চিনেমা উদ্যোগৰ নৱ সংযোজন

1 305

অসমত দ্বিতীয়বাৰৰ বাবে অনুষ্ঠিত হ’ল আন্তৰাষ্ট্ৰীয় চলচিত্ৰ মহোৎসৱ ।শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰ অনুষ্ঠিত হোৱা এই মহোৎসৱখন কালি উদ্বোধন কৰে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে।মহোৎসৱখন উদ্বোধন কৰি মুখ্যমন্ত্ৰী গৰাকীয়ে কয় যে অচিৰেই চৰকাৰে চলচিত্ৰ নীতি ঘোষণা কৰিব।৫০ খন দেশৰ ১০০ খন চিনেমা মহোৎসৱখনত প্ৰদৰ্শিত হ’ব।এইবাৰৰ মহোৎসৱখনৰ থিম হ’ল এই পৃথিৱী এক পৰিয়াল।শুভাৰম্ভ অনুষ্ঠানত জ্যোতি চিত্ৰবনৰ অধ্যক্ষ পবিত্ৰ মাৰ্ঘেৰিটাই কয় যে চলচিত্ৰ মহোৎসৱৰ উদ্দেশ্য কেৱল চিনেমা দেখুওৱা নহয় ইয়াৰ লগত শিক্ষাৰ লগত জৰিত এটা দিশো সম্পৰ্কিত আছে।স্থানীয় শিল্পী সকলে অভিনয়ৰ লগতে বিদেশী চিনেমাৰ বিষয়ে আভাস পাব পাৰিব।চলচিত্ৰ মহোৎসৱলৈ বিভিন্ন ৰাজ্যৰ চলচিত্ৰপ্ৰেমী সকল আহিছে।গ্ৰাম্য অঞ্চলৰ কলেজৰ ছাত্ৰ ছাত্ৰীয়ে অংশগ্ৰহণ কৰাৰ কথা জানিবলৈ দিয়ে।উদ্বোধনী অনুষ্ঠানৰ লগত সংগতি ৰাখি ভগা খিৰিকীয়ে শীৰ্ষক চিনেমাখন প্ৰদৰ্শিত কৰে।অনুষ্ঠানত লিথুনিয়া, চাইবেৰিয়াৰ পৰা অহা এম্বেচাদৰে অংশ লয়।উল্লেখযোগ্য যে এই মহোৎসৱখন ৩১ অক্টোবৰত অন্ত পৰিব।

1 Comment
  1. Basant Kumar Sahu says

    असम वासियों के लिए गर्व की बात है ।

Leave A Reply

Your email address will not be published.