ঘৰুৱা বিমান চলাচল ব্যৱস্থাই এমাহ সম্পূৰ্ণ কৰিলে

0 238

দেশত ক’ভিড-১৯’  সংক্ৰমণ ৰোধৰ বাবে আজিৰ পৰা আৰম্ভ হোৱা উই কেন লকডাউন তথা চতুৰ্থ পৰ্যায়ৰ শেষৰ সময়ছোৱাত ৰাজ্য সমূহত আবদ্ধ হৈ থকা লোকসকলৰ নিজ গৃহলৈ সেৱাৰ সুবিধাৰ বাবে যোৱা ২৫ মে’ পৰা ঘৰুৱা যাত্ৰীবাহী বিমান সেৱা আৰম্ভ কৰিছিল। যোৱা ২৫ জুনৰ মাজনিশা ঘৰুৱা বিমান সেৱাৰ এমাহ সম্পূৰ্ণ হোৱাৰ সময়লৈকে বহি: ৰাজ্যৰ পৰা গুৱাহাটীকে ধৰি অসম তথা উত্তৰ পূৱৰ বাৰটা বিমান বন্দৰৰ যোগেদি নিজ গৃহলৈ উভতি আহিছে ৯৫,৭৪৭ জন যাত্ৰী।
 
 
ঠিক সেইদৰে উত্তৰ পূৱৰ পৰা বিভিন্ন ৰাজ্যলৈ উভতি গৈছে ৫৯,৪৮৭ জন যাত্ৰী। ভাৰতীয় বিমান বন্দৰ প্ৰাধিকৰণৰ গুৱাহাটী বৰঝাৰস্থিত উত্তৰ পূৱ মণ্ডলৰ কেন্দ্ৰীয় কাৰ্যবাহী সঞ্চালকৰ কাৰ্যালয়ৰ সূত্ৰই সদৰি কৰা অনুসৰি গুৱাহাটীকে ধৰি উত্তৰ পূৱৰ বাৰটা বিমান বন্দৰলৈ আহিছে ১,০২৩ খন যাত্ৰীবাহী বিমান। য’ত যাত্ৰীৰ ৰূপত ৯৯৮ টা দুবছৰ তলৰ শিশুও আছে। তেনেদৰে উভতি গৈছে ৯৯৮ খন বিমান আৰু যাত্ৰীৰ ৰূপত আছিল ৩৯৬ টা দুবছৰ তলৰ শিশু।
 
আনহাতে বহি: ৰাজ্যৰ পৰা উভতি অহা যাত্ৰী প্ৰায় ৭৪ শতাংশ অৰ্থাৎ প্ৰায় ৭১ হাজাৰ জন যাত্ৰীয়ে আহিছিল গুৱাহাটীলৈ আৰু ইয়াৰ পৰা উভতি গৈছিল ৪৪ হাজাৰ যাত্ৰী। উত্তৰ পূৱৰ আন বিমান বন্দৰৰ দৰে গুৱাহাটীলৈ বিমানত অহা যোৱা কৰা যাত্ৰীৰ সংখ্যা বহুখিনি কমি গৈছে।
 
ইফালে ২৫ মে’ৰ পুৱতি নিশাৰে পৰা বৰঝাৰ বিমান বন্দৰত বহি: ৰাজ্যৰ পৰা অহা যাত্ৰীক স্বাস্থ্য পৰীক্ষা কৰা, কোৱাৰেণ্টাইন শিবিৰলৈ নিয়া, নিজ গৃহ জিলালৈ প্ৰেৰণ কৰাকে ধৰি বিভিন্ন সেৱা আগবঢ়োৱাৰ বাবে ৰাজ্য চৰকাৰৰ স্বাস্থ্য, পৰিবহন, কৰ, আবকাৰী, আৰক্ষী বিভাগকৰ উপৰিও অসম ৰাজ্যিক পৰিবহন নিগম (এ.এছ.টি.চি) কামৰূপ মহানগৰ জিলা প্ৰশাসনৰ ফালৰ পৰা নিৰৱচিন্নভাৱে সেৱা আগবঢ়ায় থকা হৈছে।
 
বিশেষকৈ অসম ৰাজ্যিক পৰিবহন বিভাগে নিজা ববীয়াকৈ ৩৫ খন বাছ আৰু পৰিবহন বিভাগে ট্ৰেভেলাৰ্ছ এচ’চিয়েশ্যন অসম আৰু এয়াৰপোৰ্ট টেক্সি এছ’চিয়েশ্যনৰ সহযোগত বহি: ৰাজ্যৰ পৰা অহা যাত্ৰীসকলক গন্তব্য স্থানলৈ যোৱাৰ সু-ব্যৱস্থা কৰি দিছে। ৰাজ্যৰ পৰিবহন মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীৰ নিৰ্দেশত পৰিবহন আয়ুক্ত আদিল খান, এ.এছ.টি.ছিৰ অধ্যক্ষ অশোক কুমাৰ ভট্টৰায়, পৰিচালন সঞ্চালক আনন্দ প্ৰকাশ তিৱাৰীয়ে বৰঝাৰ বিমান বন্দৰলৈ সময়ে সময়ে আহি যাত্ৰী পৰিবহন ব্যৱস্থাৰ বুজ লৈ আহিছে।
 
আনকি জিলা পৰিবহন বিষয়া গৌতম দাস আৰু বাপন কলিতা, এচ.টি.ছিৰ আস্থান অধীক্ষক বিকাশ পাচোৱানৰ নেতৃত্বত কৰ্মচাৰীসকলে সু-সমন্বয় সাধনৰে বিমান বন্দৰত স্থাপন কৰা নিয়ন্ত্ৰণ কক্ষৰ জৰিয়তে দৈনিক সহস্ৰাধিক যাত্ৰীক সেৱা আগবঢ়ায় আহিছে। বৰ্তমান কৰ’না ভাইৰাছ আতংক সমগ্ৰ দেশৰ লগতে ৰাজ্যত গ্ৰাস কৰি থকাৰ সময়ছোৱাতো বিমান বন্দৰত জিলা পৰিবহন স্বাস্থ্য, আৰক্ষীৰ লগতে বিভিন্ন বিভাগৰ বিষয়া তথা কৰ্মচাৰীসকলে এনেদৰে দিনে নিশাই সেৱা আগবঢ়ায় অহা কাৰ্যক ৰাইজে প্ৰশংসা কৰিছে ।

Leave A Reply

Your email address will not be published.