চেইণ্ট থমাছ স্কুলৰ সফল শিক্ষাৰ্থীক অভিনন্দন

0 980

বিদ্যায়তনিক দিশৰ সমান্তৰাল ভাৱে  সাংস্কৃতিক, বৌদ্ধিক  দিশটো উৎকৃষ্ট মানৱ সম্পদ সৃষ্টিত বিগত ৯ বছৰ ধৰি  অগ্ৰণী ভূমিকা পালন কৰি আহিছে ঢকুৱাখনা চেইণ্ট থমাছ স্কুলে । প্ৰতিষ্ঠাকালীন ২০০৪ চনৰ শিক্ষা বর্ষৰ পৰাই সফল আৰু আদৰ্শনীয়  শৈক্ষিক যাত্ৰা অব্যাহত ৰখা ইংৰাজী মাধ্যমৰ এইখন অগ্ৰণী  বিদ্যালয়ৰ দশম শ্ৰেণীৰ পৰীক্ষাত ১০০ শতাংশ উত্তীৰ্ণৰ পৰম্পৰা চলিত শিক্ষা বৰ্ষটো অব্যাহত থাকে । শিক্ষানুষ্ঠানখনৰ পৰা চলিত বৰ্ষৰ দশম শ্ৰেণীৰ চূড়ান্ত পৰীক্ষাত মুঠ ৪৬ গৰাকী শিক্ষাৰ্থী অৱতীৰ্ণ হৈ সকলো পৰীক্ষাৰ্থী কৃতিত্ব সহকাৰে উত্তীৰ্ণ হয়। বিদ্যালয়খনৰ মুঠ ১১ গৰাকী শিক্ষাৰ্থীয়ে দৃষ্টিংচন নম্বৰ লাভ কৰাৰ উপৰিও ২২ গৰাকী শিক্ষাৰ্থীয়ে প্ৰথম আৰু ৭ গৰাকী শিক্ষাৰ্থীয়ে দ্বিতীয় বিভাগত উত্তীৰ্ণ হৈ বিদ্যালয়খনলৈ ধাৰাবাহিক গৌৰৱৰ গৰিমা কঢ়িয়াই আনিছে।ইয়াৰোপৰি বিদ্যালয়খনৰ মেধাবী কৃতিমান ছাত্ৰী ভাস্বতী ছত্ৰধৰাই অসমীয়া বিষয়ত সৰ্বোচ্চ ১০০ নম্বৰ লাভ কৰি বিৰল কৃতিত্বৰে শিক্ষানুষ্ঠানখনলৈ গৌৰৱৰ মেটমৰা সম্ভাৰ কঢ়িয়াই আনিছে। ঢকুৱাখনা নগৰ নিবাসী অচ্যুত ছত্ৰধৰা আৰু পুষ্প জ্যোতি বৰগোহাঁইৰ কন্যা এইগৰাকী মেধাবী ছাত্ৰীয়ে সৰ্বমুঠ ৯৬’২ শতাংশ নম্বৰ লাভ কৰাৰ উপৰিও ৯০ শতাংশৰ বেছি নম্বৰ লাভ কৰিবলৈ সক্ষম হৈছে বিদ্যালয়খনৰ ৫ গৰাকী শিক্ষাৰ্থীয়ে। প্ৰতিষ্ঠাকালীন সময়ৰে পৰা ১০০ শতাংশ  উত্তীৰ্নৰ হাৰৰ ধাৰাবাহিকতা অক্ষুন্ন ৰখা এই ইংৰাজী মাধ্যমৰ বিদ্যালয়খনৰ চলিত বৰ্ষৰ উত্তীৰ্ণ হোৱা কৃতিমান শিক্ষাৰ্থী সকলে কঢ়িয়াই অনা এনে শৈক্ষিক গৌৰৱৰ  বাবে বিদ্যালয়ৰ অধ্যক্ষ চেবি এম বেবী ,বিদ্যালয়ৰ সমূহ শিক্ষক কৰ্মচাৰী আৰু বিদ্যালয় পৰিয়ালে বৃহস্পতিবাৰে কৃতিমান সকলক আন্তৰিক অভিনন্দন জনাই অনাগত বিদ্যায়তনিক ভৱিষ্যত অধিক সমুজ্জ্বল হোৱাৰ আশীৰ্বাদ দিয়ে।  উল্লেখ্য যে চি বি এছ ই পাঠ্যক্ৰমৰ ৰ অধীনৰ এইখন শিক্ষানুষ্ঠানৰ এনে সফল শৈক্ষিক যাত্ৰাক বিদ্যালয়খনৰ অভিভাৱক সকলেও  কৃতিমান ছাত্ৰ ছাত্ৰী,অধ্যক্ষ আৰু শিক্ষাগুৰু সকলকো কৃতজ্ঞচিত্তে অভিনন্দন জনাইছে।
বাতৰি যুগুতালে অমৃত পৱন বৰাই।

Leave A Reply

Your email address will not be published.