কেন্দ্রীয় সংৰক্ষিত আৰক্ষী বাহিনীৰ গুৱাহাটীৰ পশ্চিম প্ৰান্তৰ ৰাণীস্থিত ১৭৫ নং বেটেলিয়ানৰ চি আৰ পি এফ মুখ্য কাৰ্যালয়ৰ উদ্যোগত বাহিনীটোৰ জনহিতকৰ কাৰ্যসূচীৰ অংশ হিচাপে অলপতে ৰাণী উপৰদানী হাইস্কুলত এটা কম্পিউটাৰ,কম্পিউটাৰ টেবুল,চকী আৰু কম্পিউটাৰ লেব স্থাপন কৰিবৰ বাবে সা সামগ্রী প্ৰদান কৰে।অনুষ্ঠানত সামগ্রীখিনি প্ৰদান কৰি ১৭৫ চি আৰ পি এফৰ কমাণ্ডেণ্ট সুভাষ চন্দ্র শৰ্মাই ভাষণ প্ৰসঙ্গত কম্পিউটাৰৰ ব্যৱহাৰিক জ্ঞানেৰে ছাত্র ছাত্রীসকল উপকৃত হ’ব বুলি আশা ব্যক্ত কৰে।অনুষ্ঠানত উপৰদানী হাইস্কুল পৰিচালনা সমিতিৰ সভাপতি বলেন ৰাভা,হাইস্কুলৰ প্ৰধান শিক্ষয়িত্ৰী উত্তৰা ৰাভা,১৭৫ চি আৰ পি এফৰ চেকেণ্ড ইন কমাণ্ড সন্তুোষ কুমাৰ,ডেপুটী কমাণ্ডেণ্টদ্বয় মনোজ সিং আৰু আব্দুল ৰহিম,সহকাৰী কমাণ্ডেণ্ট নেহা যাদৱকে ধৰি বাহিনীটোৰ কেইবাগৰাকী বিষয়া,জোৱান আৰু হাইস্কুলৰ ছাত্র ছাত্রী,শিক্ষক শিক্ষয়িত্ৰী উপস্থিত থাকে।আনহাতে অনুষ্ঠানৰ লগত সংগতি ৰাখি ছাত্র ছাত্রীসকলে বিহু নৃত্য,আধুনিক নৃত্যকে ধৰি বাৰে ৰহণীয়া সাংস্কৃতিক কাৰ্যসূচী পৰিবেশন কৰে।
Trending
- গুৱাহাটীত পৰিষ্কাৰ-পৰিচ্ছন্নতা বৃদ্ধিৰ উদ্দেশ্যে টপচেম চিমেণ্টৰ বিশ্বকৰ্মা প্ৰতিমা বিসৰ্জন অভিযান
- এন ই ফ’কাচ ডট কমৰ দশম বৰ্ষপুৰ্তিৰ উদযাপন
- বি বৰুৱা কলেজ (স্বশাসিত)ৰ ৮৪সংখ্যক প্ৰতিষ্ঠা দিৱস উদযাপন
- মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা আৰু ক্ৰিকেটৰ তাৰকা সুনীল গাভাস্কাৰে মুকলি কৰিলে গুৱাহাটী আন্ত:ৰাষ্ট্ৰীয় মাৰাথন
- ড০ ভূপেন হাজৰিকাৰ জন্ম শতবাৰ্ষিকী অনুষ্ঠিত
- ঢকুৱাখনাত পাঞ্জাৱ নেচনেল বেংকৰ বিশেষ অনুষ্ঠান-দুৰ্ঘটনাত মৃতকৰ পৰিয়ালক ১ কোটি টকাৰ বীমাধনৰ চেক প্ৰদান
- চৰকাৰ আৰু হিতাধিকাৰীৰ মাজৰ অন্তিম পৰ্যায়ৰ ব্যৱধান দূৰ কৰাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব ‘অৰুণোদয় সাৰথিয়ে
- ভাৰতীয় বিমানবন্দৰ প্ৰাধিকৰণৰ বৰঝাৰস্থিত কাৰ্যালয়ত চাৰিখন ইলেকট্ৰিক বাহন মুকলি
- বিভিন্ন ধৰ্মৰ ধৰ্মগুৰুৰ প্ৰাৰ্থনা মন্ত্ৰোচ্চাৰণৰ মাজেৰে ৰাজগড়ত মুকলি ‘জুবিন ক্ষেত্ৰ
- লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তৰ্জাতিক বিমানবন্দৰত সুৰক্ষিত বিমান অৱতৰণৰ বাবে ৫৭০ মিটাৰ দৈৰ্ঘ্যৰ নতুন আলোক ব্যৱস্থা সংস্থাপন