপুৰত। সৰুৰে পৰা স্বাধীনচেতিয়া মনৰ আকিতোলিয়ে মাতৃৰ পৰা শুনি আহিছিল যে যুৱতী অথবা মহিলা সদায়ে আত্মনিৰ্ভৰশীল হ’ব লাগে। সেয়ে আকোতলিয়ে স্বাৱলম্বী হোৱাৰ বাবে প্ৰয়াস কৰিছিল। আমেৰিকাৰ পৰা খাদ্য বিজ্ঞান আৰু মানৱ স্বাস্থ্য সম্পৰ্কিত পাঠ্যক্ৰম অধ্যয়ন কৰি কিছু বছৰ চাকৰি কৰাৰ পিছত তেখেতে গৃহ চহৰ ডিমাপুৰত আহি এই ব্যৱসায় আৰম্ভ কৰে। তেখেতে প্ৰস্তুত কৰা প্ৰতিটো চাবোনেই প্ৰাকৃতিক উপাদানেৰে সমৃদ্ধ। আটাইতকৈ গুৰুত্বপূৰ্ণ কথা হ’ল এই যে প্ৰতিটো চাবোনৰ পেকেটত নগালেণ্ডৰ স্থানীয় চিত্ৰশিল্পীয়ে ষোলৰটা বিভিন্ন জনগোষ্ঠীৰ চিত্ৰ অংকন কৰিছে।
 
নিম, অলিভ অইল, নাৰিকল, বিভিন্ন তেলৰ উপাদান চাবোনত সন্নিৱিষ্ট আছে। ইয়াৰ উপৰিও চেম্পু, লিপবাম, পাৰফিউম, হেয়াৰ অইল, মাচাজ অইল আদি প্ৰস্তুত কৰাৰ পৰিকল্পনা আছে বুলি জানিব পৰা গৈছে। প্ৰতিটো চাবোনৰ মূল্য ১২০টকাৰ পৰা ১৫০টকা। ইতিমধ্যে এই প্ৰডাক্ট সমূহক ইউ এছ ডি এয়ে স্বীকৃতি দিছে। আকিতোলিৰ এই প্ৰচেষ্টাই সম্প্ৰতি চ’চিয়েল মিডিয়াত বেচ চৰ্চা লাভ কৰিছে।

Leave A Reply

Your email address will not be published.