চৰাইদেউৰ আছুৰ প্ৰশংসনীয় পদক্ষেপ

0 280

মহামাৰী ক’ৰণা ভাইৰাছৰ সংক্ৰমণৰ পৰিপ্ৰেক্ষিতত সমগ্ৰ দেশতে লক ডাউন অব্যাহত থকাত বহু লোকৰ ঘৰত এতিয়া খাদ্যৰ নাটনিৰ দৰে সমস্যাই দেখা দিছে। যাৰ ফলত বহুলোকে অনাহাৰে থকাৰ খবৰো প্ৰকাশ পাইছে। এই খাদ্য সংকটৰ পৰা কিছু সকাহ দিয়াৰ উদ্দেশ্যে চৰাইদেউ মহকুমা ছাত্ৰ সন্থাই চৰাইদেউ জিলাত গ্ৰহণ কৰিছে এক প্ৰশংসনীয় পদক্ষেপ।
 
 
চৰাইদেউ যুৱ সমাজৰ সহযোগত চৰাইদেউ মহকুমা ছাত্ৰ সন্থাই জিলাখনৰ পাঁচ সহস্ৰাধিক লোকক কিছু সহায় কৰিবলৈ ইতিমধ্যে অত্যাৱশ্যকীয় সামগ্ৰী যোগান ধৰিছে। যোৱা ৬ এপ্ৰিলৰ পৰা অব্যাহত ৰখা এই কাৰ্যৰ অংশ স্বৰূপে আজি জিলাখনৰ সোণাৰি আৰু মাহমৰা দুয়োটা বিধানসভা সমষ্টিতে সামগ্ৰী বিতৰণ কৰা হয়। সদৌ অসম ছাত্ৰ সন্থাৰ উপ সভাপতি মানিক গগৈৰ নেতৃত্বত চৰাইদেউ মহকুমা ছাত্ৰ সন্থাই চৰাইদেউ যুৱ সমাজৰ সহযোগত যোগান ধৰে অত্যাৱশ্যকীয় সামগ্ৰীৰ।
 
আজি সাপেখাতি, নাফুক, চফ্ৰাই, বৰাহী, মাহমৰা বৰবিল, এৰাবাৰী, কোঁৱৰ গাওঁ, বালিজান, জাপিধৰা, জজলী, মৰাণহাবি আদি অঞ্চলত সামগ্ৰী বিতৰণ কৰে। আনহাতে এই কাৰ্য অহা ১২ এপ্ৰিললৈকে অব্যাহত থাকিব বুলি জানিবলৈ দিছে সদৌ অসম ছাত্ৰ সন্থাৰ উপ সভাপতি মানিক গগৈয়ে। মন কৰিবলগীয়া যে লক ডাউনৰ পৰিপ্ৰেক্ষিতত ঘৰতে আৱদ্ধ হৈ থাকিবলগীয়া হোৱাত বহুলোকে অত্যাৱশ্যকীয় সামগ্ৰী ক্ৰয় কৰিবলৈ সক্ষম নোহোৱাত যথেষ্ট অসুবিধাৰ সন্মুখীন হোৱা সময়তে চৰাইদেউ মহকুমা ছাত্ৰ সন্থাই গ্ৰহণ কৰা এই কাৰ্যক প্ৰশংসা কৰিছে সচেতন মহলে।
 
উল্লেখযোগ্য যে আজি শাসনাধিষ্ঠ বিজেপি দলৰ এগৰাকী নেত্ৰী তথা সোণাৰি পঞ্চায়তৰ আঞ্চলিক সদস্যা মিনা চাহুৱেও চৰাইদেউ মহকুমা ছাত্ৰ সন্থা তথা চৰাইদেউ যুৱ সমাজৰ পৰা সাহাৰ্য সামগ্ৰী সংগ্ৰহ কৰি নিজৰ অঞ্চলত বিতৰণ কৰা পৰিলক্ষিত হয়।
ইফালে সোণাৰি মিৰিপথাৰ গাঁওৰ চৰকাৰী কৰ্মচাৰী ,ব্যৱসায়ী আৰু খেতিয়ক সকলৰ যৌথ প্ৰচেষ্টাত আজি গাঁও খনৰ ১১০ ঘৰ পৰিয়ালৰ মাজত মিঠাতেল, ডাইল, পিয়াঁজ ,আলু,নিমখ, চাবোন,কেঁচা শাক-পাচলিৰ টোপোলা বিতৰণ কৰা হয় । এই সময়ত প্ৰতিজন মানুহেই সমস্যাত পৰিব লগা হৈছে তথাপিও কিঞ্চিত সহায় কৰা মানসেৰে এই কাৰ্যসূচীৰ জৰিয়তে এই ১১০ ঘৰ মানুহৰ ঘৰত আজিৰ দিনটোত এদিনৰ বাবে হলেও হাঁহি বিৰিঙাই তুলিলে মিৰিপথাৰ গাঁৱৰ হৃদয়বান চৰকাৰী কৰ্মচাৰী, ব্যৱসায়ী তথা খেতিয়ক সকলে।
 
 
আনহাতে ভজো বাঁহবড়ীয়াৰ কেইগৰাকীমান শিক্ষক দুলেশ্বৰ হাজৰিকা, ৰঞ্জন শইকীয়া, ৰঞ্জিত চুতীয়া, লোচন গগৈ, অচ্যুত চেতিয়া, মুখেশ্বৰ চুতীয়া, মৃগেন ৰাজখোৱাই একত্ৰিত হৈ অঞ্চলটোৰ সত্তৰটা খাটিখোৱা পৰিয়াললৈ সাহাৰ্য আগবঢ়াই মহানুভৱতাৰ নিদৰ্শন দেখুৱালে। ইফালে সোণাৰিৰ নাফুকস্থিত আঞ্চলিক বন বিষয়া কাৰ্যালয়ৰ তৰফৰপৰা লংপতীয়াতো সাহাৰ্য সামগ্ৰী বিতৰণ কৰা হয়।
 
খবৰ যুগুতালে সোণাৰিৰ পৰা অভিজিত ভূঞাই..

Leave A Reply

Your email address will not be published.